ৰেডিচন ব্লুৰ ভিতৰৰ খৱৰ

693

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


মহাৰাষ্ট্ৰৰ বিশেষ অতিথিসকল এসপ্তাহৰো অধিক সময় থাকি গুছি গ’ল।  এই গোটেই সপ্তাহটো মিডিয়াত গুৱাহাটীৰে আলোচনা চলিছে। প্ৰলয়ংকাৰী বানৰ খৱৰ এসপ্তাহটো নোপোৱা ৰাষ্ট্ৰীয় মিডিয়াই বিধায়ক অহা খৱৰ এক মিনিটতে পাই গ’ল। বিশেষ সুত্রৰ মতে হেনো মামাই দিল্লীত বানপানীৰ পেকেজ বিচাৰি হাবাথুৰি খাইছিল। দিল্লীৰ মন্ত্রীসকলে গমেই নাপায় যে অসমত বানপানী হৈছে। উপায় নাপাই মামাই খেলি দিলে খেলা। মাৰাঠী বিধায়কৰ সকলো দায়িত্ব নিজৰ মুৰৰ ওপৰত ল’লে। মামাৰ বুদ্ধিয়ে কাম দিলে। লগে লগে আহিল ৰাষ্ট্ৰীয় মিডিয়া। বিৰোধীয়ে কৰিলে প্ৰতিবাদ। মোদী- শ্বাহে গম পালে যে সচাকে অসমত বান হৈছে। ৫ কৌটি খৰছ কৰি এতিয়া মামাই পাব ১০০০ কৌটিৰ পেকেজ। অসমীয়া গুজৰাটীতকৈ কোনো গুণে কম নহয়! মাৰাঠী অতিথি বিলাকৰ কিছু খৱৰ আমি ৰেডিচনত কাম কৰা মানুহৰ পৰা পাইছোঃ

১) মামাই হেনো অসমীয়া খাদ্য প্ৰমোট কৰিবলৈ ব্ৰেকফাষ্টত পিঠা-লাৰু দিছিল। পিছে এদিন পিছতে মেনু সলনি কৰিব লগা হ’ল। এজন বিধায়কৰ তিল পিঠা বিৰাট ভাল লাগিল আৰু ১০ খন মান খাই দিলে। পিছত কি হ’ল সেয়া নক’লেও হ’ব।

২) বিনোদনৰ কাৰণে বিধায়ক সকলক অসমৰ কেবল মাত্র এগৰাকী অভিনেত্রীৰ চিনেমা, গাণ আৰু চিদি দেখুওৱা হ’ল। বিধায়ক সকলে উৰাজাহাজত উঠোতে হেনো ‘চল গোড়ী ‘ গাণটো গাই আছিল।

৩) মাৰাঠী বিধায়ক সকলৰ অসমীয়া বিধায়কৰ হিন্দী বুজাত অসুবিধা হৈছিল। সেইবাবে বাৰে বাৰে সিংঘল ডাঙৰীয়াক মতা হৈছিল।

৪) বিগ বছৰ প্ৰযোজকে ৰেডিচনত কেমেৰা লগোৱাৰ অনুমৰি বিচাৰিছিল। তেওঁৰ মতে এয়া টেলিকাস্ট হ’লে টি.আৰ.পিৰ সকলো অভিলেখ ভাংগ হ’ব।

৫) সকলো বিধায়কে উদ্ধবক ৰাতিপুৱা এবাৰ মিছ কল দিছিল কিন্তু তেওঁ ওলোটাকৈ কৰিলে ফোনটো ৰিচিভ নকৰে। ইয়াৰ ফলত উদ্ধবৰ বি.পি বৃদ্ধি পাইছিল বুলি জনা গৈছে।