তবলিগী জামাতক নিষিদ্ধ কৰিব লাগে: চৈয়দ মোমিনুল আৱাল

1675

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত বিজেপি নেতা চৈয়দ মোমিনুল আৱাল

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতীম লহকৰে

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ৰাজনীতি অসম: যোৱা চাৰিটা বছৰত অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ সফলতা কি ?
মোমিনুল আৱাল:  নিজৰ ৰাজ্যখনৰ উন্নয়ণৰ দিশটোক চৰকাৰ খনে যিখিনি গুৰুত্ব প্ৰদান কৰি আছে সেইয়া ৰাইজে দেখিছে । ৰাইজে দিয়া দায়িত্ব চৰকাৰ খনে অতি নিয়াৰিকৈ পালন কৰিবলৈ সমৰ্থ্য হৈছে আৰু যত্নত অকণো ক্ৰুতি কৰা নাই । কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল চৰকৰক খন ৰাইজে নিজৰ চৰকাৰ বুলি বিশ্বাসত লৈছে আৰু আশীৰ্বাদ দিছে । বহু সময়ত চৰকাৰে অভিভাবকত্বৰ দায়িত্বও পালন কৰি আছে । লকডাউনৰ সময়ছোৱাত ৰাইজৰ পদুলীত দৰৱ লৈও থিয় হৈছে । ৰাইজে চৰকাৰক নিজৰ অভাব অভিযোগ একেটা পৰিয়ালৰ সদস্যৰ দৰে কৈছে আৰু চৰকাৰেও কথা বিলাক সমাধান কৰিবলৈ চেষ্টাৰ ক্ৰুতি কৰা নাই ।
ৰাজনীতি অসম: অসম চৰকাৰৰ  বিফলতা কি বুলি ভাবে ?
মোমিনুল আৱাল:  বিফলতা বুলি মই ক’ব নোখোজো । আমাৰ চৰকাৰ খনে যথেষ্ট খিনি কাম কৰিছে আৰু বহু কাম কৰিবলৈ বাকী আছে ।  অসমবাসী ৰাইজৰ আশীৰ্বাদত  আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগীতা  এটা টাৰ্মতে ৰেকৰ্ড সংখ্যক কাম কৰিবলৈ সমৰ্থ্য হৈছে । অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনে ক্ষতিগ্ৰস্ত কৰা জনগোষ্ঠী সমুহৰ সাংবিধানিক সুৰক্ষা প্ৰদান কৰা  বিশেষ কামটো কৰিবলৈ এতিয়াও বাকী আছে । এই কামটো উচিত সময়ত সমাধান হ’লে এটা ঐতিহাসিক ক্ষণ হিচাপে গণ্য কৰা হ’ব ।
ৰাজনীতি অসম: আপোনাৰ বিভাগৰ তিনিটা প্ৰধান লক্ষ্য কি ?
মোমিনুল আৱাল:  সংখ্যালঘু মানুহৰ শিক্ষা , স্বাস্থ্য আৰু যোগাযোগ __ এই তিনিটা বিষয়ত উন্নয়ন সাধন কৰাটো সংখ্যালঘু উন্নয়ন বোৰ্ডৰ লক্ষ্য । দৈহিক আৰু মানসিক স্বাস্থ্য উন্নত হ’ব লাগিব । প্ৰকৃত শিক্ষা দিব লাগিব । নিজৰ অসমীয়া সংস্কৃতিৰ বিষয়ে জানিব লাগিব, যি শিক্ষাই সমাজৰ আন সম্প্ৰদায়ৰ মাজত একেলগে বাস কৰিবলৈ শিকায় ।গুণগত শিক্ষাৰে আত্মনিয়োগৰ সুবিধা সৃষ্টি কৰাত আমাৰ সংখ্যালঘু উন্নয়ন বোৰ্ডে কাম কৰি আছে ।
ৰাজনীতি অসম: আপুনি বিজেপি দলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত  একলেগে যোগদান কৰিছিল । আপুনি এসময়ত সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ দায়িত্বতো আছিল । এতিয়া প্ৰশ্ন এটা আহে  অসম চুক্তি চাক্ষৰ হোৱাৰ আজি প্ৰায় চল্লিছ বছৰ হ’ল ।  ৬ নং দঁফা কাৰ্য্যকৰীকৰণ প্ৰক্ৰিয়াটো সমাধান হ’ব বুলি ভাবেনে  ?
মোমিনুল আৱাল:  স্কুলত থকা দিনৰে পৰা আছুৰ লগত জড়িত হৈছিলো । গোলাঘাট জিলা সমিতিত দায়িত্ব লৈছিলোঁ । আছুত থকা শেষ সময়ছোৱাত কেন্দ্ৰীয় সমিতিত শিক্ষা আৰু সাংস্কৃতিক সম্পাদকৰ দায়িত্বত আছিলোঁ , যিখন সমিতিত সৰ্ৱানন্দ সোণোৱাল দেৱ সভাপতি আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য সম্পাদক আছিল । অসম চুক্তিৰে যদিও অসম আন্দোলনৰ সমাপ্তি ঘটিছিল , কিন্তু অসম চুক্তিয়ে বিদেশী সমস্যা সমাধান কৰাটো দুৰৰ কথা , চুক্তিখনৰ দ্বাৰা বিদেশীৰ বোজাহে ল’ব লগা হ’ল । পৰামৰ্শ কমিটিয়ে  নিজৰ প্ৰতিবেদন দাখিল কৰিছে  আৰু প্ৰতিবেদনৰ ভিত্তিত অতি সোনকালেই বিষয়টো সমাধা হ’ব বুলি বিশ্বাস ।
ৰাজনীতি অসম: ১৯৫১ চনক ভিত্তি কৰি খিলঞ্জীয়া নিৰ্ধাৰণ প্ৰক্ৰিয়াই প্ৰকৃত খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিব বুলি ভাবে নে ?
মোমিনুল আৱাল: খিলঞ্জীয়া , অসমীয়া এই শব্দ বিলাকত লাগি থাকিলে সুৰক্ষাৰ পথ শুন্য । মুল কথাটো হ’ল চন তাৰিখৰ ওপৰত ভিত্তি কৰি খিলঞ্জীয়া বা অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ অবাস্তৱ । চন তাৰিখৰ ওপৰত ভিত্তি কৰি খিলঞ্জীয়া নিৰ্ধাৰণ হ’ব লাগে বুলি ভবা জনে কিদৰে মানি ল’ব যে  ৰাভা,বড়ো , আহোম , মিছিং , কাৰ্বি ব্যক্তি এজনে ৫১’ চনৰ কাগজ বিচাৰি ঘুৰি ফুৰিব লাগিব । শব্দৰ মায়াজালত থাকি যদি সাংবিধানিক ৰক্ষা কবচৰ চিন্তা কৰা যায় তেন্তে বাংলাদেশীৰ ৰক্ষকৰ এটা মাত্ৰ কোৰ্ট কেচে প্ৰক্ৰিয়াটো বন্ধ কৰি পেলাব । পিছত ন্যায়ালয়লৈ অহা যোৱা কৰি থাকোতেই যাব । আমি এখন তালিকা দিছো পৰামৰ্শ সমিতিক , তাত আহোম মৰাণ মটক , বড়ো, ৰাভা, কোঁচ, কলিতা গড়িয়া, মৰিয়া, দেশীৰ লগতে আন সকলো খিলঞ্জীয়া জনগোষ্ঠীক সামৰি  ৰক্ষাকবচ প্ৰদান কৰা হওঁক । বিধানসভাৰ পৰা আৰম্ভ কৰি পঞ্চায়ত, নিকায় সকলো পৰ্য্যায়তে আসন জনগোষ্ঠী সমুহৰ কাৰণে সংৰক্ষণ কৰা হওঁক ।
ৰাজনীতি অসম: খিলঞ্জীয়া মুছলামনৰ জনগণনাৰ বিষয়টো কেতিয়া লৈকে সমাধা হ’ব ?
মোমিনুল আৱাল: বেচৰকাৰী পৰ্য্যায়ত সংখ্যাটোৰ এটা ধাৰণা সকলোৰে আছে । কিন্তু চৰকাৰী ভাবে জনগণনাটো অতি জৰুৰী ।কৰ’না মহামাৰীৰ কাৰনে বিষয়টো পিছুৱাই গ’ল । বৰ্তমানৰ মহামাৰীৰ দুৰ্য্যোগটো শেষ হোৱাৰ পিছতহে উচিত সময়ত ব্যৱস্থা ল’ব পৰা হ’ব ।
ৰাজনীতি অসম: অসমীয়া ভাষীক জাতীয়তাবাদৰ ভিত্তিত বহু আন্দোলন অসমে দেখিলে । আন্দোলনে সমস্যা সমাধানতকৈ নতুন নতুন সমস্যাৰহে সৃষ্টি কৰি আছে । কিন্তু অতি কম সময়ৰ ভিতৰত জনজাতীয় সংগঠন বিলাকৰ আন্দোলনে কিন্তু সমাধানৰ পথ সৃষ্টি কৰে । ইয়াৰ কাৰণ কি ?
মোমিনুল আৱাল: অসমীয়া ভাষিক জাতীয়তাবাদৰ নেতৃত্ব লোৱা সংগঠনৰ নেতা বিলাকৰ হাতীৰ দৰে দুটা দাঁত থাকে , এটা খোৱা দাঁত আৰু এটা দেখুওৱা দাঁত । বহু সময়ত আন্দোলনৰ বিষয়বস্তুটোৰ ওপৰতো জ্ঞানৰ অভাব দেখা যায় । কিন্তু  আমি দেখি থকা জনজাতীয় সংগঠনৰ নেতা সকল এই ক্ষেত্ৰত নিমিলে ।
ৰাজনীতি অসম: কৰ’নাই গোটেই দেশৰ লগতে অসমটো ব্যাপক ক্ষতিসাধন কৰিছে । এই কৰ’না বিয়পি পৰাৰ ক্ষেত্ৰত নিজামুদ্দিন মাৰ্কাজত হোৱা তবলিগী জামাতৰ কাৰ্য্য পদ্ধতি ব্যাপক চৰ্চালৈ আহিছে । জামাতৰ মুৰব্বী মৌলানা শ্বাদ বোলা ব্যক্তি জনে আত্মগোপন কৰিলে । আপোনাৰ প্ৰতিক্ৰিয়া কি আৰু সমাধান সুত্ৰ কি হ’ব পাৰে আপোনাৰ মতে ?
মোমিনুল আৱাল: যোৱা কিছুদিন আগত চ’চিয়েল মিডিয়াত মই কৈছিলোঁ যে তবলিগী জামাতক নিষিদ্ধ কৰিব লাগে । লগে লগে ইছলাম ধৰ্মৰ বিভিন্ন পন্থাৰ বিভিন্নজন ধৰ্ম গুৰুৱে মোক ফোন কৰিলে ।মই তেওঁলোকক কৈছোঁ ইছলামৰ নীতিয়ে তবলিগী জামাতৰ বিষয়ে কি ধাৰণা দিয়ে সেই বিষয়ে ইছলামৰ ধৰ্মগুৰু সকলে আলোচনা কৰক ।  তবলিগী জামাত বিভিন্ন দেশত নিষিদ্ধ কৰা আছে । ছৌদি আৰৱটো এইটো নাই ।
ৰাজনীতি অসম: ২০২১ ত বিধান সভা নিৰ্বাচন । আগন্তুক নিৰ্বাচনত বিজেপি দলে কিমান খন আসন পাব বুলি ভাবে ?
মোমিনুল আৱাল: নিৰ্বাচনৰ কথা এতিয়া মনলৈ অহা নাই । এতিয়া কেনেদৰে কৰ’নাক পৰাস্ত কৰিব পৰা যাব বা ল’কডাউন খোলাৰ পিছত মানুহক কেনেদৰে সকাহ দিব পৰা যাব সেইটোকহে অধিক গুৰুত্ব প্ৰদান কৰি থকা হৈছে । কৰ’নাৰ কাৰণে বিটিচি নিৰ্বাচন পিছুৱাই গ’ল ।  যিহেতু গণতন্ত্ৰত নিৰ্বাচন আহিবই , সেয়ে নিৰ্বাচনৰ সময়ত আমাৰ শক্তি অনুযায়ী নিৰ্বাচনত অংশ ল’ম