- পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ
মৃত্যু শিল্প নহয় , মৃত্যু সদায় বেদনাদায়ক । ১৯৯৪ চনত ষ্টিভেন স্পিলৱাৰ্গৰ জুৰাচিক পাৰ্ক চিনেমা চাবলৈ হাতত পইছা নথকা যুবক জনে ২১ বছৰ পিছত একেজন যুবকে অভিনয় কৰিলে একে প্ৰযোজকৰ ছবি ‘জুৰাচিক ৱাৰ্লড ‘ ত । নেচ’নেল স্কুল অৱ ড্ৰামাৰ পৰা গৈ মুম্বাুই মায়ানগৰীত নিজৰ পৰিচয় সৃষ্টি কৰা এই যুবক জনেই আছিল ইৰফান খান । আধা দৰ্জন হিৰো যি সময়ত অমিতাভ বচ্চনৰ ষ্টাইলক অনুসৰণ কৰি বলিউদত খোপনি পুতিছিল , সেই বলিউদত এটা স্বকীয় শৈলীৰে নিজকে প্ৰতিষ্ঠা কৰিছিল । ফুল ফুলিলে গোন্ধ ওলাবই , ইৰাফানে আমন্ত্ৰণ পালে হলিউদলৈ । হলিউদটো নিজৰ ষ্টাইলেৰে সকলোকে অভিনয়ৰ নতুন সোৱাদ দিলে । ২৩ বছৰ অনুৰ্ধ ৰাজস্থান ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা ইৰাফান খানে ক্ৰিকেট বাদ দিলে যেতিয়া ৬০০ টকাৰ যোগাৰ কৰিব নোৱাৰা বাবে জয়পুৰৰ পৰা আজমিলৈ চি কে নাইডু ট্ৰফি খেলিবলৈ যাব নোৱাৰিলে । তেতিয়াই হয়টো ভাৰতে হেৰুৱাইছিল এজন অলৰাউণ্ডাৰ ।