‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ
মহাৰাষ্ট্ৰত বিজেপি-শিৱসেনা মিলি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ৰাইজে প্ৰচণ্ড জনসমৰ্থন আগবঢ়াইছিল। কিন্তু মুখ্যমন্ত্রীত্বৰ আশাত বন্দী শিৱসেনাই নিৰ্বাচনৰ পিছত কংগ্ৰেছ- এন.চি.পিৰ লগ লাগি চৰকাৰ গঠন কৰিলে। মহাৰাষ্ট্ৰৰ পৰা শিক্ষা লৈ বিজেপিয়ে অনাগত দিনত নিৰ্বাচনী মিত্রতাক লৈ খুব সচেতন হৈছে। বিহাৰত বাধ্যত পৰি নিতীশ কুমাৰক সমৰ্থন কৰিছে যদিও অসমক লৈ বিজেপি নেতৃত্বই খুব সাবধানেৰে খোজ পেলাইছে। অগপ-বিপিএফেও যে সুবিধা বুজি কংগ্ৰেছৰ লগ লাগিব পাৰে সেয়া কেন্দ্ৰীয় নেতৃত্বই বুজি উঠিছে। সেয়েহে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অকলেই ৭৫খন আসন দখল কৰাৰ ৰণ নীতি প্ৰস্তুত কৰি উলিয়াইছে। বড়োভুমিত বিজেপিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰি বিপিএফক গুৰুত্বহীন কৰি পেলাব বিচাৰিছে। ২০২১ত বড়োভুমিৰ ১২খন আসনতে নিৰ্বাচন খেলাৰ মন বনাইছে বিজেপিয়ে। আগন্তুক বিধানসভা নিৰ্বাচনত জয়ী হ’ব পৰা ১৪ খন আসন অগপক এৰি দি বাকী অাসনবোৰত নিজে প্ৰতিদ্বন্দ্বিতা কৰি একক সংখ্যাগৰিষ্ঠতা লাভৰ মাষ্টাৰ প্লেন বিজেপিৰ। অৱশ্যে সংখ্যালঘু অধ্যুসিত বিজেপিয়ে জয়ী হ’ব নোৱাৰা ১০-১৫ খন আসন অগপক এৰি দিয়াত আপত্তি নাই । ৰাভা , তিৱা আৰু গণশক্তিক আসন এৰি দিলেও বিজেপিয়ে তেওঁলোকক পদুমৰ চিনত নিৰ্বাচন খেলিবলৈ বাধ্য কৰিব। অগপক এৰি দিবলগীয়া ১৪খন আসন বাদ দি আন ১০২ খন আসনক বিজেপিয়ে ভাগ ভাগ কৰিছে এনেধৰণেঃ
সেউজীয়া (জয়ী হোৱাৰ ১০০% সম্ভাবনা) : ৬০ খন আসন
হালধীয়া ( জয়ী হোৱাৰ ৫০% সম্ভাবনা): ২৭খন আসন
ৰঙা ( জয়ী হোৱাৰ কোনো সম্ভাবনা নাই): ২৫ খন আসন
বিজেপিৰ নিজা সমীক্ষাত জয়ী হোৱাৰ কোনো সম্ভাবনা নথকা আসন সমূহ হ’ল কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, হাইলাকান্দি, আলগাপুৰ, দক্ষিণ শালমাৰা, মানকাচাৰ, ধুবুৰী, গৌৰীপুৰ, পশ্চিম বিলাসীপাৰা, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূৱ, গোৱালপাৰা পূৱ, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, জনিয়া , বাঘবৰ, সৰুক্ষেত্রী, চেঙা, বকো, দলগাঁৱ, লাহৰিঘাট, ধিং, ৰূপহীহাট, চামুগুৰি আৰু জমুনামুখ।
আনহাতে ১০০% বিজয়ৰ সম্ভাবনা থকা সমষ্টিকেইটা হ’ল ৰাতাবাৰী, শিলচৰ, ধলাই, উদৰবন্দ, লক্ষীপুৰ, কাটিগৰা, হাফলং, বোকাজান, হাওৰাঘাট, ডিফু, বৈথালাছ, দুধনৈ, জালুকবাৰী, দিছপুৰ, পূৱ গুৱাহাটী, হাজো, ৰঙিয়া , তামুলপুৰ, নলবাৰী, ধৰ্মপুৰ, পানেৰী, কলাইগাঁৱ, চিপাঝাৰ, মাজবাট, ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, জাগীৰোড, মৰিগাঁৱ, হোজাই, লামডিং , গোলাঘাট, খুমটাই, যোৰহাট, মাজুলি, মৰিয়ণি, মাহমৰা, সোনাৰি, শিৱসাগৰ, বিহপুৰীয়া, লক্ষীমপুৰ, ঢকুৱাখানা, ধেমাজি, জোনাই, মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলিয়াজান, টিংখং, চাবুৱা, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা আৰু শদিয়া।
বিজেপিৰ বাবে প্ৰত্যহ্বান হ’ব লগীয়া ২৭টা সমষ্টি হ’ল ক্ৰমে পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, কাটলিচেৰা, সোনাই, বৰখোলা, গোলকগঞ্জ, পূৱ বিলাসীপাৰা, গোসাইগাঁৱ, চিদলী, বিজনী, সৰভোগ, ভবানীপুৰ, চয়গাঁৱ, বৰক্ষেত্রী, চাপাগুৰি, বৰমা, মংগলদৈ, ওদালগুৰি, ৰহা, বটদ্ৰৱা, নগাঁঅ, বঢ়মপুৰ, তিতাবৰ, নাজিৰা, থাওৰা, নাওবৈচা আৰু নাহৰকটীয়া।
বিজেপিয়ে এই ২৭টা সমষ্টিত বিশেষ গুৰুত্ব দিব যাতে ইয়াৰ ভিতৰত কমেও ১৫টা সমষ্টিত জয়ী হ’ব পাৰে। উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে আৰু থাওৰাৰ কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী সুশান্ত বুঢ়াগোহাঁইক বিজেপিলৈ অনাৰ চেষ্টা চলাই আছে বিজেপিয়ে। কিছু সংখ্যালঘুৰ ভোট নিৰ্দলীয়ৰ দ্বাৰা ভাঙিব পাৰিলেই সুচল হ’ব সৰভোগ, ভবানীপুৰ, নগাঁঅ ,বৰক্ষেত্রী, মংগলদৈ, ৰহা আৰু গোলকগঞ্জ অাসন কেইখন। শক্তিশালী প্ৰাৰ্থীৰে বিৰোধীক প্ৰতিহত কৰিবলৈ পৰিকল্পনা কৰিছে বহৰমপুৰ, তিতাবৰ, নাজিৰা , বৰমা, বিজনী আৰু চিদলীত।
কংগ্ৰেছে যদি সুপৰিকল্পিত ভাবে বিজেপিক প্ৰতিহত কৰিব নোৱাৰে তেন্তে বিজেপিয়ে অকলে ৭৫ খন আসন লাভ কৰি ২০২১ত চমক দেখুৱাব পাৰে।