বীৰে সদায় বীৰৰ দৰে বিদায় ল’ব লাগে

1550
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সমুজ্জ্বল ভট্টাচাৰ্য্যৰ বৰ্তমান বয়স প্ৰায় ৫৫ বছৰৰ ওচৰা ওচৰি। যিবিলাক ছাত্রক তেখেতে নেতৃত্ব দি আছে সেই ছাত্রবিলাকৰ  গড় বয়স  প্ৰায় ১৬ বছৰ।  যিহেতু ‘আছু’ ইমান বছৰে তেখেতৰ নিয়ন্ত্ৰণত আছে ,  তেখেত থকালৈকে সভাপতি, সম্পাদকৰ  ক্ষমতা  সীমিত ।অতি আমোদ জনক কথা এটা হ’ল যে সমুজ্জ্বল ভট্টাচাৰ্য্যই সম্পাদক পদ ত্যাগ কৰাৰ পিছত যিকেইজন নেতাই সভাপতি আৰু সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল তাৰ প্ৰতিজনেই এতিয়া বিভিন্ন দলৰ একো একোজন নেতা । বিধায়ক সাংসদ মন্ত্ৰী সকলো আছে । প্ৰবীন বড়ো, অমিয় ভুঞা , শংকৰ প্ৰসাদ ৰয় , তপন গগৈ সকলো এতিয়া ৰাজনৈতিক দলৰ সদস্য । সমুজ্জ্বল ভট্টাচাৰ্য্যৰ সহকৰ্মী মুখ্যমন্ত্ৰী পৰ্যন্ত হল ।  সমুজ্জ্বল ভট্টাচাৰ্য্য আছুৰ মজিয়াৰ এজোপা বট গছ।যি ডাল গছে সকলোকে আশ্ৰয় দিয়ে । পক্ষী কুল , প্ৰাণী কুল আৰু উদ্ভিদ কুলৰ আশ্ৰয় আৰু জীৱন । কিন্তু এইয়াও সত্য __ বট গছৰ ওচৰত  আন গছে কেতিয়াও বৃক্ষৰ আকাৰ ল’ব নোৱাৰে ।
ভট্টাচাৰ্য্য ডাঙৰীয়াই অসমৰ বাবে বহুত কৰিছে আৰু বহুত কৰাৰ থল আছে। আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত আছুৰ মজিয়াখন তেখেতৰ বাবে সৰ্বোত্তম বিকল্প নহয় বুলি বহুতে ধাৰণা কৰে। কাৰণ দুলিয়াজান অধিবেশনত লুৰিণ জ্যোতি গগৈৰ ভাষণত আগতে কেতিয়াও নোহোৱা নেতিবাচক ঘটনাৰ ঘটি গ’ল । ” অসমীয়াভাষী জাতীয়তাবাদ তিনি চকীয়া অটো এখন । চকা কেইটা হৈছে আলফা , অগপ আৰু আছু ”। আছুক আলফা আৰু অগপৰ পৃথক চিনাকী দিবলৈ সক্ষম হোৱা ব্যক্তি গৰাকী আছিল সমুজ্জ্বল ভট্টাচাৰ্য্য । তেনেস্থলত বৰ্তমানৰ অসম জাতীয়  পৰিষদ দল গঠন তেওঁৰ ভুমিকা সহজেই অনুমেয় । বৰ্তমান সময়ত অগপ বা আলফাৰ বা স্থিতি সৰ্বজন বিদিত ।  সেয়ে উচিত সময়ত উচিত সিদ্ধান্ত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ পৰা সকলোৱে আশা কৰে । ৰাইজে ভাবে যে  সমুজ্জ্বল ভট্টাচাৰ্য্যৰ পৰা এতিয়াও বহু পাবলৈ বাকী আছে এটা জাতিয়ে । কিন্তু স্থান সলনি কৰাটো সময়ৰ আহ্বান । সমুজ্জ্বল ভট্টাচাৰ্যই আছুৰ পৰা অবসৰ লোৱা-নোলোৱাৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব নিজৰ বিবেকৰ ওপৰত এৰি দিছে। আমাৰ বিবেকৰ মতে ইতিমধ্যে বহুত দেৰি হৈ গ’ল। তেখেতে আজিৰ পৰা কমেও দহ বছৰ আগতেই আছুৰ পৰা অবসৰ ল’ব লাগিছিল। পদবীত নাথাকিলেও আছুক সেৱা কৰিব পৰা যায়। লুৰিণে ঠিক কথা কৈছে “সকলো বস্তুৰে এটা সময় থাকে।” ৫৫ বছৰৰ পিছতো ছাত্র সন্থাত থাকি গ’লে ভট্টাচাৰ্য ডাঙৰীয়া বহুতৰে সমালোচনাৰ সন্মুখিন হ’ব লাগিব যি আমি নিবিচাৰো। বীৰে সদায় বীৰৰ দৰে বিদায় ল’ব লাগে।