অগপক বিজেপিয়ে এৰি দিব ১০টা সমষ্টি

1495

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিজেপিয়ে অগপৰ ওপৰত সমষ্টিৰ ভাগ বিতৰণক লৈ মানসিক চাপ সৃষ্টি কৰাৰ কাম আৰম্ভ কৰি দিছে। বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে কেবল জয়ী হ’ব পৰা সমষ্টি বোৰহে অগপক এৰি দিয়া হ’ব। পৰিস্থিতি বিষম দেখি অগপই সাংগঠনিক সভা সমিতি পাতি দলটোক শক্তিশালী দেখাবলৈ চেষ্টা কৰিছে। বিজেপিয়ে কমলপুৰ, পশ্চিম গুৱাহাটী আদি সমষ্টিৰ নাম কৈ অগপক বুজাই দিছে যে তোমালোকে ১৪টা সমষ্টিতকৈ বেছি আশা কৰা অনুচিত। আনহাতে অগপৰ হাতত বিকল্প সিমীত। বিজেপিৰ অক্সিজেন নহ’লে দলটোৱে ২-৩টা সমষ্টিতকৈ বেছি আসন জয়ী হ’ব নোৱাৰে। সেয়েহে এৰা ধৰাৰ মাজেৰে হ’ব সমষ্টি নিৰ্ধাৰণৰ আলোচনা। প্ৰাপ্ত তথ্য অনুসৰি বিজেপিয়ে এইবাৰ অগপক এৰি দিব তেওঁলোকৰ দখলত থকা ১৪টাৰ ভিতৰত ১০টা সমষ্টি। যোৱাবাৰ পৰাজিত হোৱা আৰু এইবাৰ জয়ৰ সম্ভাবনা থকা ৩টা সমষ্টি থাকিব। তাৰ উপৰিও বিজেপিৰ দখলত থকা এটা সমষ্টি  বিজেপিয়ে অগপক এৰি দিব। অগপৰ দখলত থকা যি দহটা সমষ্টি অগপক এৰি দিব সেইকেইটা হ’ল বঙাইগাওঁ, বৰপেটা, পাটাছাৰকুছি, কমলপুৰ, পশ্চিম গুৱাহাটী, কলিয়াবৰ, বোকাখাট, দেৰগাওঁ, টিয়ক আৰু আমগুৰি। আনহাতে বঢ়মপুৰ, তেজপুৰ, নাহৰকটীয়া আৰু লখিমপুৰত বিজেপিয়ে নিজা প্ৰাৰ্থী দিব। এই চাৰিজন বিধায়কে বিভিন্ন সময়ত বিজেপিৰ বিৰূদ্ধে কটু মন্তব্য কৰি আহিছে। বিজেপিয়ে কোনো কাৰণত এওলোকক টিকট দিয়াৰ পক্ষপাতী নহয়। সদ্যহতে অবশ্যে লখিমপুৰৰ বিধায়ক উৎপল দত্ত আৰু নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালে টিকটৰ আশাত নিৰৱতা অবলম্বন কৰিছে। তথাপিও কিন্তু তেওলোকৰ সাংগঠনিক স্থিতিলৈ চাই বিজেপিয়ে টিকট দিয়াৰ সম্ভাবনা ক্ষীণ। পাটাছাৰকুছিত ৰঞ্জিত দাসে খেলাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও হাই কামাণ্ডে সন্মতি প্ৰকাশ কৰা নাই। হাই কামাণ্ডৰ মতে ইয়াৰ পৰা ৰাইজৰ মাজলৈ ভুল বাৰ্তা যাব। নিৰ্দলীয় শক্তিশালী সংখ্যালঘু প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দি সৰভোগ জয়ৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। সেয়েহে পাটাছাৰকুছিৰ পৰা অগপৰ ৰঞ্জিত ডেকাৰ টিকট প্ৰায় নিশ্চিত। অবশ্যে অগপৰ সভাপতি অতুল বৰাই যদি বোকাখাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰে তেন্তে বিজেপিয়ে নিজৰ দখলত থকা আন সমষ্টি এৰি দিবলৈ সাজু আছে। আনহাতে অগপৰ প্ৰভাবশালী নেতা কমলা কলিতাক পলাশবাৰী  এৰি দিবলৈ বিজেপিয়ে যো জা চলাইছে। যোৱাবাৰ পৰাজিত হোৱা কিন্তু জয়ৰ সম্ভাবনা থকা আন তিনিটা সমষ্টি বিজেপিয়ে অগপক এৰি দিব; সেইকেইটা হ’ল অভয়াপুৰী উত্তৰ, অভয়াপুৰী দক্ষিণ আৰু সৰুপথাৰ। ইয়াক বাদ দি বিজেপিয়ে আন জয়ী হ’ব পৰা কোনো আসন অগপক এৰি নিদিয়ে। সংখ্যালঘু অধ্যুসিত সমষ্টি ১০টা মান এৰি দিয়াত অবশ্যে আপত্তি নাই। কৰিমগঞ্জ দক্ষিণ, মানকাছাৰ, দক্ষিণ শালমাৰা, গৌৰিপুৰ, বিলাসীপাৰা পশ্চিম, গোৱালপাৰা পূৱ, জলেশ্বৰ, বাঘবৰ, জনিয়া , সৰুক্ষেত্রী, চেঙা, বকো, লাহৰিঘাট, ধিং, ৰুপহীহাট আৰু জমুনামুখৰ যিকোনো ১০টা সমষ্টি অগপক এৰি দিয়াত বিজেপিৰ কোনো আপত্তি নাই। তেতিয়া অগপই ২৪টা সমষ্টি পোৱা বুলি সন্মানো ৰক্ষা পৰিব আৰু বিজেপিৰ নিজে একক সংখ্যাগৰিষ্টতা পোৱাৰ বাটো মুকলি হ’ব। অগপ ২৪ (১৪+১০), বিজেপি ১০২ ফৰ্মুলাৰে আগবাঢ়িছে বিজেপি। এতিয়া লক্ষণীয় হ’ব অগপৰ প্ৰতিক্ৰিয়া।নিজৰ দলীয় সদস্যক সন্ত্তষ্ট কৰিবলৈ গৈ কিছু সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ সম্ভাবনাও নথকা নহয়।