মই দেখা চাৰিজন মুখ্যমন্ত্রী

1616
  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


(১)

হিতেশ্বৰ শইকীয়া : একক আৰু অনন্য, তেখেত আছিল অসমৰ ৰাজনীতিৰ চানক্য ৷ তেখেতৰ শাসন বা শাসনৰ পূৰ্বে অসমৰ সন্ত্ৰাসবাদী সমস্যাই এনেকুৱা ৰূপ লৈছিল যে সেই সন্ত্ৰাসবাদীয়ে অসমৰ  উন্নয়নেই হঁওক বা আন যিকোনো কামকেই সম্পূৰ্ণ গ্ৰাস কৰি পেলাইছিল ৷ অসমখনৰ ধ্বংসৰ সকলো প্ৰক্ৰিয়া যেন সম্পূৰ্ণ হৈ উঠিছিল ৷  সন্ত্ৰাসবাদৰ কৱলত পৰি ককবকাই উঠিছিল ৰাজ্যবাসী ৷ আৰু সেই সন্ত্ৰাসবাদক শেষ কৰিবলৈ যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছিল শইকীয়াই ৷ সুচতুৰ,বিচক্ষণ শইকীয়াৰ আগত দিক্ বিদিক হেৰুৱাই পেলাই জাকে জাকে সন্ত্ৰাসবাদীয়েই অস্ত্ৰ পেলাবলৈ বাধ্য হৈ পৰিছিল ৷ হিতেশ্বৰ শইকীয়াৰ প্ৰায় সকলো কামৰেই বিৰোধীতা কৰিলেও স্বীকাৰ কৰিবই লাগিব যে অসমখনক সন্ত্ৰাসবাদীৰ ওচৰত সম্পূৰ্ণ ধ্বংস হোৱা নেদেখাৰ বাবে যদি ধন্যবাদ দিব লাগিব সেইজন হৈছে হিতেশ্বৰ শইকীয়া ৷
(২)
প্ৰফুল্ল মহন্ত: প্ৰফুল্ল মহন্তৰ উত্থান হৈছিল অসম আন্দোলনৰ যোগেদি ৷ আন্দোলনৰ সময়ত প্ৰফুল্ল মহন্ত মানেই আছিল সকলোৰে চকুৰ মণি, অসমৰ মানুহৰ নিচেই আপোন ৷ কিন্তু  আন্দোলনৰ আচল কথাটোতেই বিশ্বাসঘাটকতা কৰি অসম চুক্তি কৰিয়েই ৰৈ নগ’ল ,, চিধাই আন্দোলনৰ পৰা ৰাজ্যৰ শাসনভাৰ ললে মহন্তই ৷  প্ৰফুল্ল মহন্তৰ কাৰ্য্যকাল মানেই মানুহে মনত ৰাখে ৰাস্তাৰ য’তে ত’তে খোলা মদৰ দোকানকেইখন , দৰমহাৰ কাৰণে ককবকাই থকা চৰকাৰী কৰ্মচাৰীসকল আৰু গুপ্তহত্যাৰ বিভীষিকা  ৷ ৰাজ্যখনৰ অৰ্থনীতি সম্পূৰ্ণ বিধ্বস্ত হৈ যোৱা অৱস্থাৰ কাৰণে উত্তৰ প্ৰজন্মৰ কাৰণে এক মনত ৰাখিব পৰা ঘটনাই হৈ পৰিল এই মহন্তৰ শাসন ৷
(৩)
তৰুণ গগৈ:  প্ৰফুল্ল মহন্তৰ দিনত অসমৰ অৱস্থা যুদ্ধ বিধ্বস্ত একোটা অঞ্চলতকৈ কোনোগুনেই কম নাছিল ৷ উন্নয়নৰ নামত সকলোফালে শূন্য ৷ চাকৰি বাকৰি নাই   বিনিয়োগ নাই,  দৰমহা নাই, মুঠতে কেৱল নাই আৰু নাই ৷ গধুলী হোৱাৰ লগে লগে লাগে ৰাতিবোৰ কেতিয়া পুৱাব ? মানুহ ঘৰৰ পৰা ওলালে ঘৰ ঘুৰি নোপোৱালৈকে ঘৰৰ মানুহৰ শান্তি নাথাকে, মুখলৈ ভাত কেইটাও যেন নাযায় ৷ ছালফাৰ সন্ত্ৰাসত অসমৰ মানুহে একো কৰিব নোৱাৰিছিল, পাৰিছিল কেৱল নামঘৰে নামঘৰে চাকি জ্বলাই শাওপাত দিব ৷ আৰু এনেকুৱা সময়তেই তৰুণ গগৈয়ে শাসনভাৰ লৈছিল ৷ তৰুণ গগৈয়ে দায়িত্ব লোৱাৰ পিছত আটাইতকৈ ডাঙৰ কামটো আছিল অসমৰ মানুহে আকৌ মুকলিকৈ উশাহ লব পাৰিছিল ৷ গধুলি দোকান পোহাৰ খোলা ৰাখিব পাৰিছিল, মুকলি মনেৰে মানুহে ঘুৰিব পৰা হৈছিল ৷ ৰাস্তা পদুলিবোৰ নতুনকৈ বনোৱা হৈছিল ৷ চাকৰি বাকৰি পাব পৰা হৈছিল ৷ব্যক্তিগতখণ্ডৰ বিভিন্ন অনুষ্ঠান,প্ৰতিষ্ঠানে অসমত বিনিয়োগ কৰিবলৈ আহিছিল ৷ যদিও দুৰ্নীতি হৈ পৰিছিল সহজলভ্য ৷  তথাপিও অসমক সেই অন্ধকাৰৰ দিনৰ পৰা মুক্ত কৰোৱাটো আছিল গগৈৰ অন্যতম সফলতা আৰু সেই কথাৰেই তেখেতক অসমবাসীয়ে মনত ৰাখিব ৷
(৪)
সৰ্বানন্দ সোনোৱাল: এটা সময়ত দুৰ্নীতি,অনীতিয়ে চুড়ান্ত পৰ্য্যায় পাইছিলগৈ গগৈৰ শাসনকালত ৷ আৰু তাৰ ফলত স্তব্ধ হৈ পৰিব ধৰিছিল গগৈয়ে নিজেই আৰম্ভ কৰা উন্নয়নৰ যাত্ৰা ৷ মানুহে অতিষ্ঠ হোৱাৰ ওপৰিও ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰ ওপৰত বিশ্বাস ৰাখি দলটোৰ হাতত চৰকাৰ গঠনৰ দায়িত্ব দিছিল ৷ চৰকাৰ গঠনৰ দায়িত্ব পায়েই মুখ্যমন্ত্রী হিচাবে সৰ্বানন্দ সোনোৱালে অতি ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছিল দুৰ্নীতি বিৰোধী যুঁজ এখন ৷ এনেকুৱা যুঁজ হয়তো সমগ্ৰ ভাৰততে কতো হোৱা নাছিল ৷ লোক সেৱা আয়োগৰ দৰে অনুষ্ঠান এটাৰ সমস্ত ডাঙৰ ডাঙৰ বিষয়ববীয়াকেই জেলৰ ভাত খোৱাবলৈ সক্ষম হোৱাই নহয় প্ৰায় ১০০ জনকৈ ৰাজপত্ৰিত বিষয়াক অতি কম সময়ৰ ভিতৰতেই কাৰাগাৰৰ কোঠৰীত বন্দী কৰি ৰাখিছিল ৷ এনে নোহোৱা নোপোজা কাম হয়তো কেতিয়াও কতো হোৱা নাছিল ৷ আনকি যোৱা ৩০-৪০ বছৰৰ ভিতৰত হয়তো প্ৰথমবাৰৰ বাবে মানুহে লোক সেৱা আয়োগৰ ওপৰত আস্থা দেখুওৱা দেখা গল ৷ বাকী সোনোৱালৰ দিনত উন্নয়নমূল কাম কাজবোৰে গতিশীলতা লাভ কৰি অসমক আগবঢ়াই নিবলৈ সক্ষম হল ৷ কিন্তু ৰাইজে মনত ৰাখিব সোনোৱালক দুৰ্নীতিৰ বিৰুদ্ধে যুঁজা যুঁজখনৰ কাৰণে ৷