‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
বিমলৰ শেহতীয়া বিজ্ঞাপনকলৈ দেশত তীব্ৰ চৰ্চা অব্যাহত আছে। বিমলৰ বিজ্ঞাপনত আগৰে পৰাই অজয় দেবগন আছিল , নতুনকৈ সংযোজন হৈছিল শ্বাহৰুখ খান আৰু কিছুদিন আগত সৰু পৰ্দাত দেখা গৈছে খিলাড়ী অক্ষয় কুমাৰক। লক্ষ্যনীয় যে এই তিনিওজন তাৰকাই ভাৰত চৰকাৰে প্ৰদান কৰা সন্মানীয় পদ্মশ্ৰী বঁটা লাভ কৰিছে। ভাৰতৰ যুৱচামে তেওঁলোকক নিজৰ আদৰ্শ হিচাপে জ্ঞান কৰে। সেয়েহে এইতিনিজন তাৰকাৰ পৰা এনে কাম কোনো সচেতন লোকে আশা কৰা নাছিল। বৰ্তমান ভাৰতৰ গুটকা বজাৰখন প্ৰায় ৪০ হাজাৰ কৌটি টকাৰ। প্ৰফিট মাৰ্জিন খুব বেছি। সেয়েহে বিমলেও সকলোতকৈ দামী তিনিজন তাৰকাৰ নামত কৌটি কৌটি টকা খৰছ কৰি চমক দিবলৈ চেষ্টা কৰিছে। টকাৰ মোহ সামৰিব নোৱাৰি তিনিজন তাৰকাই একেলগে গুটকাৰ প্ৰচাৰত লাগি গ’ল। ৰাইজ সকলোতকৈ নিৰাশ হৈছে অক্ষয় কুমাৰৰ পৰা। সকলোকে সদায় ফিট হৈ থাকিবলৈ পৰামৰ্শ দিয়া অক্ষয় কুমাৰে এদিন সংবাদ মেলত কৈছিল যে তেওঁ কেতিয়াও ধপাতৰ বিজ্ঞাপন নকৰে। স্বাভাবিকতে তেওঁৰ অনুৰাগী সকল নিৰাশ হৈছে। উপায় বিহীন হৈ তেওঁ ক্ষমা খুজিবলৈ বাধ্য হৈছে। প্ৰধানমন্ত্রীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ বাবে অনুমতি লাভ কৰা অক্ষয় কুমাৰে ইতিমধ্যে নিজৰ ইমেজৰ যথেষ্ট ক্ষতি কৰিলে। তেওঁ ক্ষমাৰ যোগ্য নহয়। প্ৰতিবছৰে হাজাৰ হাজাৰ লোক গুটকাৰ কাৰণে বিভিন্ন ৰোগত আক্ৰান্ত হয়। মদ বা চিগাৰেটতকৈও বহুগুণে মাৰাত্মক গুটকা। কিন্তু ইয়াৰ লবী বহুত ডাঙৰ। নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্রীয়ে গুটকাৰ ওপৰত প্ৰতিবন্ধকতা লগাব পৰা নাই। এবাৰ চেষ্টা কৰিও অসমত বিফল হৈছিল হিমন্ত বিশ্ব শৰ্মা।
আইনী সুৰুঙাৰ মাজেদি জৰ্দা আৰু পান মচলা মিহলি কৰি গুটকাৰ বিক্ৰী চলি আছে। ইয়াতকৈ পৰিতাপৰ কথা কি হ’ব পাৰে?