ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
5G ৰ বাবে নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই নিলামত ভাগ লৈছে জিঅ’ , এয়াৰটেল, ভোদাফোনৰ লগতে গৌতম আদানীয়ে। 4G অহাৰ আগলৈকে ভাৰতৰ বজাৰত বহু কেইটা মোবাইল নেটৱৰ্ক যোগানকাৰী আছিল। এয়াৰটেল, ভোদাফোনৰ উপৰিও আছিল টাটা ইণ্ডিকম, টাটা ডকোমো, আইদিয়া, অনিল আম্বানীৰ ৰিলায়েন্স ইত্যাদি। কিন্তু মুকেশ আম্বানীৰ জিঅ’ই বজাৰত প্ৰবেশ কৰাৰ লগে লগে বেছিভাগৰে দোকান বন্ধ হৈ গ’ল। এয়াৰটেল আৰু ভোদাফোনক বাদ দি সকলো পৃষ্ঠভংগ দিলে। বজাৰত বৰ্তমান জিঅ’ৰ গ্ৰাহক সকলোতকৈ বেছি। জিঅ’ৰ পিছতে আছে এয়াৰটেল। এতিয়া প্ৰশ্ন হৈছে আদানীৰ প্ৰবেশে মোবাইল নেটৱৰ্কৰ বজাৰখন অস্তিৰ কৰি তুলিব নেকি? ২০১৬ৰ নিচিনা পুনৰ বজাৰত গ্ৰাহকে অতি কম দামত মোবাইল সেৱা লাভ কৰিব নেকি? 5G ৰ কি সুবিধা আছে?
5G, 4G তকৈ দহগুণ বেছি ফাষ্ট। চিনেমা এখন ডাউনলোদ কৰোতে যদি আগতে ১০ মিনিট লাগিছিল, এতিয়া ১ মিনিট লাগিব। সাধাৰণ মোবাইল গ্ৰাহকে 5G ৰ পৰা ফাষ্ট ইন্টাৰনেট পোৱাৰ উপৰিও আন বহু ঠাইত ই সহায়ক হ’ব। ইয়াৰ ফলত ৰোবোটিকছৰ দিশত বহু উন্নতি হ’ব। হাই স্পীড ইন্টাৰনেটৰ ফলত ৰোবোটৰ দ্বাৰা অপাৰেচন সহজ হ’ব। ড্ৰাইভাৰবিহীন গাড়ী বনোৱাৰ যি প্ৰচেষ্টা চলি আছে তাকো 5G ৰ ইন্টাৰনেট স্পীডে সহায় কৰিব।
গৌতম আদানী ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি। স্বাভাবিকতে তেওঁ মোবাইল নেটৱৰ্কৰ পৃথিবীত প্ৰবেশৰ লগে লগে বজাৰত খলকনি লাগিছে। কিন্তু খৱৰ পোৱা মতে আদানী মোবাইলছে প্ৰথমতে খুৱ সৰুকৈ নিজৰ কাম আৰম্ভ কৰিব। 5G spectrum কিনি নিজৰ এয়াৰপোৰ্ট আদিত ব্যবহাৰ কৰিব। সেয়েহে গ্ৰাহকে আদানীৰ প্ৰবেশৰ ফলত কিবা বৃহৎ অফাৰ পাব বুলি আশা কৰিব নোৱাৰে। দেশত 5G ৰ টেষ্টিং ছেপ্তেম্বৰ মানত আৰম্ভ হ’ব দিল্লী, কলিকতা আদি কেইখনমান চহৰত। গুৱাহাটীত 5G আহি পাওতে হয়তো আৰু এটা বছৰ লাগিব।