অধীৰৰ ভুল; কংগ্ৰেছ কুল

541
  • প্ৰাঞ্জল ফুকন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


এবিপি নিউজৰ এটা সাক্ষাৎকাৰত লোকসভাত কংগ্ৰেছৰ দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে দ্ৰৌপদী মুৰ্মুক দুবাৰ ৰাষ্ট্ৰপত্নী বুলি সম্বোধন কৰিছিল। সাংবাদিক জনে এই কথাটো তেওঁক দৃষ্টিগোচৰ কৰাৰ পিছতো তেওঁ শুধৰণি নকৰিলে। ইয়াৰ পৰা স্পষ্ট জয় যে জানি বুজি তেওঁ কথাশাৰ কৈছিল। এগৰাকী মহিলাৰ প্ৰতি ইয়াতকৈ বেছি অপমানসূচক মন্তব্য আৰু কি হ’ব পাৰে? অধীৰৰ এই মন্তব্যৰ বাবেই সদনত তোলপাল লাগিছিল। মন্ত্রী স্মৃতি ইৰাণীয়ে ইয়াক নিন্দা কৰি ছোনিয়া গান্ধীক ক্ষমা বিচাৰিব কৈছিল। সদন স্তগিত হোৱাৰ সময়ত ইয়াক লৈ শ্ৰীমতী ইৰাণী আৰু শ্ৰীমতী গান্ধীৰ মাজত বাক বিতন্দাও হৈছিল।

You dont talk to me. ছোনীয়া গান্ধীক প্ৰত্যুত্যৰ দি স্মৃতিয়ে কৈছিল Behave properly. This is not your party office. সুপ্ৰীয়া চুলে আৰু মহুৱা মৈত্রই ছোনীয়া গান্ধীক শান্ত কৰাই বাহিৰলৈ লৈ যায়। খলনায়ক অধিৰ ৰঞ্জনে নিজক বচাবলৈ কয় যে তেওঁ বঙালী বাবে হিন্দী ভালকৈ ক’ব নোৱাৰে আৰু সেইবাবে ভুল হৈ গ’ল। প্ৰত্যুত্তৰত তেওঁৰ দলৰে এজন সাংসদে ক’লে “হিন্দী ক’ব নাজানে যদি কয় কিয়?” মুঠতে পশ্চিমবংগৰ এই সাংসদ জনে কংগ্ৰেছক বহু বাৰ লজ্জ্বানত কৰিছে। ধাৰা ৩৭০ বাতিল কৰাৰ সময়ত এই মানুহজনে কিছুমান অবান্তৰ প্ৰশ্ন কৰিছিল। কাশ্মীৰক হেনো ইউনাইটেদ নেচনে নিৰীক্ষণ কৰে। তেওঁৰ এই বক্তব্যৰ বাবেই অমিত শ্বাহে গোটেই ভাৰতবৰ্ষৰ আগত হিৰো হোৱাৰ সুযোগ পাইছিল? কাশ্মীৰ কে লিয়ে জান দে দেংগে_ অমিত শ্বাহে আবেগিক হৈ কৈছিল। অধীৰ ৰঞ্জনে মোদীৰ চাৰ্টাৰ্ড বিমানত চুইমিং পুল থকা বুলি উৰাবাতৰি প্ৰচাৰ কৰিছিল। নিৰ্মলা সিতাৰমানক নিৰ্বলা বুলি কৈ হাঁহিছিল। এই সকলোবোৰ বক্তব্যৰ কাৰণে চৌধুৰীয়ে ক্ষমা খুজিব লগা হৈছিল। এতিয়া প্ৰশ্ন হয় ইমানবোৰ যোগ্য ব্যক্তি থকাৰ পিছতো কংগ্ৰেছে কিয় অধীৰক নিজৰ নেতা পাতিলে। উত্তৰ এটাই_পুত্রশ্নেহ। গোটেই লোকসভাত কংগ্ৰেছৰ নেতাসকলৰ ভিতৰত চাগে অধীৰ ৰঞ্জনৰ জ্ঞান ৰাহুল গান্ধীতকৈও কম।