ইউক্ৰেইনত পঢ়া সকলৰ ওপৰত ইমান খং কিয়?

4318
  • ৰূপেশ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


আজিৰ পৰা দহ-পোন্ধৰ বছৰ আগলৈকে যিকোনো বিদেশী ৰাষ্ট্ৰত পঢ়িবলৈ যোৱা সকলক সন্মানৰ দৃষ্টিৰে চোৱা হৈছিল। বিদেশৰ পৰা অসমলৈ বন্ধত সময় কটাব আহিলে বন্ধু – বান্ধব তথা ওচৰ চুবুৰীয়াৰ পৰা বহুতো গুৰুত্ব পাইছিল। ধৰি লোৱা হৈছিল ছাত্রজন মেধাবী। নহলেনো বিদেশত পঢ়িবলৈ সুযোগ লাভ কৰেনে? সেয়া ৰাছিয়া, পলেণ্ড, ইউক্ৰেইন, ৰোমানিয়া যিয়ে নহওক। তেনে সম্বন্ধীয় ঘৰৰ লৰা ভাত খাবলৈ আহিলে বিধে বিধে ব্যঞ্জন, মাছ, মাংস আদিৰে আপ্যায়ন কৰা এটা নিয়ম আছিল। কিন্তু সময় সলনি হ’ল। ইন্টাৰনেট, ফেচবুকৰ এই যুগত ৰাইজ সজাগ আৰু সচেতন। বুলগেৰিয়া, ৰোমানিয়া আদিৰ পৰা অহা বগা লোকসকলক ইংৰাজ বুলি ভাবি তাজমহল, লালকিল্লাৰ সন্মুখত তেওঁলোকৰ লগত ফটো উঠা মানুহবোৰে বুজি পালে এই দেশবোৰ ভাৰততকৈও দুখীয়া। এতিয়া আহো ইউক্ৰেইনৰ প্ৰসংগলৈ। ইউক্ৰেইনত বৰ্তমান যুদ্ধ চলি আছে। ভাৰতৰ বহুতো ছাত্র- ছাত্রী ইউক্ৰেইনত পঢ়ি আছে। তাৰ ভিতৰত অসমৰ পৰাও কিছু গৈছে। বিশেষকৈ মেডিকেল পঢ়িবলৈ ধনী ঘৰৰ মাক দেউতাকে ইউক্ৰেইন , ৰাছিয়া আদিত নিজৰ লৰা ছোৱালীক পঠায়। নিজৰ মেধাৰ বলত এওঁলোকে অসম বা ভাৰতৰ মেডিকেল কলেজৰ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে। কিন্তু মাক দেউতাকৰ ইচ্ছা সন্তানক ডাক্তৰৰ পোচাকত দেখাৰ। তেতিয়া তেওঁলোকৰ হাতত দুটা বিকল্প থাকে। ভাৰতৰ ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয়ত পঢ়োৱা নহলে বিদেশত পঢ়োৱা। ইউক্ৰেইন , ৰাছিয়া আদিত পঢ়াবলৈ মাক-দেউতাকে বেছি পচন্দ কৰে কাৰণ ভাৰতৰ তুলনাত তাত খৰছ কম আৰু উত্তীৰ্ণ হ’বলৈ বেছি পঢ়িব নালাগে। সেয়েহে ভাৰত চৰকাৰে নিয়ম বান্ধি দিছে যে এইবোৰ দেশৰ পৰা মেডিকেলত ডিগ্ৰী লৈ আহিলেই যঠেষ্ট নহয়, ভাৰতত তেওঁলোকে আৰু এটা পৰীক্ষা দিব লাগিব। মই নিজে দেখা ধনী ঘৰৰ দ্বিতীয় বিভাগত উত্তীৰ্ণ লৰাই গৈ ৰাছিয়া-ইউক্ৰেইনৰ পৰা  এম.বি.বি.এছ ডিগ্ৰী লৈ আহিছে কিন্তু ভাৰতে পতা পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাই। ভাৰতত এনে হাজাৰ-হাজাৰ লৰা ছোৱালী আছে। তেওঁলোকৰ বেছিভাগেই প্ৰাইভেট হাস্পতালত হেল্পাৰ বা হেলথ ইনচিউৰেনছ কোম্পানী আদিত কাম কৰি আছে। মুঠৰ ওপৰত ইউক্ৰেইনত পঢ়িব যোৱা সকলৰ বেছিভাগেই মেধাৰ বলত নহয় মাক দেউতাকৰ টকাৰ জোৰত সুযোগ পাইছে আৰু ৰাইজে তাক ভালদৰে বুজে। এনে ছাত্র-ছাত্রীয়ে যেতিয়া ইউক্ৰেইনৰ পৰা আহি এংলো-অসমীয়া ভাষাত টিভি চেনেলৰ সন্মুখত ষ্টাইল মাৰে স্বাভাবিকতে ৰাইজৰ সহ্য নহয়। ছছিয়েল মিডিয়াত চলিছে ইউক্ৰেইনৰ পৰা অহা সকলৰ ওপৰত শব্দবান। এজনে আনকি কৈছে যে এই সকলে ইউক্ৰেনীয়ানসকলক বিপদত এৰি অহা উচিত নাছিল। ইউক্ৰেইনৰ সাধাৰণ নাগৰিকৰ দৰে হাতত অস্ত্র লৈ যুঁজ দিয়া উচিত আছিল। সি যি কি নহওক চৰকৰে তেওঁলোকক উভতাই আনি নিজৰ দায়িত্ব পালন কৰিছে। কিন্তু এইসকল যিহেতু আধ্যবন্ত ঘৰৰ লৰা সেয়েহে কৰদাতা সকলৰ টকা খৰছ নকৰি সকলোৰে পৰা বিমান ভাৰা সংগ্ৰহ কৰা উচিত।