উত্তৰ প্ৰদেশত যদি বিজেপি পৰাজিত হয়?

775

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ১০ মাৰ্চ তাৰিখে। উত্তৰাখণ্ড, পঞ্জাৱ, গোৱা, মণিপুৰ মিলি লোকসভাৰ আসন ২১খন । তাৰ বিপৰীতে উত্তৰ প্ৰদেশে অকলে ৮০জন প্ৰতিনিধি লোকসভালৈ প্ৰেৰণ কৰে। এই চাৰিখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে ৰাষ্ট্ৰীয় ৰাজনীতিত কোনো প্ৰভাব নেপেলায়। একমাত্র উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সুদূৰপ্ৰসাৰী হ’ব। আজি আমি আলোচনা কৰিম দুটা সম্ভাবনীয়তা।
উত্তৰ প্ৰদেশত বিজেপি পৰাজিতঃ উত্তৰ প্ৰদেশত যদি বিজেপি পৰাজিত হয় তেন্তে সমাজবাদী পাৰ্টীয়ে চৰকাৰ গঠন কৰিব। অখিলেশ যাদৱ হ’ব মুখ্যমন্ত্রী। তৃতীয় মৰ্চা অত্যন্ত উৎসাহিত হ’ব আৰু ২০২৪ত মোদীক পৰাজিত কৰাৰ হুংকাৰ দিব। হঠাত প্ৰধানমন্ত্রীৰ দৌৰত নিজৰ নাম লিপিবদ্ধ কৰিব অখিলেশে। যিহেতু ভাৰতৰ বেছিভাগ প্ৰধানমন্ত্রী উত্তৰ প্ৰদেশৰ পৰা অহা সেয়েহে অখিলেশ যাদৱে মমতা আৰু কেজৰীৱালক পিছ পেলাই প্ৰধানমন্ত্রী পদৰ বাবে নিজৰ দাবী মজবুত কৰিব। বিজেপিয়ে উত্তৰ প্ৰদেশত হ’ব পৰা লোকচান কোন ৰাজ্যৰ পৰা পূৰণ কৰিব পাৰি তাৰ চিন্তা চৰ্চা আৰম্ভ কৰিব। বিজেপিৰ ভিতৰত যোগী আদিত্যনাথৰ শক্তি কমি যাব। বিজেপিয়ে ২০২৪ৰ বাবে মিত্রদলৰ সন্ধান কৰিব। বহুজন সমাজ পাৰ্টীৰ লগত বিজেপিয়ে মিত্রতা কৰিলেও আচৰিত হ’বলগীয়া নাই।
উত্তৰ প্ৰদেশত বিজেপিৰ জয়ঃ ২০২৪ৰ লোকসভাৰ যুদ্ধখন ডেভিদ বনাম ডেভিদ বুলি ৰাষ্ট্ৰীয় মাধ্যমত ব্যাপক চৰ্চা হৈছে। উত্তৰ প্ৰদেশত বিজেপি জয়ী হোৱাৰ লগে লগে বিৰোধী দলৰ নেতাসকল চুৰান্ত হৰাশ হ’ব। লক্ষণীয় হ’ব বিজেপিৰ জয়ৰ ব্যৱধান। যদি বিজেপিয়ে ৩০০ৰ বেছি আসন লাভ কৰে তেন্তে ২০২৪ৰ লোকসভাৰ নিৰ্বাচনত বহু সমষ্টিত বিৰোধীয়ে হয়তো প্ৰাৰ্থী বিচাৰি হাবাথুৰি খাব। চন্দ্ৰশেখৰ ৰাও, মমতা বেনাৰ্জী আদি যিয়ে তৃতীয় মৰ্চা গঠনৰ কুচ কাৱাজ চলাই আছে তেওঁলোকে ৰাষ্ট্ৰীয় ৰাজনীতি বাদ দি নিজৰ ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি যাবলৈ বাধ্য হ’ব। এক কথাত বিজেপিয়ে এই নেতাসকলক দিল্লীৰ পৰা নিজৰ ঘৰলৈ উভতাই পঠাব। বিজেপিৰ ভিতৰত যোগী আদিত্যনাথৰ সন্মান বৃদ্ধি পাব। অমিত শ্বাহক পিছ পেলাই গোৰখপুৰৰ সন্যাসীজন মোদীৰ অবসৰৰ পিছত নিজকে প্ৰধানমন্ত্রীৰ দাবীদাৰ ৰূপে সন্মুখলৈ আহিব।
উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলৰ দুটা সম্ভাবনাৰ বিষয়ে আমি আলোচনা কৰিলো। কংগ্ৰেছ আৰু বহুজন সমাজবাদী দল নিৰ্বাচনত কোনো ফেক্টৰ নহয়। কোনো মিৰাকল নহলে যোগী বা যাদবৰ যিকোনো এজন উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী হিচাপে নিৰ্বাচিত হ’ব।