বিপিএফ নেতা তথা সাংসদ বিশ্বজিৎ দৈমাৰীৰ সৈতে ৰাজনীতি অসমৰ(www.rajnitiaxom.com) সাক্ষাৎকাৰ
সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতিম লহকৰ আৰু নুপুৰ দত্তই
ৰাজনীতি অসম: ২০০১ চনৰ পৰা ২০০৬ চনলৈ অসম বিধান সভাৰ আপুনি এম এল এ আৰু ২০০৮ ৰ পৰা আজি পৰ্য্যন্ত আপুনি আপুনি ৰাজ্যসভাৰ এমপি । দুয়োটা ভিন্ন দায়িত্ব আপুনি পালন কৰাৰ সুবিধা পাইছে । এই দুয়োটা দায়িত্বত থকাৰ পিছত আপুনি কি পাৰ্থক্য অনুভৱ কৰিছে ?
বিশ্বজিৎ দৈমাৰী: এম এল এ বা এম পি যিয়েই নহওঁক মই সদায় জনতাৰ ওচৰত জবাৱদাহী হ’ব লাগিব । কাৰণ গণতন্ত্ৰ হৈছে
‘ By the people , of the people and for the people ‘ । সেয়ে বিধান সভা বা সংসদত থকা সময়ছোৱাত মোৰ দায়িত্ব আৰু কৰ্তব্য সদায় ৰাইজৰ স্বাৰ্থত । যদি কিবা পৰিবৰ্তন হৈছে সেয়া হ’ব কাৰ্য্য পন্থাত । কাৰণ বিধান সভাৰ সদস্য হিচাপে নিজৰ সমষ্টিৰ লগত জড়িত বিভিন্ন আচঁনি আৰু তাৰ সফল ৰূপায়নত গুৰুত্ব দিয়া হয় আৰু সংসদ সদস্য হিচাপে সমগ্ৰ দেশৰ কাৰণে উত্থাপন হোৱা আইন কানুন আৰু বিল বিলাকৰ ওপৰত চলা আলোচনাত ভাগ ল’ব লগা হয় । একেসময়তে এই আইন কানুনে মই প্ৰতিনিধিত্ব কৰা ৰাজ্যখন আৰু মোৰ দলটোৱে প্ৰতিনিধিত্ব কৰা অঞ্চলটোৰ ওপৰত কি প্ৰভাব পেলাব সেই বিষয়ে সংসদত যুক্তি দাঙি ধৰাৰ সুযোগ পোৱা যায় । এই ক্ষেত্ৰত মই সদায় সংসদত নিজৰ যুক্তি দাঙি ধৰিছো কাৰণ এবাৰ এখন বিল গৃহিত হোৱাৰ পিছত ৰাজ্যবোৰেই সেই কামবোৰ ৰূপায়ন কৰিব লগা হয় । সৰল পাৰ্থক্য এটাই যে এতিয়া মই দিল্লীত থাকি ৰাইজৰ প্ৰতিনিধি হিচাপে জনতাৰ কাৰণে কাম কৰিছো আৰু আগতে দিছপুৰৰ বিধান সভাত বহি ৰাইজৰ কাৰণে মাত
মাতিছিলো , কিন্তু উদ্দেশ্য এটাই যে আমাৰ অঞ্চলটোৰ উন্নয়নৰ পথ ক্ষিপ্ৰ হ’ব লাগিব ।
ৰাজনীতি অসম: ২০০৮ চনৰ পৰা আজিলৈকে আপুনি ৩ খন চৰকাৰ দেখা পালে আৰু দুজন প্ৰধানমন্ত্ৰী পালে । কি পাৰ্থক্য পালে নৰেন্দ্ৰ মোদী আৰু মনমোহন সিংৰ মাজত ?
বিশ্বজিৎ দৈমাৰী: তিনিখন চৰকাৰ আৰু দুজন প্ৰধানমন্ত্ৰী পালো । ইয়াৰ পিছত আকৌ এখন নতুন চৰকাৰ পাম , যিহেতু মোৰ কাৰ্য্যকাল ২০২০ চনত শেষ হ’ব । ইউপিএ চৰকাৰৰ সময়ত কাম কাজৰ পদ্ধতি আগৰ পৰা চলি থকা অনুযায়ী চলিছিল । কিন্তু মোদী ডাঙৰীয়াৰ সময়ছোৱাত সকলো বিলাক কামৰ পদ্ধতিৰ পৰিবৰ্তন ঘটিল । যদিও প্ৰায় ভাগ কল্যানকামী আচঁনি একে থাকিলেও আচঁনিৰ নামবিলাক সলনি কৰা হয় । নতুন নীতি নিয়মৰ মাজেৰে কাম কৰাত কিছু অসুবিধাৰ সন্মুখিন হৈছে চৰকাৰৰ বিভাগ সমুহৰ । কাৰণ আন্ত:গাঠনিৰ উন্নয়ন অবিহনে আচঁনিবিলাক ৰূপায়ন কৰাত কিছু অসুবিধাৰ উদ্ভব হৈছে ।
ৰাজনীতি অসম: বৰ্তমানৰ অসম চৰকাৰখনৰ কাম কাজকলৈ আপুনি কি ভাবে ?
বিশ্বজিৎ দৈমাৰী: চৰকাৰ এখনৰ মুল কামেই ৰাইজৰ আশা আকাংশা পুৰণ কৰা । ৰাজ্যখনৰ উন্নয়ন আৰু ৰাইজৰ বিকাশ সাধন হ’ব লাগিব । ২০১৬ ৰ পৰা ২০১৮ চনলৈ সৰ্বানন্দ সোনোৱাল নেতৃত্বৰ চৰকাৰখনে দুবছৰ অতিক্ৰম কৰিলে । যিটো সময়ত ৰাজ্য আৰু কেন্দ্ৰত একেদলৰ চৰকাৰ আছে সেই সময়ছোৱাত উন্নয়ন যিমান ক্ষিপ্ৰ হ’ব লাগিছিল সেইয়া হোৱা নাই । কাৰণ ২০১৪ ত কেন্দ্ৰত মোদী চৰকাৰ অহাৰ পিছত আমাৰ অসমৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ কেন্দ্ৰীয় চৰকাৰৰ লগত বুজাবুজীৰ অভাব হৈছিল । কেন্দ্ৰই ধৰি দিয়া নীতি নিয়মবোৰ সেই সময়ত মানি নচলাৰ বাবে আজি সময় মতে বিভিন্ন আচঁনিৰ পুঁজিবিলাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিছু বিলম্ব হৈছে ।
ৰাজনীতি অসম: ইউপিএ আৰু এন ডি এ দুয়োখন চৰকাৰক আপুনি সংসদৰ মজিয়াৰ পৰা পাইছে । কি বিশেষ পৰিবৰ্তন দেখা পাইছে ?
বিশ্বজিৎ দৈমাৰী: যদিওবা উন্নয়নৰ হাৰ ভবা ধৰণে ক্ষিপ্ৰ হোৱা নাই তথাপি আটাইতকৈ ডাঙৰ পাৰ্থক্য হৈছে দুৰ্নীতিৰ পয়োভৰ পুৰ্বতকৈ বহু কম হৈছে । বাজেটৰ ধন খৰছ কৰিবলৈ বান্ধি দিয়া বিভিন্ন নতুন নিয়মৰ বাবে দুৰ্নীতি কম হৈছে । কিন্তু উন্নয়নৰ পথ আৰু অধিক ক্ষিপ্ৰতাৰে নিবলৈ হ’লে চৰকাৰী বিভাগবোৰত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ’ব লাগিব ।
ৰাজনীতি অসম: অসমৰ বান সমস্যা আগতে যেনেকুৱা আছিল , তাৰ পৰিৱৰ্তন আজিও নহ’ল । কৃষি প্ৰধান দেশ ভাৰতত কৃষকৰ সমস্যাই অধিক । কিয় এনেকুৱা হৈছে ?
বিশ্বজিৎ দৈমাৰী: বানপানীৰ যদি কথা কব যাওঁ তেন্তে এজন নাৰ্চাৰীত পঢ়া ল’ৰা এজনেও জানে যে ধেমাজী , লক্ষীমপুৰত প্ৰতিবছৰে বানপানী হয় । আনকি কোনটো মাহত বানপানী হয় সেইয়াও সবেই জানে । তথাপি বানপানীয়ে মানুহক জুৰুলা কৰিয়ে আছে । বাৰিষাৰ দিনটোলৈও মথাউৰি বনোৱাৰ কাম শেষ নহয় । মই যোৱা বছৰ সংসদত মন্তব্য ৰাখিছিলো যে ধেমাজী , লক্ষীমপুৰ আদি অঞ্চলত ওখ ঠাই কিছুমান বনাব লাগে আৰু সেই ঠাইটুকুৰাৰ ওচৰত খাদ্য – বস্তু , ঔষধ – পাতি আৰু কানি কাপোৰ মজুদ কৰি ৰাখিবৰ কাৰণে গুদাম ঘৰ বনাব লাগে । একেবাৰে সহজ আৰু বেছি টকাৰো প্ৰয়োজন নাই এইখিনি কৰাৰ কাৰণে । কাৰণ বানপানি যোৱাৰ লগে লগে ৰৈ যোৱা বস্তু বিলাক চৰকাৰে অন্য প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰিব । কিন্তু এই সাধাৰণ কামটোকে আজিলৈকে ৰূপায়ন নকৰিলে। কৃষি ক্ষেত্ৰটো চৰকাৰৰ কৃষি বিষয়াসকলে পথাৰ আৰু খেতিয়কক চিনি পাব লাগিব । অফিচৰ এ চি ৰুমত বহি কৃষিৰ আচঁনি বনালে সুফল পোৱাটো অসম্ভৱ । কৃষকে পাব লগা বীজৰ কাৰণে যদি খেতিয়ক এজনে দহবাৰ জিলা সদৰৰ কৃষি কাৰ্য্যলয়লৈ আহিব লাগে তেন্তে কৃষিক্ষেত্ৰৰ উন্নতি অতি কঠিন । খেতিয়কে কৃষি বিষয়াক বিচাৰি যোৱাৰ পৰিবৰ্তে যদি বিষয়াই খেতিয়কক লগ কৰিবলৈ পথাৰ যায় , তেতিয়াহে পৰিবৰ্তন আহিব ।
ৰাজনীতি অসম: প্ৰায়ে অভিযোগ এটা শুনা যায় যে অসমৰ সাংসদ সকলে সংসদত নিৰৱে থাকে । এই ক্ষেত্ৰত আপুনি কি ক’ব ?
বিশ্বজিৎ দৈমাৰী: কিছুমান মানুহ জন্মতে নেতাৰ চামুচ মুখতলৈ জন্ম গ্ৰহণ কৰে আৰু কিছুমান হয় ভাগ্যৰ বলত । অসমৰ ৯০ % সাংসদেই আলোচনাত অংশ লয় । কিন্তু কথাটো হ’ল প্ৰতিটো দলৰ কাৰণে নিৰ্দিষ্ট সময় এটা ধৰা থাকে । সেই কাৰণে দলবিলাকে কোনজন সাংসদে বক্তব্য ৰাখিব আৰু কোনে কিমান সময় ভাষন দিব সেইটো দলৰ মজিয়াত নেতাজনৰ অভিজ্ঞতাৰ পৰা বাচনি কৰা হয় । বহু সময়ত শুণ্য কাল বা বিশেষ দৃষ্টি গোচৰ শীৰ্ষক প্ৰশ্ন বিলাকৰ কাৰণেও লটাৰিৰ দ্বাৰাহে কোন সাংসদে ভাষন দিব পাৰিব সেইয়া নিৰ্বাচন কৰা হয় । মই নিজেই সাংসদ হিচাপে প্ৰথম ভাগতেই ২০০৮-০৯ চনৰ ৰেল বাজেটত লালু প্ৰসাদ যাদক প্ৰশ্ন কৰিছিলো যে অসমত ডাৱল লাইন , বৈদ্যুতিক ৰেল কিয় নাই ? সেইয়া আৰম্ভনী আছিল আৰু আজিলৈকে মই প্ৰতিটো আলোচনাতে সৰৱ ভুমিকা লোৱাৰ চেষ্টা কৰি আছো । এইবিলাক কথা সংসদ ভৱনৰ কামকাজৰ ভিডিঅ’ ফুটেজ চালেই ওলাই পৰিব ।
ৰাজনীতি অসম: সিধাকৈ কওঁক আপুনি নাগৰিকত্ব বিধেয়কখনকলৈ কি ভাবে ?
বিশ্বজিৎ দৈমাৰী: নাগৰিকত্ব বিধেয়ক ২০১৬ অকল অসম বা মেঘালয়ৰ কাৰণে নহয় । সমগ্ৰ দেশৰ বাবেই ই প্ৰযোজ্য । কিন্তু অসমৰ কাৰণে পাৰ্থক্যটো হ’ল ‘অসম চুক্তি ‘ অনুসৰি অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ হ’ল ১৯৭১ চনৰ ২৪ মাৰ্চ । বিধেয়কখন যদি গৃহিত হ’ব লগা হয় তেন্তে ই অসম চুক্তিক নস্যাত কৰিব । অসমৰ সৰ্ব স্তৰৰ ৰাইজে বিৰোধীতা কৰি আছে বিল খনকলৈ । সেয়ে আমাৰ বিটিচি চীফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছ যে সাপো মৰক লাঠিও ভাঙিব নালাগে । যিখিনি মানুহ প্ৰাণৰ ভয়ত নিজৰ দেশ এৰি গুছি আহিছে সেই মানুহখিনিক মানবীয় দৃষ্টিৰে সকলোৱে চোৱাটো প্ৰয়োজন । ভাৰতৰ নাগৰিকত্বৰ ভিত্তি বৰ্ষ হৈছে ১৯৫১ চন কিন্তু মাত্ৰ অসম প্ৰদেশত এই সময় ১৯৭১ । আমি যিহেতু ২০ বছৰ অধিক বোজা আগতেই লৈ থৈছো সেই কাৰণে নতুনকৈ নাগৰিকত্ব দিব খোজা মানুহখিনিক ভাৰতৰ আন ৰাজ্যবোৰৰ মাজত ভগাই দিলেই সমস্যা শেষ ।
ৰাজনীতি অসম: ‘বিটিচি চুক্তি ‘খনৰ প্ৰায় ১৫ বছৰ হ’ল । আপুনি কি অনুভৱ কৰে আজিৰ সময়ত ?
বিশ্বজিৎ দৈমাৰী: বিটিচি চুক্তি অকল বড়োৰ কাৰণে কৰা চুক্তি নহয় । বিটিচি অঞ্চলত বাস কৰা প্ৰতিটো ভাষা, ভাষী জাতি, জনগোষ্ঠিৰ উন্নয়নৰ কাৰণে কৰা এখন চুক্তি । বিটিচি চুক্তি সংসদত উত্থাপন হৈছিল আৰু দুয়োখন সংসদত গৃহিত হৈছিল । ইয়াৰ অৰ্থ কি সকলোৱে জানে । মাত্ৰ ৰাজনীতিৰ কাৰণে বিভিন্ন দলে বিভিন্ন কথা কৈ থাকে । বিপিএফ দলে বিটিএডি অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠিৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰি আছে আৰু ৰাইজৰ সহায় সহযোগিতাত বহু সফলো হৈছে । বিটিচি অঞ্চলটোক অকল অসমৰ ভিৰতৰতেই নহয় সমগ্ৰ ভাৰতৰ ভিতৰত উন্নয়নৰ এটা বিশেষ অঞ্চল হিচাপে গঢ়ি তুলিব লাগিব যাতে ভাৰতৰ অন্য ঠাইৰ মানুহৰ কাৰণে বিটিচি আদৰ্শ হয় ।
ৰাজনীতি অসম: অসমৰ প্ৰতিটো নিৰ্বাচনত বিপিএফ দলৰ ভুমিকা কি ?
বিশ্বজিৎ দৈমাৰী: বিপিএফৰ সমৰ্থন অবিহনে অসমত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে । এই কথা মই নিজে বিপিএফ দলৰ কৰ্মী হিচাপে কোৱা নাই । ইয়াৰ সম্পুৰ্ণ বৈজ্ঞানিক ভিত্তি আছে । বিটিচিৰ বাহিৰতো প্ৰতিখন জিলাতেই কম বেছি পৰিমানে আমাৰ ভিত্তি আছে । বিটিচিৰ বাহিৰত এনেকুৱা ২৭- ২৮ টা বিধান সভা সমষ্টি আছে য’ত বিপিএফ ভোটাৰে নিৰ্ণায়ক ভুমিকা লৈ আছে । এইবিলাক কথা যোৱা ৪-৫ টা লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ ফলাফলে প্ৰমান কৰে । কংগ্ৰেছ দলে বিপিএফৰ লগত সহযোগ নকৰাৰ ফলত বিপিএফ ওলাই আহিছিল চৰকাৰৰ পৰা আৰু বিজেপিক সমৰ্থন কৰিছিল । ফলাফল কি হ’ল সকলোৱে দেখিলে আৰু কংগ্ৰেছে দেখিলে । আমাৰ মুল কথা হ’ল বিটিএডিৰ উন্নয়ন ।
ৰাজনীতি অসম: বিপিএফে অসমৰ চৰকাৰ গঠনত নিৰ্নায়ক ভুমিকা লৈ আছে বুলি আপুনি কৈছে । কিন্তু যোৱা ২০১৪ লোকসভা নিৰ্বাচনত সন্মানীয় কোকৰাঝাৰ লোকসভা আসনখনত বিপিএফ পৰাজিত হৈছে । সেয়ে এইবাৰ পৰিকল্পনা কি ?
বিশ্বজিৎ দৈমাৰী: ২০১২ চনত গোষ্ঠিগত সংঘৰ্ষ হৈছিল । এই ঘটনাটোক কেন্দ্ৰ কৰি আন দলবোৰে ৰাজনীতি কৰিলে । ফলত কিছু কিছু ঠাইত আবেগৰ দ্বাৰা পৰিচালিত হৈ মানুহে বিপিএফৰ বিৰুদ্ধে ভোট দিলে । এইয়া সাময়িক । কাৰণ যোৱা চাৰিটা বছৰত সকলোৱে দেখা পাইছে যে বিটিএডি অঞ্চল উন্নয়ন আৰু শান্তিৰ বাতাবৰণত অসমৰ ভিতৰত এক নম্বৰত । বৰ্তমানৰ সাংসদ ডাঙৰিয়াই যিবিলাক কথা কৈ ভোট লৈছিল সেইবিলাক কথা সাধাৰণ ৰাইজে বুজি পাইছে । ৰাইজৰ মোহভংগ ঘটিছে । সেয়ে আমি সম্পুৰ্ণ বিশ্বাসী যে শান্তি আৰু উন্নয়নৰ পৰিবেশে এইবাৰৰ নিৰ্বাচনৰ ফলাফল বিপিএফৰ সপক্ষে নিব ।
অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:
1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views