(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)
- চবিন বসুমতাৰী
অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)
টিং টং টিং টং… গোসাঁই চাৰৰ ঘৰৰ কলিং বেলটো বাজি উঠিল। ৰাতি-দিন চেনেলত সন্ধিয়াৰ বাতৰি চাই থকা গোসাঁই চাৰে বিৰক্ত হৈ দৰ্জা খন খুলিলে। সন্মুখত আলহিক দেখি গোসাঁই চাৰ হতচকিত…
গোসাঁইঃ কি কথা ! মোৰ ঘৰত সুদৰ্শন ! জেললৈ নিব আহিছা নেকিহে?
সুদৰ্শন সোনোৱালঃ কি যে কয় ছাৰ! এয়া চাওক মোৰ লগত সভাপতি মজ্ঞিত দাসো আহিছে।
গোসাঁইঃ মোক জেহাদী বুলি গাই থকাজনক নানিলা নেকি?
সুদৰ্শন সোনোৱালঃ কৈছিলো ছাৰ কিন্তু তেওঁ আহিবলৈ সাহস গোটাব নোৱাৰিলে।
গোসাঁইঃ ভালেই কৰিছা নানিলা। এইকেইদিন মোৰ খংটো অলপ বেছি হৈ আছে।
গোসাঁই চাৰৰ ড্ৰইং ৰুমৰ চোফাত তিনিও জন বহিল।
গোসাঁইঃ কোৱাচোন বোপাহত মই তোমালোকক কেনেকৈ সহায় কৰিব পাৰো?
সুদৰ্শন সোনোৱালঃ আমাৰ চৰকাৰৰ কাম কাজ আপুনি কেনে পালে সেই বিষয়ে মতামত লবলৈ আহিলো ছাৰ।গোসাঁইঃ পেপাৰ তেপাৰ নপঢ়া নেকিহে? তাত চোন তোমালোকৰ গুণ গাইয়ে থাকো। নতুনকৈ আৰু কি কম?
সুদৰ্শন সোনোৱালঃ ব’চৰ হুকুম। চিধা চিধিকৈ কথা পাতিলে বুজাব পাৰোই চাগে। সেই আশাতেই আহিলো ছাৰ।
গোসাঁইঃ লাভ নহব চাগে! চেষ্টা এটা কৰি চাব পাৰা।
সুদৰ্শন সোনোৱালঃ আমি কেইটামান বিষয়ৰ ওপৰত আপোনাৰ লগত আলোচনা কৰিম। তাৰ আগতে আমাৰ চৰকাৰৰ প্ৰদৰ্শনৰ বিষয়ে থুলমুলকৈ কব নেকি?
গোসাঁইঃ থিক আছে! শুনিবলৈ সাহস কৰিছা যেতিয়া শুনা: বিমুদ্ৰাকৰণ…., জিএচটি…, দলিত…..,গো ৰক্ষা….., পেট্ৰল…, ডিজেল…..,কৰ্পৰেট…..
সুদৰ্শন সোনোৱালঃ হব নেকি চাৰ, ৰাতি বহুত হ’ল?
গোসাঁইঃ ধৈৰ্য্য ধৰা! আৰু আছে। মালায়া.., নিৰভ মোডী…, হিন্দু বাংলাদেশী….., মূল্যবৃদ্ধি, বেয়া বাত পথ, নিবনুৱা সমস্যা, কৃষক….হবনে আৰু লাগিব?
সুদৰ্শন সোনোৱালঃ আমি যে ৩ কৌটি শৌচাগাৰ নিৰ্মাণ কৰিছো সেইটোত আমাক চাব্বাচি নিদিয়ে নেকি?
গোসাঁইঃ মূল্যবৃদ্ধি ইমান হৈছে মানুহৰ খাবলৈ নাইকিয়া …উলিয়াব আৰু ক’ৰ পৰা?
সুদৰ্শন সোনোৱালঃ আমি স্বাস্হ্য বীমা আচনিও আৰম্ভ কৰিছো।
গোসাঁইঃ বীমা কিয় কৰিব লাগে? বেমাৰ বিলাকটো পাপৰ ফলতহে হয়। হোম আৰু যজ্ঞ কৰা।
সুদৰ্শন সোনোৱালঃ আমাৰ চৰকাৰে ৭৫০০০ কিলো মিটাৰ হাইৱে বনাইছে। সকলো ৰাইজে খুব প্ৰশংসা কৰিছে।
গোসাঁইঃ কিহৰ প্ৰশংসাহে? হাইৱেত যাব নোৱাৰা অবস্হা কৰিছা। গাড়ী বিলাকৰ যিহে তীব্ৰ বেগ। আগতেই ভাল আছিল। গাত বিলাকৰ বাবে স্পীড কম আছিল সেয়ে দুৰ্ঘটনা নহৈছিল।
সুদৰ্শন সোনোৱালঃ আমি বহুত মহাবিদ্যালয় নিৰ্মাণ কৰিছো। এইটোত আশা কৰিছো আপুনি সুখী কাৰণ আপুনি শিক্ষাৰ লগত জড়িত।
গোসাঁইঃ তোমালোকে দীনদয়ালৰ নামত মহাবিদ্যালয় পতা বন্ধ কৰিহে খুব বেয়া কাম কৰিছা। মোৰ লেখিবলৈ এটা বিষয় নোহোৱা হৈ গ’ল।
সুদৰ্শন সোনোৱালঃ শেষত এটা কথা কম যিটোত আপুনি আমাক ধন্যবাদ দিবই লাগিব! এপিএছচিত আমি সংস্কাৰ আনিছো। আমাৰ ঘোৰ বিৰোধীয়েও আমাক প্ৰশংসা কৰিছে।
গোসাঁইঃ এইটোত অলপ দম আছে।
সুদৰ্শন সোনোৱালঃ কৃঞ্চ কৃঞ্চ! অবশেষত আপুনি আমাৰ এটা কথাত অন্ততঃ পতিয়ন গ’ল। আমি নথৈ আনন্দিত হ’লো ছাৰ!
গোসাঁইঃ ইমান উত্রাবল নহ’বা। মই দম আছে বুলি কৈছো , সুখী বুলিতো কোৱা নাই। ৰাইজে ভাল পাইছে সচা কিন্তু মই ১০০% সন্তুষ্ট নহয়।
সুদৰ্শন সোনোৱালঃ কিয় ছাৰ?
গোসাঁইঃ নাজানো কিয় ! কিন্তু মোৰ অন্তৰে কৈছে ইয়াত তোমালোকৰ সদিচ্ছাৰ অভাব। মই কিবা ষড়যন্ত্রৰ গোন্ধ পাইছো।
সুদৰ্শন সোনোৱাল আৰু মজ্ঞিত দাসে একে লগে নমস্কাৰ কৰি কলে ‘ ছাৰ! আপুনিয়েই কওকচোন কি কৰিলে আপুনি সুখী হ’ব?
গোসাঁইঃ তোমালোকে যিয়ে নকৰা কিয় মোৰচোন একোৱে ভাল নালাগে। তোমালোকৰ আচনিবোৰৰ কথা শুনিলে মুখ খন কিয় জানো কিবা তিতা তিতা লাগে।
এনেতে বাইদেউ আহিল। হাতত চাহৰ থাল। থালত আছিল ৰঙা চাহ, লালমোহন আৰু বাদাম।
সুদৰ্শন সোনোৱালঃ ছাৰ !চাহৰ থালখন দেখি বুজিব পাৰিছো ইয়াৰ কাৰণ!
গোসাঁইঃ কি বুজিলা?
সুদৰ্শন সোনোৱালঃ গোসাঁইৰ ৰঙা ঘৰত গেৰুৱা চৰকাৰ।
অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:
1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views