অসহায় কেজৰীৱাল

2388
  • তাৰক দাস

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


সুদীৰ্ঘ ৮ দিন পিছত যোৱা ১৯ জুন তাৰিখে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল ওলাই আহিল উপ ৰাজ্যপালৰ কাৰ্য্যালয়ৰ পৰা। দিল্লী চৰকাৰৰ আন তিনিজন মন্ত্রীৰ সৈতে উপ ৰাজ্যপালৰ কাৰ্য্যালয়ত এক প্ৰকাৰৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কেজৰিৱালে। ৰাইজৰ দ্বাৰা নিৰ্বাচিত মুখ্যমন্ত্রীৰ এনে ধৰণৰ প্ৰতিবাদ ভাৰতীয় গণতন্ত্ৰত বিৰল।

২০‍১৫ চনত দিল্লী বিধান সভাৰ ৬০ৰ ভিতৰত ৫৭ খন আসন দখল কৰি মুখ্যমন্ত্রীৰ আসনত উপবিষ্ট হৈছিল অৰবিন্দ কেজৰীৱাল। তাৰ আগতে আন্না আন্দোলনৰ লগতো জড়িত আছিল তেখেত। বহুতৰ মতে ২০১৫ৰ পৰাজয় সহজ ভাবে লব পৰা নাই বিজেপিয়ে। সেইবাবে উপ ৰাজ্যপালৰ জৰিয়তে দিল্লী ৰাজ্য চৰকাৰৰ বিভিন্ন ক‍ামত হেঙাৰ সৃষ্টি কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে।

মনত ৰখা ভাল যে দিল্লী এখন পূৰ্ণ ৰাজ্য নহয়। ভাৰতৰ সংবিধানে দিল্লীৰ ক্ষমতা উপ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ মাজত ভগাই দিছে। উপ ৰাজ্যপালৰ অধিনত আইন শৃংখলাৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে। উপ ৰাজ্যপাল কেন্দ্ৰীয় গৃহ মন্ত্রনালয়ৰ অধিনত কাম কৰে। শিক্ষা , স্বাস্হ্য আদিৰ দৰে বিভাগ বিলাক ৰাজ্য চৰকাৰৰ অধিনত। ২০১৫ত দিল্লীত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পিছত এখন নোটিফিকেছনৰ জৰিয়তে services (সেৱা) দিল্লী ৰাজ্য চৰকাৰৰ অধিনৰ পৰা আতৰাই উপ ৰাজ্যপালৰ অধিনলৈ নিয়া হয়। স্বাভাবিকতে এই সিদ্ধান্তৰ পিছত এক প্ৰকাৰ ক্ষমতা হীন হৈ পৰে ৰাজ্য চৰকাৰ। সাধাৰণ পিয়ন এজনকো নিলম্বন বা বদলি কৰাৰ ক্ষমতা হেৰুৱাই পেলায় তেওঁলোকে। ৰাজ্য চৰকাৰে ইয়াৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্হ হৈছিল যদিও উচ্চ ন্যায়ালয়ত তেওলোকৰ সপক্ষে ৰায়দান নহ’ল। বৰ্তমান বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰধীন হৈ আছে।

দিল্লীৰ আই.এ.এচ বিষয়া বোৰৰ সৈতেও ৰাজ্য চৰকাৰৰ সংঘাত আৰম্ভ হৈছে। আনকি দিল্লীৰ মুখ্য সচিবক আপ দলৰ বিধায়কে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ প্ৰতিবাদত বিষয়াবোৰে মন্ত্রীৰ সভা বৰ্জন কৰিছে। মুঠতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংঘাত এনে পৰ্য্যায় পাইছে যিটো আগতে হোৱা নাছিল। উপায়হীন হৈ অৰবিন্দ কেজৰিৱাল উপ ৰাজ্যপ‍ালৰ কাৰ্য্যালয়ত ধৰ্না দিবলৈ বাধ্য হ’ল। উপ মুখ্যমন্ত্রী মনিচ চিচোডিয়া আৰু স্বাস্হ্য মন্ত্রী সত্যেন্দ্ৰ জৈনে আমৰণ অনশন আৰম্ভ কৰিলে। কেজৰিৱালে আন চাৰি মুখ্যমন্ত্রী মমতা বেনাৰ্জী, চন্দ্ৰবাবু নাইডু, কুমাৰস্বামী আৰু পিনাৰায়ী বিজয়নৰ সমৰ্থন লাভ কৰিলে।

 অবশেষত উপ ৰাজ্যপালে বিষয়াৰ লগত সভা অনুস্হিত কৰাৰ প্ৰতিশ্ৰুতি দিলে আৰু প্ৰতিবাদৰ অন্ত পৰিল। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংঘাতৰ ফলত ক্ষতিগ্ৰস্হ হ’ল দিল্লীৰ সাধাৰণ জনতা। কেজৰীৱালে অতীতত যদিও কিছু ভূল কৰিছিল কিন্তু এই ঘটনাটোৰ পিছত তেখেতে ৰাইজৰ সহানুভূতি পাবলৈ সক্ষম হৈছে।এবিপি নিউজে ২০জুন ২০১৮ ত প্ৰকাশ কৰা অ’পিনিয়ন প’ল অনুসৰি ৫০% মানুহ এই কথাত একমত যে কেন্দ্ৰীয় চৰকাৰে কেজৰীৱালক কাম কৰাৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰিছে । ৬৭% দিল্লীৰ ৰাইজ কেজৰীৱালৰ কামত সন্ত্তষ্ট বা খুব সন্ত্তষ্ট । এইটোৱে প্ৰমাণ কৰে যে কেজৰীৱালৰ জনপ্ৰিয়তা এতিয়াও অটুট   আছে । কেজৰিৱালৰ অভিযোগ অনুসৰি অটল-আদৱানীৰ চৰকাৰৰ দিনত বিৰোধী দলৰ প্ৰতি বৈৰী ভাব ৰখা নহৈছিল । কিন্তু মোডী-শ্বাহৰ চৰকাৰ এই ক্ষেত্রত সম্পূৰ্ণ পৃথক । অনাগত দিনত লক্ষনীয় হবযে এই সংঘাতে অাৰু কি ৰূপ লয় ।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views