- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
২৬ নবেম্বৰ ২০২৩,ৰবিবাৰ। ভাৰতৰ স্বাস্হ্য মন্ত্রালয়ৰ পৰা প্ৰতিখন ৰাজ্যলৈ এক নিৰ্দেশনা আহে। ইয়াত ৰাজ্য চৰকাৰবোৰক পিপিই কিট, ঔষধ ,অক্সিজেন আদি পৰ্যাপ্ত পৰিমানে মজুত আছেনে নাই তাৰ সমীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হয়। ইয়াৰ কাৰণ হ’ল চাইনাত আৰম্ভ হোৱা এক নতুন ৰোগ। এই ৰোগবিধে শিশুসকলৰ হাওফাওত আক্ৰমণ কৰে। ইয়াক বহুতে নিমোনিয়াৰ দৰে ৰোগ বুলি ক’ব খোজে। বেইজিং আৰু চাইনাৰ উত্তৰ পূবৰ অঞ্চলত ব্যাপক ভাবে সক্ৰমিত হৈছে। ফলত হাস্পতাল আৰু আই চি ইউত ৰোগীৰ সংখ্যা অস্বাভাবিক ভাবে বৃদ্ধি পাইছে। স্কুলত এজন শিক্ষাৰ্থী আক্ৰান্ত হ’লে গোটেই শ্ৰেণীটো এসপ্তাহৰ বাবে বন্ধ ৰাখিছে। চাইনাই অবশ্যে ইয়াক কৰোনাৰ লগত তুলনা কৰিব বিচৰা নাই। তেওঁলোকৰ মতে মানুহবিলাক কৰোনাৰ সময়ত গৃহবন্দী হৈ আছিল। ফলত শিশু বিলাকৰ শৰীৰে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব নোৱাৰিলে। এতিয়া সকলো বোৰ প্ৰতিবন্ধকতা আতৰাৰ পিছত তেওঁলোক ৰোগত আক্ৰান্ত হৈছে। ভাৰতৰ ডাক্তৰ সকলেও কৈছে যে চিন্তাৰ কোনো কাৰণ নাই। ভাৰতত পুনৰ কৰোনাৰ দৰে পৰিস্তিতি নহয় বুলি তেওঁলোক নিশ্চিত। সকলোৱে অবশ্যে সাবধান হৈ থকা দৰকাৰ।