প্ৰদ্যুত বৰদলৈৰ কি হ’ব?

598
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


১০১৯ চনৰ লোকসভাৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে এক প্ৰত্যহ্বান আছিল। দেশত চলা মোদী লহৰ আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণ কৌশলক নিৰস্ত্ৰ কৰি কংগ্ৰেছে ৰাজ্যত তিনিজন সাংসদ জয়ী কৰি নিবলৈ সক্ষম হৈছিল। ইয়াৰ ভিতৰত বৰপেটা আৰু কলিয়াবৰত মুছলমানৰ সংখ্যাগৰিষ্ঠতা আছিল। ইয়াৰ দুজন অগপ প্ৰাৰ্থীক পৰাজিত কৰি আব্দুল খালেক আৰু গৌৰৱ গগৈ বিজয়ী হৈছিল। বিজেপিৰ প্ৰাৰ্থী পৰাজিত হোৱা একমাত্র সমষ্টি আছিল নগাঁঅ। ৰাজেন গোহাঁই ইয়াৰ পূৰ্বে তাৰ পৰা চাৰিবাৰ সাংসদ নিৰ্বাচিত হৈছিল। সকলো প্ৰত্যাহ্বান নেওচি সেই সমষ্টিৰ পৰা প্ৰদ্যুত বৰদলৈ জয়ী হ’বলৈ সক্ষম হৈছিল। বিজেপিয়ে কৰিমগঞ্জক লৈ কিছু আশংকা কৰিছিল যদিও মুৰকত তেওঁলোক কৰিমগঞ্জত জিকিল যদিও নগাঁঅত হাৰি থাকিল। ২০২৪ৰ পৰিবেশ সুকীয়া। এতিয়া বৰপেটা আৰু কাজিৰঙাত হিন্দু সংখ্যাগৰিষ্ট আনহাতে নগাঁঅত মুছলমানৰ অধিপত্য আছে। মুখ্যমন্ত্রীয়ে প্ৰায়ে সভাবোৰত কৈ থাকে যে বিজেপিয়ে ১১.৫ খন আসন জিকিব। ধুবুৰী আৰু নগাঁঅৰ আশা তেওঁলোকে বাদ দিছে। কৰিমগঞ্জক লৈ তেওঁলোক ৫০% আশাবাদী। ধুবুৰীত বদৰুদ্দিন আজমলক পৰাস্ত কৰা কংগ্ৰেছৰ বাবে কঠিন। কৰুমগঞ্জতো আজমলৰ দলৰ প্ৰভাব আছে। এই সময়ত কংগ্ৰেছ ৰ নিশ্চিত আসন আসমত এখনেই আছে আৰু সেইখন হ’ল নগাঁঅ। সেইবাবে এই আসনখনৰ প্ৰতি বহুতৰে চকু আছে। গৌৰৱ গগৈ বৰ্তমান কংগ্ৰেছ ৱৰ্কি কমিতিৰ সদস্য। তেওঁ বিচাৰিব যে তেওঁ এখন নিৰাপদ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ আহক। নগাঁঅতকৈ ভাল আসন তেওঁৰ বাবে কি হ’ব পাৰে? গৌৰৱে যদি নগাঁঅত খেলে তেন্তে প্ৰদ্যুতৰ কি হ’ব? খবৰ পোৱা মতে প্ৰদ্যুত বৰদলৈক গুৱাহাটী আসনখন দিয়া হ’ব। স্বাভাবিকতে বৰদলৈৰ গুৱাহাটীৰ প্ৰতি কোনো মোহ নাই। কিন্তু হাই কামাণ্ডে বিচাৰিলে উপাই নাই। বৰদলৈ বিজেপিলৈ গ’লে টিকট পোৱাৰ নিশ্চয়তা নাই। সেয়েহে কংগ্ৰেছ হাই কামাণ্ডৰ কথামতে তেওঁ গুৱাহাটী আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাবনা আছে।