বুৰহান বানি , চাৰ্জিল ইমামৰ পৰা আৰবান নক্সাল জীতেন্দ্ৰলৈ……

466
  • বুবুল তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


বুৰহান বানি , চাৰ্জিল ইমাম , ওমৰ খালিদ , য়াচিন মালিক সামাজিক কৰ্মী নে সন্ত্রাসবাদী আছিল, তাৰ উত্তৰ বিচৰাৰ বাবে কোনো বিশেষ ৰকেট বিজ্ঞানৰ প্ৰয়োজন নাই । ভাৰতৰ সাৰ্বভৌমত্ব আৰু জনগণৰ শত্ৰু এই সন্ত্ৰাসবাদীসমুহ । কিন্তু প্ৰশ্ন হয় যে এই সন্ত্ৰাসৱাদী সকলক আমাৰ সমাজৰ চিনাকী একাংশ শিক্ষাবিদ , ডাক্তৰ , প্ৰফেচাৰ আদিয়ে কিয় সমৰ্থন কৰে ?

কাশ্মীৰৰ এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী বুৰহান বানি ভাৰতীয় সেনাৰ গুলীত নিহত হৈছিল আজিৰ পৰা কিছু বছৰ আগত । কাশ্মীৰৰ সন্ত্ৰাসবাদীজনৰ মৃত্তুত অসমৰ পৰাও প্ৰতিবাদ কৰা হৈছিল । সন্ত্ৰাসবাদীজনৰ হত্যাৰ বিৰুদ্ধে অসমত জন সমৰ্থন সৃষ্টি কৰাৰ উদ্দেশ্যে এক প্ৰচেষ্টা কৰা হৈছিল । বাতৰিকাকতত নিবন্ধ লেখা হৈছিল সন্ত্ৰাসবাদীজনৰ সমৰ্থনত । প্ৰত্যক্ষ ভাবে
লেখিছিল এইদৰে ____” আমাৰ বাবে বুৰহান বানি নামৰ মৃত যুৱকজন এটা শক্তিশালী আৰু জীৱন্ত প্রতীক। সেই প্রতীকে তথাকথিত মূলসুঁতিৰ মানসিকতাৰ মাজত বৈ থকা কেতবােৰ তলসুতীয়া ক্ষতিকাৰক বৈশিষ্ট্যৰ বিষয়ে স্পষ্ট আভাস দাঙি ধৰিব পাৰে। বিশেষকৈ ভৌগােলিকভারে Chicken neckৰ সিটো পাৰে অৱস্থিত অসমৰ গৰিষ্ঠসংখ্যক সচেতন খিলঞ্জীয়া লােকৰ মনৰ অনুভূতিবােৰৰ লগত মূলসুঁতিৰ ভাৰতীয় মানসিকতাটো সততে খাপ নাখায়। কিছু কিছু ক্ষেত্ৰত এক আধিপত্যশীল মানসিকতাৰে আগবঢ়া তথাকথিত মূলসুঁতিয়ে দাঁতিকাষৰীয়া অঞ্চলৰ স্বাধীনচিতীয়া চিন্তাক গুৰুত্বহীন কৰিবলৈকো কুণ্ঠাবােধ নকৰে। সেইবাবেই বুৰহান বানিৰ মৃত্যুৱে উত্তৰ-পূৰ্বাঞ্চলৰ সচেতন লােকৰ মনলৈ যিবােৰ আহুকলীয়া প্রশ্ন আনে, সেই একে প্রশ্ন বিহাৰ বা ৰাজস্থানৰ এজন শিক্ষিত ব্যক্তিৰ মনলৈ নাহে।  ‘”

আপুনি যদি ভাবিছে যে উক্ত কথাখিনি কোনো ইচলামিক সন্ত্ৰাসবাদী  সংগঠন হুজি , লস্কৰৰ নেতাৰ তেন্তে আপোনাৰ ভুল হৈছে । এইখিনি কথা হৈছে অসমৰ এজন প্ৰতিষ্ঠিত বুদ্ধিজীবী আৰু লেখকৰ । ময়ূৰ বৰা _ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিটিআৰৰ বাহিৰত থকা অঞ্চলৰ বিভিন্ন অনুষ্ঠানত বক্তৃতা দিয়া  সুকন্ঠৰ এজন বুদ্ধিজীবী । অসমীয়া ভাষী আমাৰ সহজ সৰল মানুহে এইধৰণৰ ব্যক্তিক মুৰত তুলি সেৱা কৰে । থিক বৰাই যেতিয়া বুৰহানক হিৰো সজাইছিল একে সময়তে
পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল ৱাজবাই বুৰহান নামৰ সন্ত্ৰাসবাদী জনক ফ্ৰিদম ফাইটাৰ বুলি বিজ্ঞপ্তি দিছিল । সন্ত্ৰাসবাদীৰ সমৰ্থনত একাংশ লিবাৰেল বুলি ভবা শিক্ষাবিদে ভুমুকি সদায় মাৰে । জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ৰ শিক্ষক নিবেদিতা মেনন , প্ৰাক্তন বাওঁপন্থী ছাত্ৰ নেতা আৰু বৰ্তমানৰ কংগ্ৰেছী নেতা কনাইয়া কুমাৰ , ওমৰ ফাৰুকে বুৰহান ৱানিৰ মৃত্যুত শোক প্ৰকাশ কৰি বুৰহানৰ সমৰ্থনত গোটেই ভাৰতত প্ৰচাৰ
চলায়ছিল যিডাল তাঁৰৰ সংযোগ গুৱাহাটীলৈ
থাকে ।

আমাৰ সমাজতে হিৰেণ গোহাইৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জনে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি ইচলামিক অসম কৰাৰ বাবে নীতি প্ৰচাৰ কৰা চাৰ্জিল ইমামক প্ৰশংসাৰে ওপচাই পেলায় , কাশ্মীৰৰ সন্ত্ৰাসবাদক সমৰ্থন কৰা বক্তব্য বহুল প্ৰচাৰিত । অমুচলমান বুদ্ধিজীবীয়ে আইছিচ , অল কায়দা , লষ্কৰৰ দৰে ইচলামিক সন্ত্ৰাসবাদৰ ভয়াবহ দেখাৰ পিছতো কিয় ইচলামিক সন্ত্ৰাসবাদীক সমৰ্থন দিয়ে ?

গুৱাহাটীস্থ এনেকুৱা সন্ত্ৰাসবাদী প্ৰেমী বুদ্ধিজীবী আপোনাৰ মোৰ চহৰখবত , চুৱুৰীটোত জানো নাই?

এওঁলোক জানো মুৰ্খ ?

প্ৰতিখন চহৰত দহজন অধ্যাপক , কমেও তিনিজন চিকিৎসক আৰু দুজন অৱসৰপ্ৰাপ্ত শিক্ষক সাহিত্যিক থাকে যিয়ে ভাৰতীয় ৰাষ্ট্ৰবাদত বিশ্বাসী মানুহক ঘৃণা কৰে । নিজৰ সন্তান দিল্লী , মুম্বাই , বাংগালোৰ , পুনেৰ স্থায়ী বাসিন্দা লগতে আমেৰিকাৰ বহু জাগতিক কোম্পানীত কাম কৰে কিন্তু আন্দোলন কৰে ভাৰতীয়ত্বৰ বিৰুদ্ধে ।
কেব আন্দোলনৰ সময়ত আমি নলবাৰী চহৰত দেখিছিলোঁ একাংশ প্ৰতিষ্ঠিত ব্যক্তিয়ে অসমীয়া ভাষাৰ ভৱিষ্যত ৰক্ষাৰ ভাষণ দি মৌলবাদী শক্তিৰ লগত হাত মিলোৱা ।
খুবেই চিনিয়ৰ জনৈক ডা০ তালুকদাৰ উপাধিৰ এজন চিকিৎসকৰ কথা মনত পৰেনে ? ছাত্ৰ ছাত্ৰীক কেবৰ বিৰুদ্ধে মাত মাতি ৰাজপথত আহিবলৈ হুংকাৰ দিয়া চিকিৎসকজনৰ খৱৰ আমি আবেগিক অসমীয়াই ৰাখিছো নে আজিৰ তাৰিখত ? নিজৰ একমাত্ৰ পুত্ৰৰ বিদেশী বোৱাৰীৰ পৰিয়ালৰ লগত থাকি নাতি পুতিৰ লগত ইংৰাজীত কথা পাতি জীৱনৰ বৃদ্ধকাল পাৰ কৰিবলৈ ভাৰত দেশ ত্যাগ কৰা ডাক্তৰ তালুকদাৰৰ খৱৰ আমি ৰখা নাই । ক্লাচ ক্ষতি কৰি অহা ছাত্ৰৰ লগত আন্দোলন কৰা জনৈক ডাক্তৰ গোস্বামীৰ সন্তানৰ খৱৰ জানো আমাৰ সাধাৰণ শ্ৰেণীৰ আন্দোলনকাৰী ছাত্ৰৰ অভিভাবকে লৈছে ? তেওঁলোক নিজেও ডাক্তৰ আছিল আৰু কেব আন্দোলনৰ সময়ত অসমৰ বাহিৰত পঢ়ি থকা নিজৰ সন্তানো আজি ডাক্তৰ হৈ ওলায় আহিল আৰু লাগ বুলিলেই আপোনাৰ মোৰ চকুৰ ছানি গুচাব ।

সাহুিত্যিক , শিক্ষাবিদে ৰাতিৰ নলবাৰীৰ ৰাজপথত জোৰ লৈ আন্দোলন কৰিলে । আন্দোলনকাৰীৰ দীঘল শাৰী । কিন্ত আচৰিত এটা প্ৰথম দুটা শাৰী পিছৰবিলাক মানুহ এক বিশেষ ধৰ্মৰ ৰাজনৈতিক ব্যক্তি । অসমীয়া ভাষা ৰক্ষাৰ বচন আওৰোৱা এই সাহিত্যিক ৰাজনেতাৰ নাতি পুতি সকল পানীগাওঁৰ ছেইন্ট মেৰি , মিলন চকৰ ডিপিএছ , লিটিল ফ্লাৱাৰ স্কুলত পঢ়ে । বাওঁপন্থী ভেশচন ধৰা মাহত লাখ টকা উপাৰ্জন কৰা জনৈক জীতেন্দ্ৰ নামৰ বেচৰকাৰী স্কুলৰ উদ্যোগপতিও হয় কমৰেড । জনৈক নালন্দা নামৰ তিনিমহলীয়া স্কুলৰ মালিকজনে অতি নিৰৱে প্ৰতি বছৰে নালন্দাৰ নামত আন বেচৰকাৰী স্কুল সমুহ ধ্বংস কৰি নালন্দা ফ্ৰেংচাইজ গঢ়ি তুলিছে । নলবাৰীৰ ৰাজপথত কৰা তেওঁৰ আন্দোলন হৈছে ব্যৱসায়ৰ বিজ্ঞাপন । কোন কোন ব্যক্তি এই আন্দোলনত জড়িত হয় । জনৈক কাকতি উপাধিৰ কলেজৰ অধ্যাপক যিয়ে পত্নী স্বামী সমন্বিতে দুই লাখৰ ওপৰত চৰকাৰী দৰমহা লৈ বেচৰকাৰী স্কুলৰ কাৰখানা জন্ম দিছে । শিশু মৃত্যুৰ গোচৰত জামিনত থকা শিশু ৰোগ চিকিৎসক জনৈক শৰ্মাজনেও নলবাৰী মেডিকেল কলেজৰ বিৰুদ্ধে গৈ চাক্ষৰ অভিযানত লিপ্ত হয় ।

এই গোটেই কেইটা ঘটনাত আৰবান নক্সালী অসমৰ ইলাইট ক্লাচ আৰু শিক্ষাদীক্ষাত আগবঢ়া একাংশ মানুহ জড়িত আছে । ইয়াত সাধাৰণ পান দোকান দিয়া অসমীয়াভাষী যুবকজন , টিভি ভাল কৰা বঙালীভাষী মেকানিকজন  বা ঘৰ বনোৱা তথাকথিত মিঞা মিস্ত্ৰীটোৱে একো উম-ঘামেই পোৱা নাই কিন্তু ।
এই ধৰণৰ প্ৰতিষ্ঠিত শিক্ষাবিদ সাহিত্যিক চিকিৎসকৰ প্ৰধান উদ্দেশ্য হৈছে অসমত পুনৰ সশস্ত্ৰ বিদ্ৰোহী গোট জন্ম দিয়া । কাৰণ আজি গাঁৱৰ লৰাই তেওঁলোকৰ সন্তানৰ লগত প্ৰতিযোগিতাত লিপ্ত হৈছে । প্ৰতিখন জিলাত মেডিকেল কলেজ হৈছে । বছৰত হাজাৰজন ডাক্তৰ ওলাব । পুৰণি ডাক্তৰৰ পৰিয়ালৰ মাজত সীমাবদ্ধ নহয় চিকিৎসা বৃত্তি । খুব সোনকালে যদি গাওঁৰ লৰাৰ হাতত পিষ্টল দিয়া নাযায় তেন্তে গাৱৰ পৰা ঠিকাদৰ , টেট শিক্ষক , অধ্যাপক , চিকিৎসক ,ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি ৰোধ কৰাটো অসম্ভৱ হৈ পৰিব । তাৰ কাৰণে প্ৰয়োজন হব অসম বা ভাৰতৰ পৰা বিজেপিক উৎখাত কৰাটো । বুদ্ধিজীবীৰ এই উদ্দেশ্যত বিৰোধী ৰাজনৈতিক দুই এটা দলে সমৰ্থন দিছে । সেইয়া অত্যন্ত ক্ষমতা কেন্দ্ৰীক যিটো আৰবান নক্সাল সকলৰ উদ্দেশ্যৰ লগত কিছু তাফাদ আছে ।

আৰবান নক্সালৰ লগত বিচ্ছিন্নতাবাদী শক্তিৰ সম্পৰ্কক অসমীয়া জনতাই প্ৰত্যুত্তৰ দিব আৰু জয়ী হব ,কাৰণ অসমীয়াৰ দেহত লাচিতৰ তেজ আছে ।