APSC সংবাদ

566
  • হৰকুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


APSCৰ গোচৰত অভিযুক্ত এ চি এচ বিষয়া ৰাকেশ দাসক বুধবাৰে গ্রেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ ছয়মাইলৰ ‍বনফুল নগৰৰ পৰা SITয়ে গ্রেপ্তাৰ কৰে পলাতক বিষয়াগৰাকীক।

গ্ৰেপ্তাৰৰ ভয়ত ছয়মাইলৰ এটা ঘৰত বাহিৰৰ পৰা তলা বন্ধ কৰি সোমাই আছিল এ চি এচ ৰাকেশ দাস। উল্লেখ্য যে, সহকাৰী নিয়োগ বিষয়াৰূপে কৰ্মৰত আছিল গ্ৰেপ্তাৰিত ৰাকেশ দাস।

বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ এচিএছ বিষয়াগৰাকীৰ বিৰুদ্ধে। আনে লিখা উত্তৰবহীৰে চাকৰিত উত্তীৰ্ণ হৈছে দাস। ৰাকেশ দাসৰ পিতৃৰ সৈতে ৰাকেশ পালৰ ঘনিষ্ঠতাৰ বাবেই ৰাজপত্ৰিত বিষয়া হ’ল ৰাকেশ দাস।

আৰক্ষীৰ জেৰাত ৰাকেশ দাসে ইংৰাজীত লিখিব পৰা নাছিল নলবাৰী, চাইকলজী আদি শব্দ। ইতিমধ্যে প্ৰমাণ হৈছে যে পৰীক্ষাৰ উত্তৰ বহীৰ হাতৰ আখৰৰ লগত মিল নাই ৰাকেশ দাসৰ হাতৰ আখৰ।

সুত্ৰৰ পৰা পোৱা খৱৰ অনুসৰি ৰাকেশ দাসে সাংবাদিকৰ আগত কয় যে- পৰীক্ষাত বহিছিলো, কিন্তু একো লিখা নাছিলো। অৰ্থাৎ ৰাকেশ দাসৰ চাৰিখনকৈ উত্তৰ বহীয়েই আছিল ভুৱা। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাকেশ দাসৰ পিতৃও তদন্তৰ আওতালৈ অহাৰ সম্ভাৱণা আছে।