কামৰূপৰ কীৰ্তি কুমাৰ ভাস্কৰ বৰ্মা

754
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


খৃঃ ৫৯৪ ত প্রাগজ্যোতিষ-কামৰূপত কুমাৰ ভাস্কৰ বৰ্মনৰ সিংহাসন আৰোহণে প্রাচীন অসমৰ ইতিহাসত এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰে
আৰু তেওঁৰ সাংস্কৃতিক কার্যাবলীৰ বাবে প্রায় অৰ্ধৰ্শতিকা জুৰি ভাস্কৰ বৰ্মনৰ ৰাজত্বকাল প্রাচীন অসমৰ ইতিহাসত গুৰুত্বপূৰ্ণ কাল। বিশেষকৈ উত্তৰ-ভাৰতৰ ৰাজনীতিত সক্রিয় অংশ গ্ৰহণৰ জৰিয়তে প্ৰাগজ্যোতিষৰ বাবে এক সুকীয়া আসন প্রতিষ্ঠা কৰা
বৰ্মনৰ নাম ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিখিবলগীয়া । তেওঁ খৃঃ ৫৯৪ ৰ পৰা খৃঃ ৬৫০ লৈকে চলা শাসনৰ সময়ছোৱাত
ভাস্কৰ বৰ্মন আৰু ৰজা হৰ্ষবৰ্ধনৰ মিত্ৰতাৰ কথা পোৱা যায় ।

খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ শেষৰ ফালে উত্তৰ ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি জটিল হৈ পৰিছিল। থানেশ্বৰৰ পুষ্যভৃতি বংশ,
কনৌজৰ মৌখাৰী বংশ, মালৱ আৰু পৰৱৰ্তী গুপ্ত ৰজাসকলৰ মাজৰ প্ৰতিদ্বন্দ্বিতাই আছিল ইয়াৰ মূল কাৰণ। এই প্রতিদ্বন্দ্বিতাত
মহাসেন গুপ্ত নামৰ এজন গুপ্ত ৰজাই বাকী ৰাজবংশবিলাকৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত
মহাসেন গুপ্তই সেই সময়ৰ কামৰূপৰ ৰজা সুস্থিত বৰ্মনৰ শাসনকালত কামৰূপ আক্ৰমণ কৰে। এই আক্ৰমণত সুস্থিত বৰ্মনৰ মৃত্যু
হয় আৰু মহাসেন গুপ্তই কামৰূপৰ অধীনত থকা পুন্দ্ৰবৰ্ধন ভূমিৰ চন্দ্ৰপুৰীকে আদি কৰি বহু অঞ্চল লাভ কৰে। সুস্থিত বৰ্মনৰ সু-
প্রতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন নামে দুজন পুত্ৰ আছিল। সেয়ে পিছত তেওঁৰ ডাঙৰ পুত্ৰ সু-প্রতিষ্ঠিত বৰ্মন কামৰূপৰ ৰজা হয়।
কিন্তু পুনৰ মহাসেন গুপ্তৰ লগত হোৱা আন এক সংঘৰ্ষত সু-প্রতিষ্ঠিত বৰ্মনৰো মৃত্যু হয়। তেতিয়া এনে এক দুর্যোগপূর্ণ অৱস্থাত
অতি কম বয়সতে ককায়েকৰ মৃত্যুৰ পিছত খ্ৰীঃ ৫৩৯ত ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা হয়। তেওঁ ৰজা হৈয়ে গুপ্তসকলৰ নিয়ন্ত্রণাধীন
হোৱা কামৰূপৰ ঠাইসমূহ উদ্ধাৰৰ কাৰণে প্রতিজ্ঞাবদ্ধ হয়। ইতিমধ্যে মহাসেন গুপ্তৰ মৃত্যু হয়। কিন্তু তেওঁৰ পিছৰ শাসকসকল
অত্যন্ত দুৰ্বল হোৱা হেতুকে মহাসেন গুপ্তই দখল কৰা ঠাইসমূহ গৌড়বাজ শশাংকৰ হাতলৈ যায়।
পিতৃ-পিতামহৰ দিনৰ আৱিষ্কৃত অঞ্চলসমূহ আনক এৰি দিব লগা হোৱাটো ভাস্কৰ বৰ্মনৰ কাৰণে অসহনীয় হৈ পৰিছিল। সেয়ে
হেৰোৱা ঠাই উদ্ধাৰৰ কাৰণে গৌড়ৰাজ শশাংক আৰু ভাস্কৰ বৰ্মনৰ মাজত এক সংঘৰ্ষ আসন্ন হৈ পৰে। সেয়ে ভাস্কৰ বৰ্মনে কোনো
এক শক্তিশালী ৰাজশক্তিৰ সহায়ৰ অনুসন্ধানত ব্ৰতী হয়। আনহাতে কনৌজৰ মৌখাৰী বংশ আৰু মালৱ অঞ্চলত পৰৱৰ্তী গুপ্ত ৰজা
দেৱগুপ্ত শক্তিশালী হৈ উঠাৰ লগে লগে উত্তৰ ভাৰতৰ শেষ ৰাজশক্তি থানেশ্বৰৰ পুষ্যভূতি বংশৰ ৰাজনৈতিক ভাৰসাম্যতা ব্যতিক্রম
হোৱাৰ উপক্ৰম হ’ল। সেয়ে নিজৰ ৰাজশক্তিৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ কাৰণে থানেশ্বৰৰ ৰজা প্রভাকৰবৰ্ধনে নিজৰ জীয়েক ৰাজশ্ৰীক
মৌখাৰীৰাজ গ্রহ বৰ্মনলৈ বিয়া দিয়াত দুয়ো ফৈদৰ মিত্ৰতা স্থাপন হয়। এনেদৰে আকস্মিকভাৱে দুই বংশৰ মাজত মিত্ৰতা স্থাপন
হোৱাত শংকিত হৈ মালৱৰাজ দেৱগুপ্তই গৌড়ৰাজ শশাংকৰ লগত ৰাজনৈতিক সম্পর্ক স্থাপন কৰে। এই ৰাজনৈতিক শক্তি বিভাজনৰ
শেষ পৰিণতি স্বৰূপে দেৱগুপ্তৰ হাতত গ্ৰহ বৰ্মন মৌখাৰী আৰু শশাংকৰ হাতত ৰাজ্যবৰ্ধনৰ মৃত্যু হয়। লগে লগে শশাংকই কনৌজ
অধিকাৰ কৰি ৰাজশ্ৰীক বন্দী কৰে। কিন্তু ৰাজশ্রী বিন্ধ্য পৰ্বতলৈ পলাই যায়।

এনেকুৱা এক দুর্যোগপূর্ণ অৱস্থাত ৰাজাবৰ্ধনৰ মৃত্যুৰ পিছত ভায়েক হর্ষবর্ধন থানেশ্বৰৰ ৰজা হয়। ৰজা হৈয়ে তেওঁ ভনীয়েক
ৰাজতীক উদ্ধাৰ কৰে আৰু ভাতৃহন্তা গৌড়বাজ শশাংকৰ ওপৰত প্রতিশোধ লোৱাৰ কাৰণে প্রতিজ্ঞাবদ্ধ হয়। এইদৰে দেখা যায় যে
গৌড়ৰাজ আৰু শশাংক ক্রমে কামৰূপৰ ৰজা ভাঙৰ বৰ্মন আৰু হাবিনিৰ উমৈহতীয়া শত্ৰুত পৰিণত হ’ল। ইয়াৰ পিছত হর্ষবর্ধনে
শশাংকৰ ওপৰত প্রতিশোধ লোৱাৰ কাৰণে গৌড়ৰাজ্য আক্রমণ কৰিবলৈ আগবাঢ়ি আছে। ভাস্কৰ বৰ্মনে এই বাতৰি পায় আৰু
হসেবেগ নামৰ এজন কটকীৰ জৰিয়তে দুয়োপক্ষৰ মাজত অতি কম সময়ৰ ভিতৰত এক আন্তৰিকতাপূর্ণ নিত্ৰতা স্থাপন হয়। শেষত
ভাজৰ বৰ্মন আৰু হর্ষবর্ষনে দুয়ো দুফালৰ পৰা গৌড় ৰাজ্য ভাগ কৰি লয়।
হৰ্যবৰ্ষন আৰু কুমাৰ ভাস্কৰ বৰ্মনৰ মাজত হোৱা মিত্ৰতা ভাৰতীয় ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায় হিচাপে পৰিগণিত হৈছে। এই
মিত্ৰতাৰ ফলস্বৰূপে গৌড়ৰাজ শশাংক নিহত হৈছিল। এই গৌৰৱৰ কৃতিত্বৰ ভাগ হর্ষবর্ধনৰ লগতে কুমাৰ ভাস্কৰ বৰ্মনেও ল’বলৈ
সক্ষম হৈছিল। সেই সময়ত উত্তৰ ভাৰতৰ শেষ তথা প্রখ্যাত সম্রাট হৰ্যবৰ্ধনৰ লগত কুমাৰ ভাস্কৰ বৰ্মনৰ দৰে এজন সাধাৰণ ৰাজ্যৰ
ৰজাৰ যি মিত্ৰতা গঢ় লৈ উঠিছিল সিয়ে কুমাৰ ভাস্কৰ বৰ্মনক কামৰূপৰ এজন অতি ক্ষমতাশালী ৰজা হিচাপে চিহ্নিত কৰিছিল।
হর্ষবর্ধনে অনুষ্ঠিত কৰা কনৌজ আৰু প্ৰয়াগৰ ধৰ্মসভা ক্ষেত্ৰত সবাতকৈ মুখ্য অতিথি হিচাপে ভাস্কৰ বৰ্মনে যোগদান কৰিছিল।
উল্লেখযোগ্য যে এই দুয়োখন ধর্মসভাৰ শোভাযাত্ৰাৰ আগত হর্ষবর্ধনে ইন্দ্ৰ আৰু ভাস্কৰ বৰ্মনে ব্ৰহ্মাৰ ৰূপত স্থান লাভ কৰিছিল।
খ্রীঃ ৬৩০৩ চীনা পরিব্রাজক হিউয়েন চাং ভাৰতলৈ আহে। এইজনা পৰিব্ৰাজকক ভাস্কৰ বৰ্মনে হর্ষবর্ধনৰ নিৰ্দেশ ক্রমে কামৰূপলৈ
আমন্ত্রণ কৰি আনে। হিউয়েন চাঙে তেওঁৰ কামৰূপ ভ্ৰমণৰ অন্তত কামৰূপৰ বিষয়ে এটি সুন্দৰ টোকা লিখি থৈ যায়। তেওঁ লিখি থৈ
যোৱা এই টোকাটো তেওঁৰ ভাৰত বিষয়ক ‘চি-ইউ-কি’ত পোৱা যায়। এই ‘চি-ইউ-কি’ৰ জৰিয়তে সেই সময়ৰ কামৰূপৰ বিষয়ে
ভাৰতৰ লগতে চীন আদি দেশতো প্ৰচাৰ হৈছিল।
ভাস্কৰ বৰ্মনৰ শাসন কালৰ প্ৰশাসনীয় ব্যৱস্থাৰ বিষয়ে আলোচনা
বৰ্মন বংশৰ শেষ ৰজা কুমাৰ ভাস্কৰ বৰ্মন সেই সময়ৰ কামৰূপৰ এজন প্ৰসিদ্ধ ৰজা আছিল। তেওঁ ৫৯৪ খ্ৰীঃত কামৰূপৰ সিংহাসনত
অধিষ্ঠিত হৈছিল। তেওঁ ৰাজ্যৰ বিভিন্ন ঠাইত মাটি-বৃত্তি দান দি শ শ ব্রাহ্মণক প্রতিষ্ঠা কৰিছিল। ফলস্বৰূপে এই মাটি-বাৰীৰ অন্তর্গত বা
চুবুৰীয়া পিছপৰা জনগোষ্ঠীৰ লোকসকলে ব্রাহ্মণসকলৰ আদেশ মতে কৃষি কাৰ্যত মনোনিৱেশ কৰিছিল। ইয়াৰ ফলত ৰাজ্যত কৃষিকাৰ্যৰ
উন্নতি হৈছিল। ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পরিব্রাজক হিউয়েন চাং কামৰূপলৈ আহিছিল। সেই সময়ত হিউয়েন চাঙে কামৰূপৰ
ওপৰত লিখা টোকাৰ সহায়ত ভাস্কৰ বৰ্মনৰ অধীনত ৰাজহ প্ৰশাসনৰ বিষয়ে কিছু কথা জানিব পাৰি।
ৰজাৰ ৰাজকোষলৈ বিভিন্ন উৎসৰ পৰা ৰাজহ সংগ্ৰহ হৈছিল। খেতিয়কে উৎপন্নৰ ছয় ভাগৰ এক অংশ ৰজাঘৰত কৰ হিচাপে
পৰিশোধ কৰিব লাগিছিল। মাটি-বাৰী সংক্রান্তীয় কাম-কাজ চোৱা-চিতা কৰাৰ কাৰণে এটি ৰাজহ বিভাগ আছিল। উপৰিক
উৎক্ষেপক আদি বিষয়াই কৃষকৰ পৰা কৰ সংগ্ৰহ কৰিছিল। ৰাজ্যৰ ৰাজহসমূহৰ উৎসৰ ভিতৰত মাটিৰ ওপৰত লগোৱা কৰ,
কতলীয়া ৰজা বা সামন্তসকলে দিয়া বার্ষিক কৰ, দোষীৰ পৰা পোৱা জৰিমনা, যুদ্ধত জয়লাভ কৰি সেই অঞ্চলৰ পৰা সংগ্ৰহ
কৰা কৰ আদিয়েই আছিল প্রধান। কিন্তু সকলোবিলাকৰ ভিতৰত মাটিৰ পৰা পোৱা কৰ বা খাজানাই আছিল ৰাজহৰ প্ৰধান
উৎস। হিউয়েন চাঙে উল্লেখ কৰা মতে সাধাৰণতে খেতিৰ উপযোগীকৈ মাটি উলিওৱাত হাবি ভাঙিয়েই প্রথমে খেতিৰ কাম
আৰম্ভ কৰা হৈছিল। জনসাধাৰণৰ হাততকৈ ৰজা, ৰাজবিষয়া আৰু পুৰোহিত শ্রেণীৰ হাততহে মাটি বেছিকৈ আছিল।
ৰাজবিষয়াবিলাকক বেতনৰ পৰিৱৰ্তে মাটি-বৃত্তি বেছিকৈ দান কৰিছিল।
বৰ্মন বংশৰ ৰজা ভূতি বৰ্মনে প্রায় দুশজনতকৈও অধিক ব্রাহ্মণক মাটি দান কৰিছিল। এনেদৰে দান দিয়া মাটিৰ লগত কাম
কৰাৰ কাৰণে বহুতো কর্মী মানুহকো দান দিয়া হৈছিল। ফলস্বৰূপে অকল ব্রাহ্মণক দান দিয়া মাটি-বাৰীক লৈয়েই ‘অগ্ৰহাৰ’ প্ৰথাৰ
প্রচলন হয় আৰু সকলো প্ৰকাৰ হিচাপ-নিকাচ আৰু শাসন সম্পৰ্কীয় কাম-কাজৰ বাবে ‘অগ্রহাৰিক’ নামে এজন বিষয়াৰ অধীনত
এটি কার্যালয় স্থাপন কৰা হয়। এনেদৰে দান দিয়া মাটিৰ স্থায়ী হিচাপ ৰখাৰ কাৰণে তামৰ বা শিলৰ ফলিত সকলো কথা লিপিবদ্ধ
কৰাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ ফলত দানগ্রহীতাজনৰ সেই মাটিৰ ওপৰত তেওঁৰ অধিকাৰ সাব্যস্ত হয় আৰু বংশানুক্রমিকভাৱে
সেই মাটি ভোগ কৰাৰ অধিকাৰ লাভ কৰে। সেই মাটিৰ ওপৰত কোনো কৰ-কাটল আৰোপ কৰা নহৈছিল।

ভূমিসমূহক মুঠতে চাৰিটা ভাগত ভাগ কৰিছিল আৰু মাটিৰ শ্ৰেণীবিভাগ অনুসৰি খাজানাৰ পৰিমাণো নিৰ্ধাৰণ কৰিছিল। তদুপৰি
সমূহীয়া বা ব্যক্তিগতভাৱেও মাটি দান দিয়া হৈছিল। ধর্ম সম্পর্কীয় বিষয়তো মাটি-বৃত্তি দান দিয়া হৈছিল। পিছলৈ এইদৰে দান দিয়া মাটি সমুহ ব্ৰহ্মোত্তৰ ধৰ্মোত্তৰ ,দেবোত্তৰ আদি ভাগত ভাগ কৰা হৈছিল ।
কৰমুক্ত ভাবে ব্ৰাহ্মনসকলক এই মাটি দান দিয়া হৈছিল আৰু অসমৰ বহু অঞ্চলত এইধৰণৰ দেবোত্তৰ ভুমিত সাধাৰণ মানুহে বসতি স্থাপন কৰি আছে ।

ভগদত্তৰ পাছত একমাত্ৰ ভাস্কৰবৰ্মা আছিল যিজন শাসকে প্রাচ্য
ভাৰতৰ ভৌগোলিক আৱেষ্টনীত নিজ বুদ্ধিমত্তা, কৌশলী ৰণনীতি আৰু
ব্যক্তিত্বৰে উজলি উঠিবলৈ সমৰ্থ হৈছিল। সপ্তম
শতিকাৰ চীনা সাম্ৰাজ্যই ভাস্কৰবৰ্মাক প্ৰাচ্য ভাৰতৰ শাসকৰূপে মৰ্য্যাদা
দিছিল ।
ধৰ্ম পৰায়ন ৰজা হিচাপে তেওঁ সমাদৃত । তেওঁ নীতিৰ অধিষ্ঠান, গুণাৱলীৰ
আলয়, প্রণয়ীজনৰ অক্ষয় সম্পত্তি, সন্ত্রস্ত সকলৰ আশ্রয়স্থল আৰু শ্ৰীসম্পদৰ
বাসস্থান।

প্ৰজাৰ হিতাৰ্থে দান কাৰ্য্যত নিজকে নিয়োজিত
কৰা ভাস্কৰবৰ্মা আছিল শাস্ত্রজ্ঞানজ্ঞাতা, ধৈর্য্য-সংযমী, পৰাক্ৰমী,
সদ চৰিত্ৰৱান। নিজৰ শৌৰ্য্য-বীৰ্য্যৰে আৰ্য্যৱৰ্তক নিয়ন্ত্রণাধীন
কৰা হর্ষবর্ধনৰে মিত্ৰতা স্থাপন কৰি— গৌড়, কর্ণসুৱৰ্ণ পৰ্য্যন্ত কামৰূপৰ
সীমা পুনৰ সম্প্ৰসাৰিত কৰিছিল। হৰ্ষবৰ্ধন আৰু ভাস্কৰবৰ্মাৰ মাজত ঘটা এটা
আমোদজনক কাহিনীয়ে তেওঁৰ ৰাজনৈতিক বিচক্ষণতা আৰু কূটনৈতিক নীতিৰ উমান দিয়ে। কঙ্গোদ আক্ৰমণ কৰি
কণৌজলৈ উভতি আহিয়েই হৰ্ষবর্ধনে জানিব পাৰিলে যে য়ুয়েন
চ্যাং কামৰূপত আছে । লগে লগে তেওঁ ক্ষুব্ধ হ’ল। হর্ষবর্ধনে য়ুয়েন চ্যাঙক আনিবলৈ
দূত এজনক কামৰূপলৈ পঠিয়াই দিলে। ভাস্কৰবৰ্মাই বিষয়টো গভীৰভাৱে
গমি-পিটি নাচাই ৰাজদূতৰ আগত কৈ পঠিয়ালে— তেওঁ মোৰ মূৰটোকে
লৈ যাওক; কিন্তু কোনো কাৰণতে পণ্ডিতগৰাকীক এতিয়াই নিব নোৱাৰে।
দূত গৈ সকলো কোৱাত কণৌজৰাজ হৰ্ষবর্ধন আচৰিত হ’ল এই ভাবি যে
এজন সন্ন্যাসীৰ বাবে তেওঁ তেনে ভাষা ব্যৱহাৰ কৰাৰ কাৰণ কি! হর্ষবর্ধনে
অলপো পলম নকৰি, লগে লগে আন এজন দূত কামৰূপলৈ প্ৰেৰণ কৰি
কৈ পঠিয়ালে— মূৰটো পঠিয়াই দিয়ক; মই তাৎক্ষণিকভাৱে এজন দূতৰ
জৰিয়তে ইয়ালৈ অনাৰ ব্যৱস্থা কৰিম। ভাস্কৰবৰ্মাই নিজে কৰা অবোধ-
আচৰণ উপলব্ধি কৰিলে আৰু পঞ্চাছ হাজাৰ স্থল-জল সেনা লগত লৈ য়ুয়েন
য়ুয়েন চ্যাঙক সসন্মানে হৰ্ষবৰ্ধনৰ ৰাজ্যলৈ আগুৱাই লৈ গ’ল। মন কৰিব লগীয়া
কথা, দুয়োজন ৰজাৰ মাজত ভাষাৰ জৰিয়তে হ’বলৈ লোৱা ভয়ঙ্কৰ যুদ্ধ
এখন ভাস্কৰবৰ্মাই কূটনৈতিক বিচক্ষণতাৰে নিৰ্বাপিত কৰিলে। এফালে
স্বাভিমান ৰক্ষা কৰিলে; আৰু আনফালে, হর্ষবর্ধনৰে সংঘাতলৈকো যাব লগা
নহ’ল।

ভাস্কৰবৰ্মা শিৱৰ উপাসক আছিল। ভাস্কৰবৰ্মা বৌদ্ধধর্ম উপাসক নাছিল যদিও বৌদ্ধধৰ্ম আৰু বৌদ্ধ
ধৰ্মাৱলম্বীসকলক সন্মান দিছিল। ভাস্কৰবৰ্মাৰ পাণ্ডিত্য, ব্যক্তিত্ব আৰু
সদাচাৰিতাৰ বাবে প্ৰজা সকলৰপৰা মান্যতাও অৰ্জন কৰিছিল৷ বহু সময়ত প্ৰজাই
তেওঁক অনুসৰণ কৰিছিল। ভাস্কৰবৰ্মাৰ শাসনকালত কামৰূপলৈ জ্ঞান-
অৰ্জনৰ বাবে দূৰ দেশৰপৰাও মানুহ আহিছিল ৷ কামৰূপৰ শিক্ষানুৰাগী সকলো
আছিল অধ্যৱসায়ী। ৰাজ্যৰ সামৰিক শক্তিও শক্তিশালী
আছিল। চীনা পৰিব্ৰাজক য়ুয়েন চ্যাঙে কামৰূপৰ মানুহক সৎ,
শিক্ষানুৰাগী আৰু ৰাজানুগত্যশীল বুলি কৈয়ো সহিংস স্বভাৱৰ বুলি কৰা
উল্লেখে ইয়াৰ প্ৰজাসকল যে সামৰিক শিক্ষাতো পাৰঙ্গত আছিল, তাৰ ইঙ্গিত
দিয়ে।
গীতাত শ্ৰীকৃষ্ণই কোৱা পদাষাৰ ভাস্কৰবৰ্মাই নৈতিকতাৰে পালন কৰিছিল ।

अहिंसा परमो धर्मः
धर्म हिंसा तथैव च

অহিংসাই পৰম ধৰ্ম।
ধৰ্মৰ ৰক্ষাত হিংসা পৰম কৰ্ত্তব্য ।

কামৰূপৰ সাৰ্বভৌম ৰাজবংশ হাজাৰ বছৰ
প্ৰজন্মৰ সম্প্ৰসাৰিত ৰূপ৷ নৰক-
ভগদত্তৰপৰা বৈ অহা আলপাইন-ক্ষত্রিয় বংশ-ক্ৰমৰ
সুঁতিটোৱে
ৰজা ভাস্কৰবৰ্মাৰক মহিয়ান কৰি তুলিছিল ৷ ভাস্কৰবৰ্মাই নিজেও নৰক-ভগদত্ত বংশজৰূপে গ্ৰাহ্যতা যে দিছিল ।

ভাস্কৰবৰ্মাই প্ৰাচ্য ভাৰতৰ শাসকৰ মৰ্য্যাদা লাভ কৰাৰ অন্তৰালত
আছিল— কামৰূপৰ উপৰি প্ৰাচীন গৌড়, কৰ্ণসুৱৰ্ণ আৰু পৌণ্ড্রৱৰ্ধনৰ শাসন-
ক্ষমতা নিজৰ হাতলৈ নি পূব-ভাৰতৰ ভূখণ্ডত আধিপত্য স্থাপন কৰিব
পৰাটো। হর্ষবর্ধনৰ জ্যেষ্ঠভাতৃ ৰাজ্যবৰ্ধনক হত্যা কৰি গৌড়াধিপতি শশাঙ্কই
কামৰূপৰ বাহিৰে সমগ্ৰ উত্তৰ-পূব ভাৰত নিজৰ ৰাজ্যৰ অধীনলৈ নিছিল।
এইছোৱা সময় আছিল ৬০৬ খ্ৰীষ্টাব্দ। ইয়াৰ
পৰৱৰ্তীকালত হর্ষবর্ধনে গৌড় আক্রমণ কৰিছিল।
শশাঙ্কই হর্ষবর্ধন আৰু ভাস্কৰবৰ্মাৰ লগত যুদ্ধপ্ৰবৃত্ত হৈ
থকাৰ মাজতে শশাঙ্ক ৬১২ খ্ৰীষ্টাব্দত মৃত্যুমুখত পৰিছিল।
প্ৰায় ছয় বছৰকাল শশাঙ্ক প্ৰায় ছবছৰ যুদ্ধত লিপ্ত হৈ অৱশেষত মৃত্যুৰ মুখত পৰিছিল ।

ৰাজসিংহাসনত আৰোহণ কৰিয়েই জ্যেষ্ঠ ভাতৃ ৰাজবৰ্ধনৰ ঘাতকক হত্যা
নকৰা পর্যন্ত দক্ষিণৰ হাত ব্যৱহাৰ নকৰাৰ প্ৰতিজ্ঞা কৰে হৰ্ষবৰ্ধনে । ভাস্কৰবৰ্মা ও গৌড় আক্রমণ-
অভিযানৰ অংশীদাৰ আছিল। ভাস্কৰবৰ্মাই হর্ষবর্ধনৰ
সিংহাসন আৰোহণৰ বছৰটোতে মিত্ৰতা স্থাপন কৰিছিল।
গৌড় দখল
কৰাৰ পূৰ্বে শশাঙ্ক কর্ণসুবৰ্ণৰ শাসক আছিল। হৰ্যবৰ্ধনে পশ্চিমৰ পৰা আক্ৰমণ
কৰি গৌড় অতিক্ৰম কৰাৰ আগেয়েই ভাস্কৰবৰ্মা পূবৰপৰা আগবাঢ়ি আহি
কর্ণসুবর্ণত শশাঙ্কক পৰাভূত কৰিছিল। হর্ষবর্ধনে সাম্রাজ্য বিস্তাৰৰ পণ লৈ
ইতিমধ্যে আন বহু অঞ্চল নিজৰ কৰ্তৃত্বলৈ নিছিল। কিন্তু এই দুই ভূখণ্ড
কামৰূপৰ অন্তৰ্ভুক্ত হৈছিল— হৰ্যবৰ্ধনৰ জীৱনৰ শেষৰ ফালে। কর্ণসুবৰ্ণ নিজৰ
কর্তৃত্বত থকাৰ সময়ছোৱাত ভাস্কৰবৰ্মাই বহু কেইখন গাঁও ব্রাহ্মাণক পট্রন
দিয়াৰ ব্যৱস্থা কৰিছিল।
ভাস্কৰবৰ্মাৰ শাসনকালতে ওড্র, কলিঙ্গৰ এটা অংশ,
কোশলৰ দক্ষিণাঞ্চল আৰু গৌড়কো কামৰূপৰ অধীনলৈ অনা হৈছিল বুলি
ক’ব খোজে। চীনা সাম্রাজ্যৰপৰা পোৱা প্ৰাচ্য ভাৰতৰ শাসক ৰূপে
স্বীকৃতি পোৱা ভাস্কৰবৰ্মা আছিল একমাত্ৰ কামৰূপৰ ৰজা । হৰ্ষবৰ্ষনে ধৰ্মস্থল প্ৰয়াগৰপৰা উভতি অহাৰ পাছত ভাস্কৰবৰ্মাক
সম্মানিত কৰিবলৈ সেই অভিযান-কালত বিজয় সাব্যস্ত কৰা গুঞ্জ, কলিঙ্গৰ অংশবিশেষৰ সাৰ্বভৌমত্ব ভাস্কৰবৰ্মাক অৰ্পণ কৰিছিল ।
কণৌজত অনুষ্ঠিত হোৱা বৌদ্ধ-ধার্মিক সভাত ভাস্কৰবৰ্মাইও অংশগ্ৰহণ কৰিছিল । তেওঁৰ অধীনস্থ কামৰূপৰ ৰজা কুমাৰে বৃহৎ সংখ্যক অনুগামীৰ সৈতে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা নব্বৈ দিনৰ ভিতৰত কনৌজ পালে আৰু ভাতেই ৬৩৩
খ্রীষ্টান্দৰ ফাগুন মাহভ উপস্থিত হৈছিল । চাৰি হাজাৰ বিদ্বান বৌদ্ধ সন্ন্যাসী আৰু প্ৰায় তিনি হাজাৰ জৈন আৰু গতানুগতিক ব্রাহ্মণ সমন্বিতে ভাস্কৰবৰ্মা আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
গংগাৰ পাৰত বিশেষভাৱে স্থাপন কৰা এশ ফুট
ওখ বুদ্ধৰ সোণৰ প্ৰতিমূৰ্তি ৰখা হৈছিল।
ৰাজ কুমাৰে ব্ৰহ্মা দেৱতাৰ পোছাক পিন্ধিছিল
আৰু হৰ্ষবৰ্ধনে বিষ্ণু দেৱতাৰ পোচাক পিন্ধিছিল।

বহুদিন ধৰি চলি থকা
এই অনুষ্ঠানসমূহৰ অন্ত পৰিল আচৰিত ধৰণৰ ঘটনাই। বিপুল খৰচত নিৰ্মাণ কৰা
অস্থায়ী মঠটোত হঠাতে জুই লাগিল, আৰু বহুলাংশে ধ্বংস হৈ গ’ল; কিন্তু যেতিয়া
ৰজাই ব্যক্তিগতভাৱে হস্তক্ষেপ কৰিলে, তেতিয়া জুইৰ শিথাবোৰ বন্ধ হৈ গ’ল আৰু
ধৰ্মপৰায়ণ হৃদয়বোৰে এটা অলৌকিকতাক চিনি পালে।
এই ধর্মসভাত হর্ষবর্ধন আৰু
ভাস্কৰবৰ্মাক ক্ৰমে বিষ্ণু আৰু ব্ৰহ্মা’ৰ দৰে তুলনা কৰিছিল ।
হর্ষবর্ধন আৰু ভাস্কৰবৰ্মাৰ মিত্ৰতাই গোটেই ভাৰতবৰ্ষৰ ৰজাসকলক আকর্ষিত কৰিছিল।

য়ুয়েন চ্যাং কামৰূপলৈ আহিছিল ৬৪৩ খ্রীষ্টাব্দত। ভাস্কৰবৰ্মাই
হর্ষবর্ধনৰ ওচৰলৈ তেওঁক আগবঢ়াই লৈ যাওঁতে গঙ্গা পাৰ হৈছিল। গৌড়
সেই সময়ত কামৰূপৰ অন্তৰ্ভুক্ত আছিল ৷ নালন্দা বিশ্ববিদ্যালয়ৰ সেই সময়ৰ অধ্যক্ষ শীলভদ্ৰয়ো
ভাস্কৰবৰ্মাক মান্যতা প্ৰদান কৰি হর্ষবর্ধনৰ আমন্ত্রণ প্রত্যাখ্যান কৰোৱাই য়ুয়েন চ্যাঙক
কামৰূপলৈ পঠিয়াইছিল ।
শীলভদ্র হর্ষবর্ধনতকৈ ভাস্কৰবৰ্মাৰ ওচৰত অধিক
দায়বদ্ধ আছিল।
কামৰূপৰ দক্ষিণ-পশ্চিম সীমান্তৰ মেঘনা নৈৰ তীৰত
অৱস্থিত সমতটৰ খড়গবংশীয় ৰজা দেৱভট্টৰ পুত্ৰ আছিল শীলভদ্র। ভাস্কৰবৰ্মাৰ সময়ছোৱাত দুহেজাৰ বৌদ্ধভিক্ষু সমতটত আছিল।

ভাস্কৰবৰ্মা কামৰূপৰ সিংহাসনত আৰোহণ কৰে ৫৯৪ খ্ৰীষ্টাব্দত।
হৰ্ষবৰ্ধনৰ মৃত্যুৰ পাছতো তেওঁ যে সক্ৰিয় হৈ আছিল তাৰ প্ৰমাণ পোৱা যায়
দুটা কথাত ৷ প্ৰথমটো, হৰ্ষবর্ধনৰ মৃত্যুৰ লগে লগেই স্বেচ্ছাই উত্তৰাধিকাৰীৰূপে
ঘোষণা কৰি কণৌজৰ ৰাজসিংহাসনত বহা ৰাজবিষয়া অৰ্জুনক ক্ষমতাচ্যুত
কৰিবলৈ ভাস্কৰবৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ দ্বিতীয়টো, কৰ্ণসুৱৰ্ণ নিজৰ
কৰ্ত্তত্বলৈ আনি ব্রাহ্মণক ভূমি দানেৰে সংস্থাপিত কৰিছিল। ৰাজ্যবিস্তাৰত
মনোযোগ দিব পৰা সামর্থ্যৰে ভাস্কৰবৰ্মাই দীর্ঘকাল যে কামৰূপৰ সিংহাসনত
আৰোহণ কৰিছিল, তাক সহজেই অনুমান কৰিব পাৰি। উত্তৰ-পূব ভাৰতত সেইছোৱা সময়ত শক্তিশালী ৰজা
হিচাপে বৰ্ত্তি থকা আৰু চীন সাম্ৰাজ্যৰে ঘনিষ্ঠ সম্পৰ্ক আৰু সহযোগ আনুগত্য
থকা ভাস্কৰবৰ্মানব্বৈ-
পঞ্চানব্বৈ বছৰমানলৈ জীয়াই আছিল । আনুমানিক ৫৬৪
খ্ৰীষ্টাব্দমানত জন্ম গ্ৰহণ কৰা ভাস্কৰবৰ্মাই চীনা শাসকৰ অনুমোদিত প্রতিনিধি
ৱাং হিউয়েন ছে’ৰ পৰামৰ্শত হৰ্ষবৰ্ধনৰ তোলনীয়া পুত্ৰক শাসকৰূপে নিয়োগ
কৰি, নিজে তত্ত্বাৱধায়কৰূপে আছিল । অন্ততঃ
৬৫৮ খ্রীষ্টাব্দ পর্যন্ত ভাস্কৰবৰ্মা কামৰূপৰ ৰজা হৈ আছিল। নালন্দা
মহাবিহাৰো অৱধাৰিতভাৱে ভাস্কৰবৰ্মাৰ কৰ্তৃত্বাধীন হৈ কিছু বছৰ আছিল।

ভাস্কৰবৰ্মাৰ ৰাজত্বকাললৈকে সমতট কামৰূপৰ অধীন আছিল আৰু শীলভদ্ৰৰ
ভাতৃ ৰাজভট্টই কামৰূপাধিপতিৰ আধিন্য স্বীকাৰ কৰি লৈছিল। খড়্গবংশৰ দেৱভট্টই সমতটত এখন বৃহৎ ৰাজ্য প্রতিষ্ঠা কৰিছিল, যি খন ৰাজ্য আছিল ভাস্কৰবৰ্মাৰ কৰ্ত্তৃত্বাধীন। কামৰূপৰ
ৰজাক ‘বৃহৎ পৰমেশ্বৰ’ৰূপে সন্মনিত কৰিছিল।
এফালে নালন্দা পর্য্যন্ত বিস্তৃত হৈ থকা গৌড় প্ৰদেশখন কামৰূপ-নিয়ন্ত্রণাধীন আছিল , যাৰ
প্রশাসনিক ক্ষমতাই নালন্দা মহাবিহাৰক অধীন কৰি
ৰাখিছিল; আৰু আনফালে সমতটাধিপতি
ৰাজভট্টই ভাস্কৰবৰ্মাক ‘বৃহৎ পৰমেশ্বৰ’ৰূপে জ্ঞান
কৰা— এই দুয়োটা কথাৰ বাবেই শীলভদ্ৰই ভাস্কৰবৰ্মাৰ আনুগত্যক স্বীকাৰ
কৰি লৈছিল। শীলভদ্রই য়ুয়েন চ্যাঙক পঠিয়াবলৈ প্ৰথমে সন্মত নহওঁতে
ভাস্কৰবৰ্মাই ‘প্ৰয়োজন হ’লে মই মোৰ সৈন্যবাহিনী আৰু হস্তীবাহিনী
সাজু কৰি মেঘৰ দৰে জপিয়াই পৰিম— আৰু নালন্দাৰ মঠ ধূলিৰ তলত
পোত যাব’ বুলি সকীয়নি দিব পাৰিছিল। কণৌজত আয়োজন কৰা
ধর্মসভাত অংশগ্ৰহণৰ উদ্দেশ্যে হৰ্ষবর্ধনৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰতিশ্রুতিবদ্ধ
হোৱাৰ পাছতো য়ুয়েন চ্যাঙক শীলভদ্রই ভাস্কৰবৰ্মাৰ ওচৰলৈহে যাবলৈ
কৈছিল। ইয়াৰ সমান্তৰালভাৱে নালন্দা মহাবিহাৰ খুব সম্ভৱ শাসকীয়
কৰ্তৃত্বৰপৰা মুক্ত আছিল। কোনোধৰণৰ হস্তক্ষেপ গ্রাহ্য নহৈছিল।

ভাস্কৰবৰ্মাই উত্তৰ বংগক কামৰূপৰ নিয়ন্ত্রণাধীন কৰাৰ পাছতে
নালন্দা অঞ্চল দখল কৰিছিল। ৬৪৮-৬৪৯ খ্ৰীষ্টাব্দত
নালন্দাকো সামৰি কণৌজ সাম্ৰাজ্যৰ পূৰ্বাংশ নিজৰ কৰ্তৃত্বলৈ আনে।
এইছোৱা সময়ৰ পৰা ৬৫৮ খ্ৰীষ্টাব্দত ভাস্কৰবৰ্মাৰ মৃত্যুৰ সময়লৈকে
দহ বছৰ নালন্দা অঞ্চল শাসন কৰিবলৈ দেৱবৰ্মাক নিয়োগ কৰিছিল। পূর্বে
গুপ্তসাম্ৰাজ্যৰ কৰ্ত্তৃত্বত থকা নালন্দা অঞ্চলৰ ২০ খন গাঁৱৰ লগতে মন্দিৰৰ
দেৱোত্তৰ ভূমি দেৱবৰ্মাৰ অধিকাৰলৈ আনিছিল।

দেৱবৰ্মাই নালন্দা অঞ্চলত অধিগ্ৰহণ কৰি পোৱা
ভূমি চীনৰ পৰা অহা ভিক্ষুক দিবলৈ সন্মতি প্রদান
কৰিছিল। স্বাভাৱিকতে, ৬৫৮ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হোৱাত নালন্দা অঞ্চলৰ
শাসন-পৰিচালনাত নিয়োজিত হৈ থকা ভতিজা দেৱবৰ্মাৰ কৰ্তৃত্বলৈ কামৰূপ
হস্তান্তৰিত হয়। ৬৭৩ খ্রীষ্টাব্দত সালস্তম্ভই বলপূৰ্বকভাৱে কামৰূপ দখল
কৰে আৰু দেৱবৰ্মাক হত্যা কৰে।

* পৌৰানিক নাম সমতট হৈছে বৰ্তমানৰ বাংলাদেশৰ কোমিল্লা
* পৌৰানিক নাম প্ৰয়াগ হৈছে বৰ্তমানৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ

* পৌৰানিক নাম কনৌজ হৈছে বৰ্তমানৰ উত্তৰ প্ৰদেশৰ ফাৰুক্কাবাদ
*পৌৰানিক নাম নালন্দা হৈছে বৰ্তমানৰ বিহাৰ
*পৌৰানিক নাম প্ৰাগজ্যোতিষপুৰ হৈছে বৰ্তমানৰ অসম
*পৌৰানিক নাম কলিঙ্গ হৈছে বৰ্তমানৰ উৰিষ্যা
*পৌৰানিক নাম গৌড় ৰাজ্য হৈছে বৰ্তমানৰ পশ্চিম বংগৰ মালদা জিলা আৰু বাংলাদেশৰ ৰাজশ্বাহী অঞ্চল
* পৌৰানিক নাম কৰ্ণসুৱৰ্ণ হৈছে বৰ্তমানৰ পশ্চিম বংগৰ মুৰশিদাবাদ

আধাৰগ্ৰন্থ :
১/ কালিকাপুৰাণ
২/ মাৰ্কণ্ডেয়পুৰাণ
৩/ পুৰণি অসমৰ ৰূপকথা, বাণীকান্ত কাকতি
৪/বাল্মীকি ৰামায়ন , অযোধ্যাকাণ্ড
৫/ বিষ্ণু পুৰাণ
৬/PC Choudhury | The History of Civilization of the People of Assam
৭/নিশিপদ দেৱচৌধুৰী, চেনেহী বেগম ,অসমৰ ho ইতিহাস
৮/ মাধুৰ্য্যমণ্ডিত বৰুৱা। কলিতা জাতিৰ ইতিহাস
৯/শ্ৰী মহাভাৰত , আদি পৰ্ব
১০/বায়ুপুৰাণ