লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

582
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


সজাগতাৰ অভাৱৰ বাবে ভাৰতীয় সেনা বাহিনীত অসমৰ কম সংখ্যক যুৱক-যুৱতীয়ে যোগদন কৰে। আনহাতে বিপথে পৰিচালিত হোৱাৰ বাবে অসমক একাংশ যুৱক-যুৱতীয়ে আলফাত যোগদান কৰে।

এই মন্তব্য ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমণ্ডাৰ GOC-IN-C লেফেটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ। গুৱাহাটী প্ৰেছ ক্লাবে প্ৰতি মাহে বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকলৰ মাজৰ পৰা নিৰ্বাচিত একাংশ ব্যক্তিক প্ৰতিমাহে অতিথি হিচাপে নিমন্ত্ৰণ কৰি মত-বিনিময়ৰ এক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।

প্ৰেছ ক্লাবৰ এইমাহৰ অতিথি আছিল লেফেটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। এই অনুষ্ঠানতে অংশগ্ৰহণ কৰি তেওঁ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

সীমান্তৰ সমস্যা সমাধান নোহোৱালৈকে আন সমস্যা সমাধান নহয় বুলি মন্তব্য কৰি অনুষ্ঠানত ৰাণা প্ৰতাপ কলিতাই ইষ্টাৰ্ণ কমাণ্ড ভাৰতৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথা উল্লেখ কৰে। অতি সংস্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিচিত এই ইষ্টাৰ্ণ কমাণ্ডৰ অধীনত মুঠ ৯ খন ৰাজ্য আছে।

উত্তৰ পূৰ্বাঞ্চলৰ ৮ ৰাজ্যৰ উপৰি পশ্চিমবংগৰ দায়িত্বও ইষ্টাৰ্ণ কমাণ্ডৰ অধীনত। এই কমাণ্ডৰ এলেকাত ভাৰত-ম্যানমাৰ, ভাৰত-বালংদেশ আৰু ভাৰত-চীন সীমান্ত প্ৰত্যক্ষভাৱে অন্তৰ্ভুক্ত হৈ আছে। সেয়েহে ইষ্টাৰ্ণ কমাণ্ডৰ দায়বদ্ধতা বহু বেছি বুলি উল্লেখ কৰে লেফেটেনেণ্ট জেনেৰেলগৰাকীয়ে।

ছিকিমৰ ভাৰত-চীন সীমান্তৰ লগতে অৰুণাচলৰ লাইন অফ কণ্ট্ৰলৰ পৰিস্থিতি বৰ্তামান সাধাৰণ হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয়, এই অঞ্চলক লৈ এতিয়া চিন্তাৰ কোনো কাৰণ নাই। অৱশ্যে অঞ্চল দুটাত প্ৰত্যাহ্বান যথেষ্ট আছে বুলি তেওঁ উল্লেখ কৰে।

আনহাতে সামৰিক বাহিনীত হোৱা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত ভাৰতীয় সেনাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয়, উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন জনগাঁথনি তথা বিভিন্ন পৰম্পৰা আছে। সকলোকে একত্ৰিত কৰাৰ বাবে ভাৰতীয় সেনাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। লগতে তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতীয় সেনা বদ্ধপৰিকৰ বুলিও কয়।

বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) ত এতিয়াও অসমৰ বহু যুৱক-যুৱতীয়ে যোগদান কৰাৰ প্ৰসংগত তেওঁ কয়, যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ বাবে একাংশই আলফাত যোগদান কৰিছে। এই ক্ষেত্ৰত সমাজৰ বহু দায়িত্ব আছে।

বিগত ১০ বছৰত অসমলৈ শান্তি ঘূৰি অহাৰৰ কথা উল্লেখ কৰি তেওঁ কয়, অসমত এতিয়া যথেষ্ট উন্নয়নমূলক কাম-কাজ হৈছে। সেয়েহে এতিয়া কোনো উগ্ৰপন্থী সংগঠনলৈ যাব নালাগে।

আনহাতে কোনো যুদ্ধ সেনা বাহিনীয়ে অকলে জয় কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ জনসাধাৰণৰ সহায়-সহযোগিতাৰ কথা দোহাৰে। সেয়ে ভাৰতীয় সেনাই জনসাধাৰণ সৈতে সম্পৰ্ক ভাল কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও ব্যাখ্যা কৰে।

তামুলপুৰত জন্মগ্ৰহণ কৰা লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই সৰুৰে পৰাই সপোন দেখিছিল ভাৰতীয় সেনাৰ বিষয়া হোৱাৰ। এই কথা উল্লেখ কৰি তেওঁ কয় ইয়াৰ বাবে তেওঁ যখেষ্ট কষ্ট কৰিবলগীয়া হৈছিল।

ইয়াৰোপৰি তেওঁ অনুষ্ঠানত বিগত বছৰসমূহত উত্তৰ পূৰ্বাঞ্চলত ‘ড্ৰাগছ সন্ত্ৰাসবাদ’ ৰোধৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও ব্যাখ্যা কৰে। পঁইতা ভাল পোৱা ৰাণা প্ৰতাপ কলিতাই শৈশৱত মহাভাৰত অধ্যয়ন কৰাৰ কথাও কয়। মহাভাৰত অধ্যয়ন কৰাৰ পাছৰে পৰা তেওঁৰ সেনা বাহিনীত যোগদান কৰাৰ ইচ্ছা জাগ্ৰত হৈছিল বুলিও কয় অনুষ্ঠানত।