চাৰি ৰাজ্যৰ নিৰ্বাচনৰ পিছতে বিপদত মোদী

553
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ডিচেম্বৰৰ প্ৰথম সপ্তাহত চাৰি ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব। তেলেংগানা , মধ্যপ্ৰদেশ, ছত্তিচগড় আৰু ৰাজস্থানৰ ভিতৰত বিজেপিয়ে অকল ৰাজস্থান দখল কৰাৰ সম্ভাবনা আছে। তেলেংগানাত এটা সময়ত বিজেপি শক্তিশালী আছিল যদিও সভাপতি নাদ্দাৰ দয়াত বহু নেতা বিজেপি এৰি গুছি গ’ল। মধ্যপ্ৰদেশত ‘লাদলী বেহেনা’ ই বিজেপিক বচাব নোৱাৰিব যেন অনুমান হয়। ১৭ বছৰৰো অধিক কাল মুখ্যমন্ত্রী হৈ থকা শিৱৰাজ সিং চৌহানৰ বিৰূদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ প্ৰৱল। ছত্তিচগড়ত কংগ্ৰেছৰ মুখ্যমন্ত্রী ভুপেশ বাঘেল জনপ্ৰিয়। বিজেপিয়ে মহাদেব এপক লৈ কিছু আক্ৰমানাত্মক হৈছিল যদিও চাউল চাগে নিসিজিব। অকল ৰাজস্থানত বিজেপিৰ কিছু আশা আছে। ৰাজনৈতিক বিশ্লেষক সকলে অনুমান কৰা মতে যদি বিজেপি তিনি ৰাজ্যতে পৰাজিত হয় তেন্তে স্বাভাবিকতে মোদী-শ্বাহ কিছু চিন্তিত হ’ব। মোদীয়ে ইমান কেইখন প্ৰচাৰ সভাত অংশ লোৱাৰ পিছতো যদি তেওঁলোক জিকিব নোৱাৰে তেন্তে বহুতে ভাবিবলৈ বাধ্য হ’ব যে_ মোদী মেজিক নোহোৱা হ’ল নেকি? বিধানসভা নিৰ্বাচনত পৰাজিত হো‍ৱাৰ লগে লগে আৰু এটা কথাৰ প্ৰমাণ হ’ব যে বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। লোকসভাত বিজেপিৰ পৰাজয় সম্ভব। কিন্তু বিৰোধীৰ ৰণ নীতিৰ ওপৰত ২০২৪ত বিজেপিৰ জয় পৰাজয় বহুখিনি নিৰ্ভৰ কৰিব। বিৰোধীয়ে যদি এজন যোগ্য, জনপ্ৰিয় নেতাক প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী কৰে তেন্তে বিজেপি নিশ্চয় বিপদত পৰিব। বিৰোধীয়ে যদি প্ৰশান্ত কিশোৰৰ দৰে এজনক লগত লৈ ভাল ৰণনীতি বনাব পাৰে তেতিয়া মোদীৰ পৰাজয় সম্ভব। নহ’লে তৃতীয় বাৰৰ বাবে আকৌ মোদীয়ে শাসনভাৰ দখল কৰিব।