হাত দীঘল মানুহৰ চোলা

581
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


কেইমাহমান আগতে শংকৰদেৱ কলাক্ষেত্রত এখন নাটক চাবলৈ গৈছিলো। নাটক খনৰ নাম আছিল _দীঘল হাতৰ চোলা। অনুপ মজুমদাৰৰ ৰচিত নাটকখন খুৱ উপভোগ্য আছিল। পেক্ষাগৃহত বহিবলৈ আসন নাপাই বহুতে ঠিয় হৈ নাটক চাইছিল। এগৰাকী নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালীৰ বিয়াৰ পিছত হোৱা বিভিন্ন ঘাট প্ৰতিঘাতকলৈ নাটকখন ৰচনা কৰা হৈছিল। বৰ্তমান সময়ৰ সামাজিক মাধ্যমত এখন নতুন নাটক চলি আছে _ হাত দীঘল মানুহৰ চোলা। আজিকালি মানুহে পিন্ধা কাপোৰ কাণিৰ দাম গম পোৱা কোনো ডাঙৰ কথা নহয়। অনলাইন এপত গ’লেই প্ৰতিটো ব্ৰেণ্ডেদ সামগ্ৰীৰ দাম ওলাই পৰে। মন্ত্রী পিযুষ হাজৰিকা আৰু তেওঁৰ পত্নীৰ কাপোৰ আদিৰ দামকলৈ সামাজিক মাধ্যম গৰম হৈ পৰে। পিযুষৰ চোলাৰ দাম হেনো এক লাখ। তেওঁৰ পত্নীৰ কাপোৰৰ হেনো দুই লাখ, বেগটোৰ দাম ১ লাখৰ ওপৰত। মুঠতে মন্ত্রীৰ পৰিয়ালৰ কাপোৰ কাণি, বেগ, অলংকাৰ আদি মিলি এটা সৰু সুৰা বেংকৰ সমানে হ’ব। কিন্তু কথা হ’ল মন্ত্রী এজনে ইমান হাই ফাই জীৱন ধাৰণ কৰাৰ বাবে টকা ক’ত পায়? মন্ত্রীৰ দৰমহা দুই লাখ মান হ’ব চাগে। তেওঁৰ পত্নীও সিমান ডাঙৰ অভিনেত্রী নহয়। তেওঁতকৈ বেছি জনপ্ৰিয় প্ৰস্তুতি পৰাষৰ হ’তে ভ্ৰাম্যমাণত ৰাতি ৰাতি দুই- তিনিটা দৰ্শনী কৰি টকা উপাৰ্জন কৰিব লগীয়া হৈছে। স্বাভাবিকতে মন্ত্রীৰ বিৰূদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিব। যদি মন্ত্রীয়ে বৈধ ভাবে টকা উপাৰ্জন কৰিলেহেতেন তথাপিও জানো এক লাখ টকাৰ চোলা পিন্ধাটো শোভা পায়। যিখন ৰাজ্যত বছৰে অৰুনোদোয় আচনি পোৱা লোকৰ সংখ্যা বৃদ্ধি কৰা হৈছে, যিখন ৰাজত লাখ লাখ দৰিদ্ৰ লোক বাস কৰে তেনে ৰাজ্যৰ নেতা এজনে মহাত্মা গান্ধীৰ নিচিনা আঠুৰ তলত কাপোৰ নিপিন্ধিলেও অন্ততঃ কিছু সংবেদনশীল হ’ব লাগে। দৰিদ্ৰ ৰাইজক ইতিকিং কৰাৰ ফল ইতিমধ্যে বহু নেতাই লাভ কৰিছে।