ৰাজ্যসভা নিৰ্বাচনৰ পিছতে চন্দ্ৰ গ্ৰহণ

901

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


ৰাজ্যসভাৰ সাংসদ হ’ব নেকি চন্দ্ৰ মোহন পাটোৱাৰী ? ৮৫’ মাৰ্কা নেতা সকলৰ মাজত চন্দ্ৰ মোহন পাটোৱাৰীক বাদ দি প্ৰায় সকলো  নেতা অসমৰ ৰাজনীতিত ইতিমধ্যে বিলুপ্ত হৈছে । দিচপুৰৰ অতুল বৰা ,পশ্চিম গুৱাহাটীৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু বঙাইগাওঁৰ ফনীভুষণ চৌধুৰী আসন্ন বিলুপ্তিৰ পথত ।  অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ন কলিতাই টিকট পাই আছে একমাত্ৰ বিজেপিৰ  দাদা ব্ৰিগেদৰ ৰাজনৈতিক অংকৰ খাতিৰত । গুৱাহাটীৰ সমষ্টি দুটাত দাদা ব্ৰিগেদৰ নেতা নথকাৰ ফলতেই ৮৫ মাৰ্কা নেতা দুজন সুবিধাজনক অবস্থাত আছে । ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰীক ৰাজ্যসভালৈ পঠায় জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰী সভাত স্থান দিয়া হ’ব নেকি ? প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কোটাত মন্ত্ৰী হোৱা চন্দ্ৰ পাটোৱাৰীক দিল্লীত পঠাই ধৰ্মপুৰত নতুন মুখক টিকট দিলেই  জয়ন্ত মল্ল বৰুৱাৰ পথ মসৃণ হ’ব । কিন্তু চন্দ্ৰ পাটোৱাৰী দিল্লীলৈ যাবলৈ মান্তি হব নে ? অগপক ৰামটাঙোন মাৰি বিজেপি লৈ অহা পাটোৱাৰীৰ লগত দিল্লীৰ বহু নেতাৰ সম্পৰ্ক ভাল । ৰাজনাথ সিং , গাদকাৰীৰ দৰে নেতাই চন্দ্ৰ পাটোৱাৰীক উদ্ধাৰ কৰিব পাৰে । কিন্তু ৰাজ্যসভালৈ  নিয়া প্ৰক্ৰিয়াতোক স্তব্ধ কৰিলেও আগন্তুক চাৰি বছৰ চন্দ্ৰ পাটোৱাৰীৰ কাৰণে মুঠেও মসৃণ নহয় । ৰাজ্যসভাৰ ৰাজনীতিত তেওঁ সফল হলেও আগন্তুক সময়ত তেওঁৰ অৱস্থা প্ৰফুল্ল মহন্তৰ দৰে হৈ যাব পাৰে ।