হিন্দীমে যা তা বোলতা

650

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


২০২২ চনৰ ফেব্ৰুৱাৰী মাহটো অসমৰ বাবে এটা উল্লেখযোগ্য মাহ। এই মাহতে অসমৰ বহুটো ৰাজনেতাই নিজৰ হিন্দী জ্ঞানৰ নমুনা দিছে। অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ ৰাইজকো ই আনন্দৰ খোৰাক দিছে। ছ’ছিয়েল মিডিয়াটো ভিডিঅ বিলাক ভাইৰেল হৈ পৰিছে। এইবোৰত এজন ব্যক্তি খুৱ মৰ্মাহত হৈছে। সেইজন হ’ল অধ্যক্ষ নিশ্বজিত দৈখাবি। হিন্দীত বিশাৰদ কৰা মানুহজনৰ হিন্দীৰ ওপৰত কৰা অত্যাচাৰ সহ্য নহল। তেওঁ সিদ্ধান্ত ল’লে_ সকলোকে হিন্দী শিকোৱা হ’ব। কথা মতেই কাম। এজন হিন্দী শিক্ষক অনা হ’ল বলিউদৰ পৰা। হিন্দী শিকোৱাৰ আগত নেতাকেইজনক এজন এজনকৈ হিন্দী পৰীক্ষা লোৱা হ’ল। যিকোনো বিষয় বস্তুৰ ওপৰত হিন্দীত ক’ব দিলে ছাৰে।
বিমন্ত বিশ্বঃ হম দলাৰ বগৰীকে মাফিক ইধৰ সিধৰ ঘুমটা ৰহা প্ৰায় ৫ বছৰ। উচকে বাদ হমকো মুখ্যমন্ত্রী কা পদবী দিয়া। মুখ্যমন্ত্রী কা পদবী মিলনা কিয়া সহজ বাট হ্যে?
ভূপেন বৰাঃ  হম ঘৰমে একথো চাহ পিকে বইথা হুৱা থা। এক বিজেপি কা মানুহ আকে বোলটা হ্যায়_ আপকা কোই কাম নেহি হ্যে। মে উচকো গৰিহণা দেটা হু।
হৰ্বানন্দ হোনোৱালঃ হমনে দেশকো সেৱা কৰনে কে লিয়া অপনা বিয়া নেহি কিয়া। কিন্তু মোদীনে হমকো কিয়া দিয়া? কবিৰাজী বিভাগ সে কিয়া হোগা?
নাজেন গোসাঁইঃ কিছুমান লোক বোলতা হায় হামাৰ স্বভাব বেয়া হেয়। হম বোলতা হে _যাহা ফুল হে তাতে পখিলা আতা হে।
পৰিবহন পাটোৱাৰীঃ এই বামুন হামকো ৰাজ্যসভা দেকে দিল্লী পঠানা চাহতা হে। হমকো নেহি পেহচানটা। হম মন্ত্রী কা চিয়াৰ কো খামুচি মাৰি ধৰি ৰখেগা। হম দিল্লী নহি জায়েগা, কেতিয়াও নেহি যায়েগা।
উজ্জ্বল ভট্টাচাৰ্য্যঃ ঘোৰা আৰু পুৰুষ কেতিয়াও বুঢ়া নেহি হোতা হে। যবতক চিঙৰা মে থাকিব আলু তবতক উজ্জ্বল কৰেগা আছু।
নিযুষ হাজৰিকাঃ এই কূপেন বৰা জি হিন্দীমে যা তা বোলতা হে। ৱো হিন্দীকা মাৰ্দাৰ কৰেগা। হম বহু উপৰ কা মাল হে। হম হিন্দীমে ডাইলগ বোলাথা তভী মেৰা ধুনীয়া পত্নী হমকো ভাল পাতা থা।