আলফাৰ আবেগক ব্যৱহাৰ কৰি বুদ্ধিজীৱীৰ কুবুদ্ধি

9359

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


সূৰ্যটোলৈ মোৰ অন্তিম চিঠিৰ গোপন কোনত, সযতনে সাঁচি থৈছো শান্তিকামী পৰিৱৰ্তনৰ এটা সত্তা আৰু   অলেখ বাৰুদৰ স’তে  মোৰ তেজস্বী সন্তানটোক…….” এনেদৰে কবিতা লেখি কবি ৰঞ্জন শইকীয়া  ওলাই গৈছিল নিজৰ ঘৰখন এৰি ।

আশীৰ দশকৰ  মেধাবী যুবকৰ আত্ম বলিদানৰ সুযোগ গ্ৰহণ কৰি প্ৰায় তিনি- চাৰিটা দশক ধৰি একাংশ  বুদ্ধিজীৱীয়ে নিজৰ সা – সম্পত্তি বৃদ্ধি কৰিলে আৰু নিজৰ  সন্তানক ভাল ভাল চাকৰিত নিয়োগ কৰালে । মেট্ৰিকত ২য় বিভাগ পোৱা বিভিন্নজন হ’ল  চৰকাৰৰ প্ৰশাসনিক বিষয়া , কলেজৰ প্ৰফেচাৰ  ইত্যাদি । অংকত লেটাৰ পোৱাজন হ’ল শ্বহীদ , তেতিয়াই মেচিৰ দৰে ফুটবল খেলাজন হ’ল বৃক্ক ৰোগী  , ভাতৃঘাটী সংঘৰ্ষত গাওঁৰ অসমীয়া ডেকা ল’ৰাই হেৰুৱালে নিজৰ  জীৱন –  যৌৱন ।

বিপ্লৱ বা আন্দোলনৰ লগত দুই চাম মানুহ জড়িত থাকে । এচামে তেজ দিয়ে আৰু এচামে প্ৰৰোচনা কৰে । আজি ২০১৮ ত থিয় দি তেতিয়াৰ দুই চাম মানুহক মনত পেলাবলৈ চেষ্টা কৰো । ভাষণ দি থকা সকল সাংবিদকৰ পৰা প্ৰমোচন পাই মেনেজিং এডিটৰ হ’ল , সাহিত্যিক হ’ল । যিসকল ঘৰ এৰি গৈছিল তেওঁলোকৰ অৰ্ধেকৰ  ঘুৰি আহিল প্ৰাণহীন দেহ , বহুজনে দুই তিনিটা দশক বহি: ৰাষ্ট্ৰৰ জেলত নিসংগ জীৱন কটালে , বহুতৰ পৰিয়াল নি:শেষ হৈ গ’ল । তথাকথিত মূলসুঁতিলৈ ঘুৰি আহি প্ৰতিশোধৰ জুইত বহুজন নিজেই জাঁহ গ’ল । একাংশই আকৌ নিজৰ লগতে আন ডেকা সকলক লগতলৈ কৃষি , ব্যৱসায় আদিৰ লগত জড়িত হৈ স্বনিৰ্ভৰশীল হবলৈ চেষ্টা কৰি আছে ।
  তথাপি পদে পদে আত্মপৰিচয়ৰ লগত সংঘাত কৰি যাব লগা হৈছে । গাওঁৰ ল’ৰা গুছি গৈছিল দেশৰ নামত , গাওঁৰ ল’ৰাৰ আবেগক প্ৰৰোচিত কৰি একাংশ মন্ত্ৰী হৈছিল , ধনী মানুহ হৈছিল । সময় বাগৰিল । শিক্ষাৰ মাণদণ্ডত গাওঁ -চহৰ-গুৱাহাটী সকলো একাকাৰ হ’ল । গুৱাহাটীৰ কটন কলেজৰ লগত সৰু সৰু চহৰৰ  কলেজবোৰে ফেৰ মাৰিব পৰা হ’ল । গাওঁৰ মেট্ৰিক , হাইয়াৰ ছেকেণ্ডাৰীত স্থান প্ৰাপ্তৰ সংখ্যাই গুৱাহাটী আৰু  ডাঙৰ ডাঙৰ চহৰক পিছ পেলালে ।    একাংশ বুদ্ধিজীবী , সাহিত্যিক বা শিক্ষাবীদৰ সন্তান বা নাতি – পুতিৰ কাৰণে গাওঁৰ ল’ৰা বিলাক প্ৰতিযোগী  হৈ উঠিল । এইয়া হ’ল বাস্তৱ । এইখিনি ভুৱা বুদ্ধিজীৱীয়ে নিজৰ  সন্তানৰ কাৰণে নিৰাপদ ভৱিষ্যত আৰু প্ৰতিযোগতাহীন পৰিবেশ এটা সৃষ্টি কৰাৰ উদ্দেশ্য আগত লৈ পুনৰ অভিমন্যু বধৰ ব্লুপ্ৰিন্ট ৰচনা  কৰিবলৈ গৈ আছে ।বৰ্তমানৰ চোকা ল’ৰাখিনিক যদি আগৰ দৰে পুনৰ সমাজৰ পৰা আতঁৰাই পঠাব পৰা নাযায় তেন্তে এই বুদ্ধিজীৱীসকলৰ ঘৰৰ ল’ৰাৰ কেৰিয়াৰ যে শেষ সেইটো নিশ্চিত ।
এই কেইদিন আমি সততে দেখি থকা ছবি এখন হৈছে __৪০-৪২ বয়সৰ ডেকা আন্দোলনকাৰীৰ লগত মুখামুখিকৈ বহি ৭০-৭৫ বয়সৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ , বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰফেচাৰ বা ৬০ৰ উৰ্ধৰ বিশিষ্ট ব্যক্তি কিছুমানে আন্দোলনৰ কাৰ্য্যসূচী প্ৰস্ত্তত কৰে । বুদ্ধিজীৱীৰ পুত্ৰই সশস্ত্ৰ সংগ্ৰামটো দুৰৰেই কথা , ছাত্ৰ সন্থাৰ আন্দোলনত ভাগ লৈ পুলিচৰ লাঠীৰ কোব খোৱাৰ ৰেকৰ্ড মৰুভুমিত  মৰুদ্যান লেখিয়া ।   কেতিয়াবা জানো নিউজ চেনেলৰ সাংবাদিকে এইসকল বয়সীয়াল বিশিষ্ট ব্যক্তিক প্ৰশ্ন কৰিছেনে  যে __আপোনালোকৰ ল’ৰা-ছোৱালীবিলাক আন্দোলনত কিয় নাহে ? আলফাত যোগদান কৰা ল’ৰাখিনি যদি অসমীয়াৰ আবেগত ঘৰ এৰি জংঘললৈ গৈছে , তেন্তে আপোনালোকৰ ল’ৰা-ছোৱালীখিনিৰ অসমীয়া আবেগ নাই কিয় ?
৬৫-৭০ বছৰ বয়সত আপোনালোকে সংগ্ৰামৰ কথা কৈছে , তেন্তে আপোনালোকে চাৰি দশক ধৰি জন্মভুমি এৰি শক্তিশালী দেশ ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰি থকা পৰেশ বৰুৱাক কিয় সংগ নিদিলে ডেকা বয়সত ? ধৰা হ’ল, আপোনালোক
পৰেশ বৰুৱাৰ পন্থাক সমৰ্থন নকৰে , তেন্তে গুপ্ত হত্যাৰ বিৰুদ্ধে ৰাজপথত কিমানদিন প্ৰতিবাদ কৰিছিল ? কিমানদিন পৰাগ দাসৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ? অসম চুক্তি সাক্ষৰৰ মুহুৰ্তত ছাত্ৰ সন্থাৰ ডেকা ল’ৰাখিনিক কূটনৈতিক ভাবে কি সহায় কৰিছিল ? অপাৰেশন বজৰং , অপাৰেশন ৰাইনোৰ সময়ত আপোনালোক ক’ত আছিল? নাগৰিকত্ব বিধেয়কখন গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাই বিৰোধ কৰিছে । ছাত্ৰই শ্ৰেণী ক্ষতি কৰিছে,ব্যৱসায়ীয়ে ব্যৱসায় ।তেন্তে আপোনালোকে কিয় সাহিত্যিক পেঞ্চন আৰু বঁটা কেইটা ঘুৰাই দিব পৰা নাই ? এই ক্ষেত্রত সশস্ত্ৰ বা অহিংস যিয়েই নহওঁক আন্দোলনকাৰীয়ে বুদ্ধীজীৱী সকলৰ ওপৰত নজৰ দিয়া উচিত আৰু প্ৰশাসনেওঁ এইসকল ব্যক্তিৰ কাৰ্য্যকলাপত তীক্ষ্ণ চকু ৰখা দৰকাৰ।