মানৱ সম্পদ ধংসৰ অভিযানত  পঞ্চায়ত  নিৰ্বাচন? 

2550
মানৱ সম্পদ ধংসৰ অভিযানত  পঞ্চায়ত  নিৰ্বাচন? তীব্ৰ চাঁপ আৰু বিবেকৰ দংশনত  ৰাজনৈতিক দল সংগঠন
  • প্ৰফুল্ল   কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


                                                  [এক ]
  ‘গাৱঁৰ উন্নতি হ’লেহে দেশৰ উন্নতি হ’ব’ – এনে এক ধাৰণাৰে  জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে দেশ স্বাধীন হোৱাৰ পিছতেই পঞ্চায়তীৰাজৰ পোষকতা কৰিছিল । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হাতত ক্ষমতা কেন্দ্ৰীভূত হৈ নাথাকি গাঁৱৰ  তৃণমূল পৰ্যায়লৈকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাৰ ভাবনাত বিভোৰ হৈছিল গান্ধীজী । ফলত পলমকৈ হ’লেও ভাৰতবৰ্ষৰ সংবিধানৰ ৭৩ সংখ্যক সংশোধনীৰে পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰচলন হয় । এই ব্যৱস্থাৰ ফলস্বৰূপে যিমানখিনি সুফল দেশৰ সাধাৰণ জনতাই লাভ কৰিছে সেয়া অনস্বীকাৰ্য । তাৰ মাজতে এচাম দুৰ্নীতি পৰায়ণ ৰাজনীতিকে সমগ্ৰ পঞ্চায়ত ব্যৱস্থাটোকেই অনীতি,  অনিয়মৰ ধামখুমীয়াত নিমজ্জিত কৰি, দুই হাতেৰে ধন- বিত চপাই সম্পত্তিৰ পাহাৰ বনোৱাত আগভাগ লোৱা কাৰ্য্যই সচেতন মহলৰ চকু কপালত তুলিছে । আমি আশা কৰিম পঞ্চায়তীৰাজৰ অধীনস্থ  প্ৰতিখন কল্যাণকামী আঁচনিৰ সুফল লাভ কৰিবলৈ সকলোপক্ষই সতৰ্কতাৰে আগবাঢ়িব আৰু সমৰ্থ হ’ব । ফলত মহামানৱ মহাত্মা গান্ধীৰ সপোনে সাকাৰ ৰূপ লভিবলৈ  আৰু অধিক দিন অপেক্ষা কৰিব নালাগিব ।
  এই কথা সূৰ্যৰ  পোহৰৰ দৰেই পৰিষ্কাৰ হৈ পৰিছে যে  – উচ্চ ন্যায়লয়ৰ কঠোৰ নিৰ্দেশ আৰু   তীব্ৰ হেঁচাত হে  পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য হ’ল অসম চৰকাৰ । ন্যায়লয়ৰ নিৰ্দেশানুযায়ী ১৫ ডিচেম্বৰ ২০১৮ ৰ পূৰ্বেই অনুষ্ঠিত কৰিব লগা হ’ল পঞ্চায়ত নিৰ্বাচন । তাৰে ফলশ্ৰুতিত  নিৰ্বাচন  আয়োগে ঘোষণা কৰা মতে   অসমত পঞ্চায়ত নিৰ্বাচনৰ বাবে অহা ৫ আৰু ৯ ডিচেম্বৰত ভোটগ্ৰহণ হ’ব ; লগতে ফলাফল পোৱা যাব ১২ ডিচেম্বৰত। অলপতে এই ঘোষণা কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে । আয়োগৰ এনে ঘোষণাৰ ফলস্বৰূপে, ৰাজ্যখনত নিৰ্বাচনী আচৰণ-বিধি বলৱৎ হোৱাৰ লগে লগে উৎসাহ –  নিৰুৎসাহেৰে  ভৰি পৰিছে বিভিন্ন দল, সংগঠনৰ লগতে   গ্ৰাম্যাঞ্চলৰ ভোটাৰ ৰাইজ  মন ।   নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱা প্ৰতিদ্বন্দ্বীসকলৰ মাজত গভীৰ উৎসাহ উদ্দীপনাৰ উমান  পোৱা গৈছে । মনোনয়ন পৰ্ব সুকলমে শেষ হোৱাৰ লগে লগে ভোট বিচাৰি দলীয় , নির্দলীয় প্ৰাৰ্থীসকল অনুনয় বিনয়েৰে ভোটাৰ ৰাইজৰ কাষচাপি ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে । তীব্ৰ প্ৰত্যাহ্বানৰ মাজত এতিয়া সকলো পক্ষ অপেক্ষাৰত মাথো নিৰ্বাচনৰ ফলাফলৰ বাবে ।
      এইখিনিতে প্ৰশ্ন হয় পঞ্চায়ত নিৰ্বাচনৰ হৈ হাল্লাত,  শিক্ষাৰ  পৰিৱেশ  বিনষ্টৰে মানৱ সম্পদৰ কেনেকৈ উন্নতি সাধিব ?   আমাৰ বোধেৰে ডিচেম্বৰ – জানুৱাৰীৰ সময়ত  অসমত আৰম্ভ হয় প্ৰায়বোৰ  পৰীক্ষাৰ বাবে  এক সুস্থ  বাতাবৰণ । শিক্ষাৰ্থীসকল ব্যস্ত হৈ পৰে দিনে নিশাই অধ্যয়নত ।  তেনে স্থলত  আগন্তুক  পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিদ্যালয় , মহাবিদ্যালয় আৰু  বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ ১৫ ডিচেম্বৰৰ পিছত অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ অনুৰোধৰ ভিত্তিতে এই নিৰ্দেশ প্ৰদান কৰে উচ্চ শিক্ষা সঞ্চালকালয়ে । আচলতে  কাৰ ভুলৰ পৰিণতি ভোগ কৰিব লগীয়াত পৰিছে পৰীক্ষাৰ্থীসকলে ?  ফেব্ৰুৱাৰী মাহতে হ’বলগীয়া পঞ্চায়ত নিৰ্বাচন কিয় , কাৰ বাবে আহি আহি ডিচেম্বৰ পালেহি  ?  তাৰ এক নিৰ্মোহ বিশ্লেষণ হ’ব নালাগেনে ?  নে গণ্য মান্য মূধাফুটা ব্যক্তিসকলৰ ল’ৰা ছোৱালীয়ে ৰাজ্যৰ বাহিৰত দেশে বিদেশে অধ্যয়নত ব্যস্ত থকাৰ বাবেই সাধাৰণ শ্ৰেণীৰ মানুহৰ ছাত্ৰ – ছাত্ৰীসকলৰ প্ৰতি এনে অনীহা  ? সেয়াও আমাৰ বাবে কোটিটকীয়া প্ৰশ্ন  ? ইয়াৰ পৰাই প্ৰতীয়মান হয় আমাৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি ৰজাঘৰীয়া বৰমূৰীয়াসকলৰ লগতে চৰকাৰৰ দায়িত্ববোধৰ প্ৰকৃত নমুনা । যিহেতু প্ৰতিটো নিৰ্বাচনতে চৰকাৰী বিদ্যালয় , মহাবিদ্যালয়ৰ অধিকাংশ  শিক্ষক – শিক্ষয়িত্ৰীকে নিৰ্বাচনী কাম কাজৰ প্ৰশিক্ষণৰ পৰাই আৰম্ভ কৰি নিৰ্বাচনী ফলাফলৰ শেষ মূহুৰ্তলৈকে  দিনে -নিশাই কামত লগোৱা হয়;  তাৰ  উপৰিও শিক্ষানুষ্ঠান সমূহ ব্যৱহৃত হয় উপৰিউক্ত কাৰ্য ব্যৱস্থাত ।  গাৱঁৰ চুবুৰীয়ে চুবুৰীয়ে ভোট বিচাৰি যোৱা ৰাজনৈতিক দল তথা ব্যক্তিসকলৰ উত্তাল পৰিবেশৰ মাজত  ডিচেম্বৰ – জানুৱাৰী  মাহত অনুষ্ঠিত হ’ব লগা ফাইনেল পৰীক্ষাসমূহৰ  পৰিবেশ সঠিক ভাৱে  বৰ্তাই ৰাখিব পাৰিবনে ?  ইয়াৰ পিছতো আমি  চৰকাৰী বিদ্যালয় ,  মাহাবিদ্যালয় সমূহৰ পৰা   উৎকৃষ্ট ফলাফল আশা কৰা উচিত হ’বনে  ?  নে এনেদৰে চলি থাকিব অনন্তকাল আমাৰ দৰে সৰ্বসাধাৰণ মানুহৰ জীৱন পাঠশালা  ? ইফালে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী,  ৰাষ্ট্ৰপতিৰ নাম অথবা নিজ ৰাজ্যখনৰ জিলা কেইখনৰ নাম নজনা এচাম নেতা – নেত্ৰীয়ে নিৰ্বাচনত জিকি আমাৰ শাসনতন্ত্ৰ ( গণতন্ত্ৰ ) ৰ হৰ্তা কৰ্তা বিধাতা হৈ পৰিব । এয়াই হৈছে আমাৰ বাবে,  অসমৰ জনগণৰ বাবে আটাইতকৈ দুৰ্ভাগ্য । অসহনীয় বিড়ম্বনা । এতেকে জনগণ সজাগ নহ’লে ৰক্ষা নাই ।
[ দুই ]
  নিৰ্বাচন আয়োগৰ মতে এইবাৰৰ নিৰ্বাচনত ৰাজ্যখনৰ ২৬ খন জিলাৰ ১.৫৬ লাখ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ ২৩,৫০৫ টা কেন্দ্ৰৰ জৰিয়তে সাব্যস্ত কৰিব পাৰিব। নিৰ্বাচন আয়ুক্ত এইচ এন বৰাই এক সংবাদ মেলত ঘোষণা কৰিছে যে এই নিৰ্বাচনত  প্ৰথম পৰ্যায়ত ১৬ খন জিলাক সামৰি লোৱা হ’ব। ইফালে ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ মতে  এই পঞ্চায়ত নিৰ্বাচন শাসনাধিস্থিত বি জে পিৰ চৰকাৰ তথা দলৰ বাবে অগ্নি পৰীক্ষা হিচাপে বিবেচিত হৈছে । ২০১৬ চনত বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদকে ধৰি সৰু-বৰ কেইবাটাও দলে বি জে পিৰ সৈতে  আসনৰ বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কিন্তু চৰকাৰৰ অংশীদাৰ অ গ প দলে পঞ্চায়ত নিৰ্বাচন নিজাববীয়াকৈ খেলাৰ সিদ্ধান্তই বি জে পি দলক ৰাজনৈতিকভাৱে কিছুপৰিমানে অস্বস্তিত নেপেলোৱাকৈ নাথাকিল । মনকৰিবলগীয়া যে -দুবছৰীয়া শাসনকাল অতিবাহিত কৰা  সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে জনতাৰ আশা-আকাংক্ষা পূৰণত বহু ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে। ইয়াৰ লগতে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ক লৈ ৰাজ্যবাসীৰ মনত ক্ষোভৰ উদগীৰণ হৈ থকাত এই নিৰ্বাচন বি জে পিৰ বাবে হৈ পৰিছে অগ্নী পৰীক্ষা সদৃশ। কিয়নো ২০১৯ চনৰ প্ৰথম ভাগত দেশত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতো গেৰুৱা দলটোৰ জনপ্ৰিয়তা এই নিৰ্বাচনতে উমান পোৱা যাব। ইফালে ই  ভি এমৰ পৰিবৰ্তে বেলত কাকতৰ প্ৰচলন বিচাৰি অহা বিভিন্ন দলৰ সমৰ্থনত,   নিৰ্বাচন আয়োগে এইবাৰৰ  নিৰ্বাচনত বেলট কাকত ব্যৱহাৰ  কৰা হ’ব বুলি সদৰী কৰাত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে  ৰাজনৈতিক মহলত । অন্যহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ ৪৬ টা সংগঠনৰ সমৰ্থন লৈ বিগত ২৩ অক্টোবৰত আহ্বান জনোৱা অসম বন্ধৰ সফলতাই অসমৰ এক বৃহৎ অংশই যে ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’ৰ বৈপৰীত্যত অৱস্থান কৰিছে সেয়া স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে ।বন্ধ আহ্বানৰ দিনৰে পৰা ৰাজ্য চৰকাৰে এই বন্ধ অসফল কৰিবলৈ হাতত লোৱা সম্ভৱপৰ সকলোধৰণ প্ৰচেষ্টাই ব্যৰ্থ প্ৰমাণিত হৈছে । সকলো ধৰণৰ ভয়-ভাবুকিৰ চৰকাৰী নিৰ্দেশনা নেওচি ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ পৰাই এই বন্ধলৈ সৰ্বাত্মক সঁহাৰি জনোৱা কাৰ্যই ৰাজনৈতিক মহলত বেচ আলোড়নৰ সৃষ্টি কৰে । লগতে  সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ   বিৰোধিতাও ৰজাঘৰৰ বাবে  মূৰৰ কামোৰণি হৈ পৰিছে । অসমীয়াৰ আবেগ, স্বাভিমানৰ সৈতে জড়িত এনে বিষয়টোৱে  প্ৰমাণ কৰিছে  যে, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাটো বিচৰা   ৰাজনৈতিক দলৰ ভৱিষ্যৎ কেনে হ’ব পাৰে ? উল্লেখ্য যে বিগত ছটা মাহ ধৰি সমগ্ৰ ৰাজ্য এই নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে । অসমলৈ যুটীয়া সংসদীয় সমিতিৰ আগমণৰ সময়তে এই বিষয়ক লৈ প্ৰথমৰে পৰাই ৰাজ্যখনৰ পৰিস্থিতি উত্তাল কৰি তুলিছিল। তাৰ মাজতে  কেন্দ্ৰীয় নেতৃত্বৰ নীতিৰ  বিৰুদ্ধে যাবলৈ  ৰাজ্যিক বিজেপিৰ কিছু নেতা, কৰ্মী বিমোৰত পৰা পৰিলক্ষিত হৈছে ! এচামে তীব্ৰ উৎকণ্ঠাত ভুগিছে ! বিবেকৰ দংশনত ভুগি নিৰৱতাকে আশ্ৰয় কৰি লোৱা উচিত বুলি ভাবিছে । ফলশ্ৰুতিত আমি দেখিবলৈ পাইছো যে একাংশ বিজেপি নেতা কৰ্মীয়েও এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিছে। ইফালে চৰকাৰৰ মিত্ৰ দল অসম গণ পৰিষদ চমুকৈ অগপই পূৰ্বৰে পৰাই এই বিধেয়কৰ মুকলিকৈ বিৰোধিতা কৰি গৈছে । দলটোৱে উল্লেখ কৰি আহিছে যে এই বিধেয়কখনে ঐতিহাসিক অসম আন্দোলনৰ গৌৰৱোজ্জ্বল ইতিহাসকেই নস্যাৎ কৰি পেলাব । সেয়া ৰাজ্যখনৰ বাবেই অহিত। আনকি এই বিধয়ক গৃহীত হ’লে বিজেপিৰে মিত্ৰতা ভঙ্গৰো হুংকাৰ দি আছে অগপই। অসম বন্ধৰ দিনাই এই বিধেয়কৰ বিৰোধিতাৰে লতাশিল খেলপথাৰৰ পৰা কেবা সহস্ৰ অগপ সমৰ্থকে চানমাৰিলৈ উলিওৱা বিশাল সমদলেই এই কথা কিছুপৰিমানে স্পষ্ট কৰা  দেখা গৈছে । সম্প্ৰতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা সমগ্ৰ বিষয়টো সমাধান কৰিবলৈ ৰাজ্যিক  বিজেপিয়ে কিছু মন মেলাৰ উমান পোৱা গৈছে । শেহতীয়া ভাৱে স্বয়ং মুখ্যমন্ত্ৰীয়ে বিষয়টো কেন্দ্ৰীয় নেতৃত্বৰে  আলোচনাৰ বাবে দিল্লীলৈ আহ যাহ আৰম্ভ কৰিছে  । কিয়নো পঞ্চায়ত নিৰ্বাচন সমাগত, ইফালে কেইমাহ মানৰ ভিতৰতে লোকসভাৰ নিৰ্বাচনো আহি আছে । এতেকে এনে পৰিস্থিতিত অসমীয়াৰ আবেগ জড়িত এই স্পৰ্শকাতৰ বিষয়টোৰ এক উচিত সমাধান কৰিব নোৱাৰিলে ইয়াৰ কুফল যে ভুগিব লাগিব সেয়া সুনিশ্চিত। বিজেপিৰ ভিতৰতে এচামে ক’বলৈ আৰম্ভ কৰিছে যে,’নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’  সমৰ্থনৰ ফলত দল ক্ষতিগ্ৰস্ত হোৱাৰ  পূৰ্ণ  সম্ভাৱনা আছে । কাৰণ ৰাজ্য খনৰ অধিকাংশ লোকে এই বিল  সংশোধনী সিদ্ধান্তৰ বিপক্ষে স্থিতি গ্ৰহণ কৰিছে ।   এইটোও সত্য যে দলীয় মত আৰু ব্যক্তিগত  মতৰ ভিন্নতাৰে   সদস্য – সতীৰ্থসকলে নিজৰ দলৰে বিপৰ্যয়ৰ মাতি আনিব পাৰে ।   দলৰ খাতিৰত দলীয় ঐক্য বৰ্তাই ৰাখিও ভোট দানৰ ক্ষেত্ৰত মতৰ ভিন্নতাই দেখা দিব পাৰে  ?  নহ’লেনো  বহু বছৰ ধৰি দেশৰ শাসন ভাৰ লৈ অহা এসময়ৰ সৰ্ববৃহত ৰাজনৈতিক দল-  কংগ্ৰেছৰ ভোটবোৰ যোৱাটো লোকসভা নিৰ্বাচনত  গ’ল ক’লৈ  ?   অলেখ অযুত সদস্যৰ উপস্থিতি স্বত্বেও কংগ্ৰেছ দল বিপৰ্যস্ত হ’ল কেনেকৈ  ?  তেনে অযুত অৰ্বুদ সদস্য  সংখ্যাৰ  আত্মম্ভৰিতাত মগন বিজেপিৰ বিপৰ্যয়ৰ বাবে   কেত পৰ বুলি  ৰাজনৈতিক মহলত বৃহত চৰ্চা লাভ কৰিছে । সময় থাকোতেই সেই কথা বৰ্তমানৰ চৰকাৰখনে উপলব্ধি কৰাটো নিজৰ বাবেই মঙ্গল । নহ’লে চলিত চৰকাৰ খনেও ভবিষ্যতে বিৰোধী দলৰ শিবিৰত থাকি ৰাজপথত ধৰ্ণা বা শ্লোগান দিয়াৰ বাহিৰে অন্য পথ মুকলি নাথাকিব ? কিয়নো যি দেখিছোঁ , যি বুজিছোঁ গণতন্ত্ৰত অসম্ভৱ বুলি কোনো কথাই নাই  । ■■ ■■ ■■