অগপৰ নাক থাকিব নে মন্ত্রীত্ব থাকিব ?

9648

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অবশেষত বিজেপিৰ শীৰ্ষ নেতাই মুখ খুলিলে । ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ অগপক একপ্ৰকাৰ মিত্রতা ত্যাগ কৰিবলৈ প্ৰত্যাহ্বান জনালে। ডঃ শৰ্মাই বিজেপিৰ নিৰৱতাক দুৰ্বলতা বুলি নাভাবিবলৈ অগপক সকীয়াই দিছে। লগতে অগপক মনত পেলাই দিলে যে কেনেদৰে ২০১৬ চনত তেখেতে অগপৰ হৈ নিৰ্বাচনী সভাবোৰত অংশগ্ৰহণ কৰিছিল। পঞ্চায়ত নিৰ্বাচনৰ সভাবোৰত ডঃ শৰ্মাৰ অগপৰ বিৰুদ্ধে আক্ৰমণৰ তীব্ৰতা ক্ৰমাত বৃদ্ধি পাইছে । শৰ্মাৰ এই মন্তব্য বিলাকে যে অগপক চিন্তাত পেলাব সেয়া খাটাং । এফালে আত্মসন্মান আনফালে ক্ষমতাৰ লোভ। ভবিষ্যতে সংযত হ’ব লাগিব নহ’লে মন্ত্রীত্ব-নিকায় ত্যাগ কৰিব লাগিব। অগপৰ তিনিজন মন্ত্রীৰ পদত্যাগ কৰিবলৈ ব্যক্তিগতভাবে ইচ্ছা নাথাকিলেও দলৰ হেঁচা কিমানদিনলৈ নেওঁচিব পাৰে সেয়া লক্ষণীয় হ’ব। অগপ দলে বিজেপিৰ সংগ ত্যাগ কৰিলে অসমত এক নতুন ৰাজনৈতিক সমীকৰণৰ সৃষ্টি হ’ব । অগপই অনাগত দিনত অকলে নিৰ্বাচন খেলিব পৰা শক্তি নাই । অসমৰ জনগাঁঠনি আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা সমূহৰ কেন্দ্ৰৰ ওপৰত অতি নিৰ্ভৰশীলতাই অগপৰ ৰাজনৈতিক ভেটি সংকুচিত কৰি আনিছে।

সেয়ে কংগ্ৰেছৰ লগত মিত্রতাৰ বাহিৰে তেওঁলোকৰ কোনো গত্যন্তৰ নাই। অগপ-বিজেপিৰ মিত্রতা ভংগৰ ফলত কোনোৱে যদি কিবা পাব আন কোনোৱে কিছু হেৰুৱাব।
বিজেপি : ২০১৬ত বিজেপিয়ে অগপৰ সৈতে মিত্রতা কৰাৰ মূল উদ্দেশ্য আছিল কংগ্ৰেছ বিৰোধী ভোট বিভাজন ৰোধ কৰা । অসমৰ জাতীয়তাবাদী শক্তি এটাৰ লগত বিজেপিৰ মিত্রতাৰ প্ৰয়োজন আছিল আৰু অগপই দিছিল সেই সুবিধা। অগপ যদি আতৰি যায়, তেন্তে ই বিজেপিৰ ২০১৯ লোকসভা নিৰ্বাচনৰ অংকত কোনো প্ৰভাব নেপেলাব। কাৰণ  অগপ অবিহনে ২০১৪ত ৭ খন আসন জিকা বিজেপিয়ে এইবাৰ শিলচৰ আৰু অ’টনমাচ জিলাৰ আসন দুখনো জিকাৰ চেষ্টা চলাব। এই দুখনত অগপৰ কোনো প্ৰভাব নাই। কিন্তু ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপি-অগপৰ মিত্রতা ভংগই বিজেপিক ক্ষতি কৰিব। কিছুমান সমষ্টি যেনে বটদ্ৰবা,বৰক্ষেত্রী আদিত বিজেপি অতি কম ভোটত জয়ী হৈছিল । মিত্রতা ভংগ হ’লে তিনিটা মন্ত্রীপদ খালি হ’ব আৰু কিছুমান বিজেপি বিধায়কৰ মন্ত্রী হোৱাৰ সপোন পূৰ্ণ হ’ব। যোৱাবাৰ টিকটৰ পৰা বঞ্চিত হোৱা জয়ন্ত মল্ল, ৰাজেন বৰঠাকুৰ বা যাদব ডেকাৰ মনত মিত্রতা ভংগই এক নতুন আশাৰ সঞ্চাৰ কৰিব।
অগপ : অগপৰ সভাপতি আৰু কাৰ্য্যকৰী সভাপতিক নাগৰিকত্ব সংশোধনী বিধেয়কখনে বিপদত পেলাইছে । মন্ত্রীত্ব ত্যাগ কৰিলে যোৱা আঢ়ৈ বছৰত ৰাইজক সফলতা দেখাবলৈ বিশেষ নাই। কংগ্ৰেছৰ লগত মিত্রতা হ’লে অগপই পুৰ্বৰ তুলনাত বেছি আসনত মিত্রতা কৰিবলৈ সুবিধা পাব । সংখ্যালঘু অধ্যুষিত অঞ্চল, বৰাক উপত্যকা আৰু কাৰ্বি আংলং কংগ্ৰেছক সম্পূৰ্ণ ভাবে এৰি দি ভাষিক অসমীয়া প্ৰধান সমষ্টি কিছুমানত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । ২০১৯ লোকসভা নিৰ্বাচনত গুৱাহাটী, নগাওঁ আৰু মংগলদৈ অগপক এৰি দিবলৈ কংগ্ৰেছৰ কোনো অসুবিধা নহব কাৰণ যোৱা নিৰ্বাচন বিলাকত কংগ্ৰেছ দলৰ নিৰ্বাচনী ফলাফল এই সমষ্টি বিলাকত সন্তোষজনক নহয়।
কংগ্ৰেছ : ঐতিহাসিক ছবিএখন বাস্তৱ হ’ব নেকি__তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্ত একেলগে একেখন নিৰ্বাচনী মঞ্চত ।  বিজেপি আৰু অগপৰ মিত্রতা ভংগই অক্সিজেন যোগান ধৰিব কংগ্ৰেছ দলক। কংগ্ৰেছৰ ভোট বেংক থকা অঞ্চলত যিহেতু অগপৰ কোনো ভেটি নাই সেই ক্ষেত্রত কংগ্ৰেছ- অগপৰ আসন বুজাবুজিৰ ক্ষেত্রত অসুবিধা নহ’ব। অবশ্যে এই মিত্রতাৰ ফলত চাপত পৰিব  শংকৰ  প্ৰসাদ ৰয়ৰ দৰে নেতা।
বিপিএফঃ অগপৰ লগত বিজেপিৰ মিত্রতা ছেদ হোৱাৰ লগে লগে বিপিএফৰ গুৰুত্ব দুগুন বৃদ্ধি পাব। ইমানুৱেল মুছাহাৰীৰ মন্ত্ৰীত্বৰ সপোন সাৰ্থক হ’ব পাৰে। পাই যাব পাৰে কোকৰাঝাৰৰ লগতে মংগলদৈ লোকসভা সমষ্টিত বিজেপিৰ সমৰ্থন। হাগ্ৰামা মহিলাৰী হৈ পৰিব অসমৰ ৰাজনীতিৰ কিং মেকাৰ। বৰ্তমান অগপৰ হাতত থকা কৃষিকে ধৰি আন আন গুৰুত্বপূৰ্ণ বিভাগ পোৱাৰ সম্ভাবনা আছে বিপিএফৰ । মুঠৰ ওপৰত অগপ-বিজেপিৰ মিত্রতা ভংগৰ ফলত সকলোতকৈ লাভবান হ’ব বিপিএফ।
হিমন্ত বিশ্ব শৰ্মাৰ মুকলি প্ৰত্যাহ্বানৰ পিছত অগপই আজিলৈকে মিত্রতা ত্যাগ কৰা নাই। প্ৰথম বাৰৰ বাবে মন্ত্রীত্বৰ সোৱাদ পোৱা বৰা-মহন্তই সসন্মানে এই পৰিস্হিতিৰ পৰা ওলাই যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। দুবাৰকৈ চৰকাৰ গঠন কৰা দল এটাৰ এনেকুৱা আত্মসমৰ্পণে আগন্তুক দিনত ভোটাৰ ৰাইজৰ মাজত কি প্ৰভাব পেলাই সেয়া লক্ষণীয় হ’ব। এতিয়া প্ৰশ্ন এটাই ___অগপৰ নাক থাকিব নে মন্ত্রীত্ব থাকিব?