ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ডঃ হিমন্ত বিশ্ব শৰ্মা

9437
  • পাৰ্থ সাৰথি দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


মানুহজনে ২৩ টা বছৰ কংগ্ৰেছত পাৰ কৰিছিল। অসমৰ দুটা নিৰ্বাচনত কংগ্ৰেছৰ জয়তো তেখেতৰ উল্লেখযোগ্য অবদান আছিল। তথাপি কিন্ত তেখেতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষন কৰিব পৰা নাছিল। কিন্তু যোৱা অসম বিধানসভা নিৰ্বাচনৰ আগে আগে ডঃ হিমন্ত বিশ্ব শৰ্মা সকলো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আকৰ্ষনৰ কেন্দ্ৰবিন্দু হৈ পৰিল। ২০১৬ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিনা আনকি সকলো আগশাৰীৰ ৰাষ্ট্ৰীয় চেনেলৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎকাৰ লবৰ কাৰণে হেতা ওপৰা লাগিছিল। বৰ্খা দত্ত, অৰ্ণব গোস্বামী , ৰাজদীপ সৰদেশাই সকলোৱে আগ্ৰহেৰে তেখেতৰ কথা শুনিছিল। হয়তো ৫জন বিধায়ক থকা অসম ৰাজ্যত বিজেপিৰ জয় অবিশ্বাসনীয় আছিল। আজি আমি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হোৱা কেইটামান সাক্ষাৎকাৰ আৰু চৰ্চাৰ কথা উল্লেখ কৰিব বিচাৰিছো।
প্ৰণয় ৰয়ৰ সৈতে হিমন্ত বিশ্ব শৰ্মাঃ  ২০১৬ অসম বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে অসমৰ নিৰ্বাচনৰ খবৰ লবলৈ অসমলৈ আহিছিল এন.ডি.টি.ভিৰ এটা দল। তাত আছিল প্ৰণয় ৰয়, শেখৰ গুপ্তা আৰু দোৰাব। তেওঁলোকে জাগীৰোড সমষ্টিৰ এটা অঞ্চলত শৰ্মাক ভাষণ দি থকা স্বচক্ষে দেখিছিল। যদিও তেওঁলোকে অসমীয়া নাজানে তথাপি ৰাইজৰ হাত-তালি আৰু উৎসাহ দেখি সকলো অনুমান কৰিব পাৰিছিল। “We have seen such a firy speech for the 1st time here” বুলি কৈ কংগ্ৰেছৰ বাবে যে এয়া ডাঙৰ ক্ষতি সেয়া অনুধাবন কৰিছিল। সেই একেটা যাত্রাতে শেখৰ গুপ্তাই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছুতীয়াকৈ ‘walk the talk’ অনুষ্ঠান কৰিছিল। অসমৰ ফলাফল ঘোষণা হোৱাৰ দিনা সেই একেজন শেখৰ গুপ্তাই কৈছিল যে আজি ভাৰতে অসমৰ পৰা এজন ৰাষ্ট্ৰীয় স্তৰৰ নেতা পালে ।
অৰ্ণব গোস্বামীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাঃ ২০১৬ বিধানসভা নিৰ্বাচনৰ আগে পিছে Times Now  আৰু সদ্যহতে Republict ত আমি শৰ্মাক অৰ্ণব গোস্বামীৰ সৈতে বহুবাৰ দেখিছো। Times now ৰ ২০১৬ বিধানসভাৰ এক্সিট প’লত  বিজেপি মিত্রজোঁটে অসমত ৫৩-৬১ আসন পাব বুলি ভবিষ্যত বাণী কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ইয়াৰ বিষয়ত মতামত বিচাৰিলে। শৰ্মাই ক’লে যে বিজেপিয়ে অকলে ৫৭+-৪, অগপ ১৪+-২, বিপিফ ১০+-২ পাব। কংগ্ৰেছ ৩০ৰ তলত থাকিব আৰু এআইইউডিফ এ ১২- ১৪ আসন পাব। শৰ্মাৰ অনুমান ১০০% শুদ্ধ প্ৰমাণিত হয়। তেখেতৰ ৰাজনৈতিক জ্ঞান সম্বন্ধে ফলাফল ঘোষণাৰ পিছত ব্যাপক ভাবে চৰ্চা হয়। সেই একেটা এক্সিট প’লতে শৰ্মাক অৰ্ণব গোস্বামীয়ে সুধিছিল যে আপুনি কংগ্ৰেছত থাকিলে দলক বচাব পাৰিলেহেতেন নেকি? ” ৰাহুল গান্ধী থকালৈকে কংগ্ৰেছক কোনেৱো বচাব নোৱাৰে” ..শৰ্মাৰ বুদ্ধিদীপ্ত উত্তৰত উপস্হিত পেনেলে খুব প্ৰশংসা কৰিলে।
প্ৰিয়া চাইগলৰ সৈতে শৰ্মাঃ NewsXৰ senior executive Editor  প্ৰিয়া চাইগৰ সৈতে ডঃ শৰ্মাৰ দুটা সাক্ষাৎকাৰ সম্প্ৰচাৰ হয়। এটা ২০১৬ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ঠিক আগত আৰু আন এটা চৰকাৰ গঠন হোৱাৰ এবছৰ পিছত। দুয়োতা সাক্ষাৎকাৰতে শৰ্মাই খুব সুন্দৰভাবে সকলো প্ৰশ্নৰ উত্তৰ দিয়ে। ২০১৬ নিৰ্বাচনৰ ফলাফলৰ ঠিক আগতে লোৱা সাক্ষাৎকাৰত চাইগলে সুধিছিল যে বিহাৰ আৰু দিল্লীৰ পৰাজয়ৰ পিছত অসম জয় বিজেপিৰ বাবে কিমান গুৰুত্বপূৰ্ণ। শৰ্মাৰ উত্তৰ আছিল যে বিজেপিৰ বাবে অসম জয় কিমান গুৰুত্বপূৰ্ণ মই ঠিক কব নোৱাৰিম কিন্ত এটা কথা নিশ্চিত যে অসমৰ ৰাইজৰ বাবে বিজেপি চৰকাৰ গঠন হোৱাটো খুবেই দৰকাৰ  ।” I don’t know how much BJP needs Assam but Assam needs BJP.” শৰ্মাৰ উত্তৰ শুনি প্ৰিয়াই কৈছিল ” Before I met you someone told me that I will be speaking to someone who is very astute politically and I can see that person was right”
ইয়াৰ উপৰিও শৰ্মাৰ বহুকেইটা সাক্ষাৎকাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হৈছে।  ৰাহুল গান্ধীৰ কুকুৰটোৰ লগত শৰ্মাৰ হোৱা অভিজ্ঞতাৰ কথাই ৰাষ্ট্ৰীয় সংবাদমাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। Zee news য়ে ইয়াক লৈ এটা বিশেষ অনুষ্ঠান কৰিছিল শৰ্মাৰ লগত। বৰ্খা দত্ত, ৰাজদীপ চৰদেশাইয়ে শৰ্মাক ২০১৬ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিনা  ৰাহুল গান্ধীৰ কুকুৰটোৰ বিষয়ে জানিব বিচাৰিছিল। কব গ’লে ৰাষ্ট্ৰীয় সংবাদত পিডিক জনপ্ৰিয় কৰা মূল ব্যক্তিজন আছিল হিমন্ত বিশ্ব শৰ্মা। ২০১৬ নিৰ্বাচনত অসমত বিজেপিৰ জয়ৰ পিছতো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত শৰ্মাৰ জয় যাত্রা অব্যাহত থাকে। ত্রিপুৰা জয় তথা এন আৰ চিৰ বহুতো বিতৰ্কত ভাগ লবলৈ তেখেতক আমন্ত্রন জনোৱা হয়। India Idea conclave 2016, India idea conclave 2017, ইণ্ডিয়ান এক্সপ্ৰেছৰ idea exchange, India today conclave 2018, India today mind rocks 2017 আদিতো তেখেতে নিজৰ বক্তব্য ৰাখে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ সকলো সাক্ষাৎকাৰ বোৰত ৰাহুল গান্ধীক আক্ৰমনৰ লক্ষ্য হিচাপে বাচি লয়। পৰিয়ালকেন্দ্ৰীক শাসন ব্যবস্হাক বিৰোধিতা কৰা শৰ্মাই কিন্তু কোনো দিনে ছোনীয়া গান্ধীৰ বিৰুদ্ধে একো কোৱা দেখা নগ’ল। আনকি বহুতো সময়ত শৰ্মাই ছোনীয়া গান্ধীক প্ৰশংসা হে কৰিলে। ৰাহুল গান্ধীক Part time ৰাজনীতিবিদৰ বিশেষণ দি শৰ্মাই অভিযোগ কৰে যে জুনিয়ৰ গান্ধীয়ে কোনো এটা কথাত ভালকৈ মনোযোগ দিব নোৱাৰে। ভাৰতৰ প্ৰধান বিৰোধী দলৰ সভাপতি জনৰ বিৰুদ্ধে বহু ভিতৰুৱা কথা উন্মোচন কৰা বাবে হইতো শৰ্মাৰ গুৰুত্ব ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বৃদ্ধি পাইছে। আজিকালি অন্য নেতাৰ সাক্ষাৎকাৰ বোৰতো সাংবাদিক সকলে শৰ্মাৰ কথাৰ quote কৰা দেখা পোৱা গৈছে। বিশিষ্ট সাংবাদিক কৰণ থাপৰে কমল নাথ আৰু দিগ্বিজয় সিং দুয়োজনকে ৰাহুল গান্ধীৰ বিশেষ প্ৰশ্ন কৰোতে হিমন্ত বিশ্ব শৰ্মাক quote  কৰিছিল। থাপৰে দিগ্বিজয় সিংক সুধিছিল ” You know what Rahul Gandhi is accused off ? Himanta Biswa says when he came to meet Rahul Gandhi young Mr Gandhi was more interested in his dogs then hearing Mr Sarma’s story about the problem in Assam” বৰ্খা দত্তইয়ো স্মৃতি ইৰাণীৰ লগত হোৱা কথোপকথনত ডঃ শৰ্মাক quote  কৰা দেখা গ’ল। অবশ্যে কেঞ্চাৰ আৰু পাপক একলগ কৰি দিয়া মন্তব্যৰ বাবে ৰাষ্ট্ৰীয় সংবাদমাধ্যত ব্যাপক ভাবে সমালোচিতও হৈছে হিমন্ত বিশ্ব শৰ্মা। কেইবাটাও ৰাষ্ট্ৰীয় নিউজ চেনেলে শৰ্মাৰ পৰা ইয়াৰ কৈফিয়ত বিচাৰিছিল।
শেষত এটা কথা কব পাৰি যে অসমৰ এজন ৰাজনেতাই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইমান বেছি সময় পাইছে । এয়া কিমান দিনলৈ থাকে সেয়া মাথো সময়েহে কব।