উইং কামাণ্ডাৰ অভিনন্দন কেনেকৈ পাকিস্তান পালে?

4847

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২৬ ফেব্ৰুৱাৰীত  ভাৰতে পাকিস্তানৰ ভিতৰত প্ৰবেশ কৰি ৩০০ সন্ত্রাসবাদী নিহত কৰাৰ পিছদিনাই অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীত পাকিস্তানে F 16 যুঁজাৰু বিমানেৰে ভাৰতৰ সেনাৰ চাউনিত আক্ৰমন কৰাৰ চেষ্টা চলালে। ভাৰত সতৰ্ক আছিল। ভাৰতে মিগ ২১ বিমানেৰে পাকিস্তানৰ বিমানৰ পিছ ললে। পাকিস্তানৰ বিমানখন ধ্বংস কৰিবলৈ যদিও সক্ষম হয় তথাপি ভাৰতৰ বিমান এখনতো  জুই লাগে । উইং কামাণ্ডাৰ অভিনন্দনে ঠিক সময়ত পেৰাচ্যুটৰ  সহায়ত মাটিলৈ নামি আহিবলৈ সক্ষম হয়।  প্ৰথমতে তেওঁ বুজি পোৱা নাছিল তেওঁ ভাৰতত আছে নে পাকিস্তানত আছে। তেওঁক আগুৰি ধৰা গাওঁবাসীক প্ৰশ্ন কৰাত সিহঁতে বুদ্ধি কৰি ক’লে যে এইখন ভাৰতৰ গাওঁ। কিন্তু ভাৰতীয় সেনাক ঠগোৱাতো ইমান সহজ নহয়। অভিনন্দনে ভাৰতৰ সমৰ্থনত লগে লগে চিঞঁৰ লগায় ।  পাকিস্তানী গাওঁবাসীৰ ধৈৰ্য্যচ্যুতি ঘটে আৰু সিহঁতে পাকিস্তানৰ সমৰ্থনত পাকিস্তান জিন্দাবাদ  লগাবলৈ আৰম্ভ কৰে। অভিনন্দনে হাতত পিষ্টলটো উলিয়াই লৈ শুণ্যলৈ  কেইজাইমান গুলি চলায়। তাৰ পিছত তেওঁ ওচৰৰে পুখুৰী এটাত সোমাই যায় ; তাতে লগত থকা  কাগজ পত্রখিনি নষ্ট কৰে। গাওঁবাসীয়ে তেওঁক আগুৰি থাকে। তাৰ কিছুমান ডেকা লৰাই কমাণ্ডাৰক আক্ৰমন কৰিবলৈ প্ৰস্তুত হৈ থাকে। ইমান মানুহৰ লগত বহু সময় যুঁজ দি অবশেষত অভিনন্দন পাকিস্তানী লোকৰ আয়ত্বত আহে। ভিৰৰ মাজৰ কিছুমানে অভিনন্দনক আক্ৰমন কৰে। দুই একাংশই অবশ্যে বাধা প্ৰদান কৰে। আজিৰ মোবাইল আৰু চচিয়েল মিডিয়াৰ যুগত কমাণ্ডাৰৰ ৰক্তাক্ত ছবি ভায়ৰেল হৈ পৰে। কিছুসময় পিছত পাকিস্তানী আৰ্মীয়ে ভাৰতীয় সেনাজনক নিজৰ অধিনলৈ আনে। পাকিস্তানী সেনাৰ টুইটাৰৰ পৰা আনকি অভিনন্দনৰ এই ছবিখন প’ষ্ট কৰা হৈছিল। ই আছিল দেখ দেখকৈ জেনেভা চুক্তি ১৯৪৯ ৰ  পৰিপন্থী ; বাকী দেশবিলাকে ধিক্কাৰ দিয়াৰ আগতে পাকিস্তানে নিজৰ ভুল বুজি পালে। লগে লগে টুইট দিলিট কৰি অভিনন্দনৰ নতুন ভিডিঅ’ প্ৰকাশ কৰিলে। ভাৰতীয় সেনাজনে ক’লে পাকিস্তানী সেনাই তেওঁৰ লগত সন্মান সহকাৰে আচৰন কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অকলশৰীয়া হোৱাৰ ভয়ত পাকিস্তানে অভিনন্দনক ১ মাৰ্চত মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে। অভিনন্দক অভিনন্দন
‘ ৰাজনীতি অসম ‘ৰ ফালৰ পৰা ।