বিহু, ৰাজনীতি আৰু অলপ ধেমালি – ২০১৯

2260
(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)
কমেডি ডেক্স: ৰাজনীতি অসম

আকৌ কুলিয়ে মাতিলে, মানে বহাগ আহিল, ঢোল-পেপাও বাজি উঠিব। আমাৰ অসমৰ ৰাজনেতা সকলেনো কেনেকৈ মনে মনে থাকে? বিহুৰ বতৰত আমাৰ চেনেহৰ নেতাসকলৰ শুভেচ্ছা বাণী কেবল ৰাজনীতি অসমৰ পাঠকৰ বাবেঃ
সুদৰ্শন  সোণোৱাল:  অসমত বসবাস কৰা অসমীয়া, বিহাৰী, বঙালী, মাৰোৱাৰী, নেপালী, মিচিং, কাৰ্বি, তামিল, মালায়ালী সকলোৱে মিলি খুব সুন্দৰ ভাবে বিহু পালন কৰিব বুলি আশা কৰিলো। মনত ৰাখিব আমি ভয় আৰু ভক্তিৰে বিহু পালন কৰিব লাগিব। অন্য কোনোৱে অন্তৰত দুখ পোৱা কাম যাতে আমি নকৰো তাকো সুনিশ্চিত কৰিব লাগিব।
কৰুণ গগৈঃ মোক কেন্দ্ৰীয় চৰকাৰে গুপ্ত বিহু পাতিবলৈ জোৰ কৰিছিল। কিন্তু মই তেওঁলোকক কেয়াৰ নকৰো। মই মুক্ত চিন্তা কৰা মানুহ সেয়েহে মুক্ত বিহু কৰিছো আৰু ভবিষ্যতেও কৰি যাম।
 
বিমন্ত বিশ্ব শৰ্মাঃ মাদানীৰ লগত বিহু নচা সকলে আজি বিহুৰ মৰ্য্যাদাৰ কথা চিন্তা কৰিছে। তেওঁলোকে পাহৰি গৈছে যে অহাবছৰ আমি ১৭ টা সমষ্টিত আৰু বিহু পাতিব নোৱাৰিম। বজ্ৰনিনাদ কৰাসকলোকো মই আহ্বান জনাম..আপোনালোকে বিহুৰ নিনাদ কৰক।
ভয়ন্ত মল্ল বৰুৱাঃ মাদানীৰ লগত বিহু নচা সকলে আজি বিহুৰ মৰ্য্যাদাৰ কথা চিন্তা কৰিছে। তেওঁলোকে পাহৰি গৈছে যে অহাবছৰ আমি ১৭ টা সমষ্টিত আৰু বিহু পাতিব নোৱাৰিম। বজ্ৰনিনাদ কৰাসকলোকো মই আহ্বান জনাম..আপোনালোকে বিহুৰ নিনাদ কৰক।
উজ্জ্বল ভট্টাচাৰ্য্যঃ আমি ১৯৭১ চনলৈ বোজা ললো। কিন্তু ১৯৭১ চনৰ পিছত অহা কোনো লোকে বিহু মঞ্চত গান গাব নোৱাৰে, আমি নিদিও। সি লাগে হিন্দুৱে হওক বা মুছলমানে হওক। চৰকাৰে যদি জোৰকৈ তেওঁলোকৰ সিদ্ধান্ত অসমৰ ৰাইজক জাপি দিব খোজে তাৰ পৰিণাম কিন্তু ভয়াবহ হব। আমি সকিয়াই দিলো।
অকিল গগৈঃ আজিকালি বিহুবোৰ কৰ্পৰেটে নিয়ন্ত্ৰণ কৰে। যোৱাবাৰ বিহু মঞ্চত গায়ক এজনৰ গাৰ কাপোৰ দেখি মই অবাক হৈছিলো। সামান্য শালীনতাবোধো আজিকালি নাইকিয়া হ’ল। মই সকলোকে অনুৰোধ কৰিম যাতে নিজৰ মৰ্য্যাদা ৰাখি কাপোৰ কানি পৰিধান কৰে।
 
আগ্ৰামা মহিলাৰীঃ বহাগ আহিল মানে ফুৰ্টি লাগে মনটো। এই মাহটোত মোৰ  সদায়   বিহু নাচো নাচো লাগে। এদিন বিহু চাব যাব নোৱাৰিলে মই মিৰ্গী বেমাৰীৰ নিচিনা হৈ যাওঁ।
আতৰুদ্দিন আজমলঃ মোক বহুতে ঠাট্টা কৰে কিন্তু মোৰ নিচিনা বিহু নাচিব পৰা লোক অসমতে নাই। ঠাট্টা কৰিলে কেতিয়াবা অলপ খং উঠে কিন্তু কি কৰিব সকলোৰে লগত মিলি জুলি থাকিব লাগিব। কাৰো গাতটো হাত তুলিব নোৱাৰো।
নিৰেন গোহাঁইঃ দিন শব্দটোৰ প্ৰতি মোৰ এলাৰ্জি আছে যদিও বিহু দিনতে পতাটো ভাল। ৰাতি হ’লে উশৃংখলতা বাঢ়ি যায়। বিশেষকৈ শাসকীয় দলৰ ‘গোহাঁই’ জাতিটোক বদনাম কৰা ৰেলখনলৈ ভয় লাগে।