চৰকাৰৰ কন্যাদান

2267

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • তাৰক দাস

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


নিজৰ বিয়াৰ তাৰিখ ঠিক হোৱা দিনৰ পৰাই যিকোনো ছোৱালীৰ মনটো সাতখন আঠখন লাগে। এইবাৰ বাজেটৰ পিছতটো কথাই বেলেগ। শৰ্মাদা আৰু সোণোৱাল দাদাই হেনো কইনাক সোন দিব। আনন্দ দুগুনে বৃদ্ধি পাব কইনাজনীৰ। এই চেগতে ৰেজিষ্টাৰ অ’ফিচৰ মেজিষ্ট্ৰেত জনেও কইনাজনীক কিবা এটা উপহাৰ দিয়াৰ সুবিধা লাভ কৰিব। মুঠতে অসমৰ সমাজ জীৱনত চৰকাৰৰ এই পদক্ষেপে যে বহু পৰিবৰ্তন আনিব সেয়া ধুৰুপ।
ছোৱালী জন্ম হ’লে আমাৰ সমাজত কিছুমান মাক দেউতাকে এতিয়াও মন বেয়া কৰা দেখা যায়। এতিয়া আৰু চিন্তা নাই। বাপেক-মাকে পাহৰি গ’লেও ওচৰ চুবুৰিয়াই নিশ্চয় মনত পেলাই দিব “চিন্তা নকৰিবা লক্ষী আহিছে…ঘৰলৈ সোন আনিব”
পিছে অলপ অসুবিধাও নথকা নহয়। বিয়াৰ আগতে কইনাজনীয়ে দিপালী বাইদেউৰ সেই বিখ্যাত গানটো আওৰালেও আছে বিপদ। ‘সোনৰ খাৰু নালাগে মোক.. বিয়াৰ বাবে আই…’ লগে লগে মাকে ক’ব “চৰকাৰৰ এক টোলা সোনাৰে তোৰ খাৰুযোৰ বনি যাব নেকি?”
মুঠতে ক’ব গ’লে সকলোতে কিছু পৰিবৰ্তন আহিব। চৰকাৰেও এই আচনি সফল হ’লে  অহা বাজেটবোৰত এনে আৰু কিছুমান আচনি ঘোষণা কৰাৰ সম্ভাবনা আছে। উদাহৰণ স্বৰুপে সোনৰ লগতে বিয়াৰ বাবে দুযোৰ পাটৰ কাপোৰ দিয়া হ’ব পাৰে। বা বৰযাত্রীক খুৱাবৰ বাবে লোকেল মাছ আৰু খাহী ছাগলী এটা দিয়াৰ প্ৰস্তাব আনিলেও আচৰিত হবলগীয়া নাই। কইনাৰ মেক আপৰ সামগ্ৰীও দিব পাৰে। মুঠতে কইনাৰ ভাল দিন আহি আছে। বাতৰি কাকতৰ খবৰৰো কিছু নতুনত্ব আহিব। ‘চৰকাৰে দিলে নকল সোণ’, ‘চৰকাৰৰ সোণ লৈ পলায়ণ পত্নীৰ’, ভূৱা নামলৈ বহুবাৰ বিয়া পাতি ১০ তোলা সোণ ল’লে মালতীয়ে’ অনাগত দিনত  এনেবোৰ বাতৰি প্ৰকাশ হ’ব বুলি আশা কৰিব পাৰি।
শেষত আমাৰ সমাজৰ গোহাঁই চাৰসকলৰ সৈতে আমি কথা পাতিছিলো। চাৰসকলে চৰকাৰৰ এই আচনিৰ বিষয়ে কি মন্তব্য দিছে চাও আহক।
ভুৱা লিৱাৰেল  গোহাঁই চাৰ : সোণ দিয়াটো ভাল হোৱা নাই । চাকৰি দিয়ক , ছোৱালীয়ে নিজেই কিনিব পাৰিব ।
সোপন্থী গোহাঁই চাৰ : সোণ দিব খোজাটো অতি সুন্দৰ কথা । ছোৱালীৰ পিতৃ জনেহে জানে বিয়াত সোণৰ দাম কিমান হয় ।
ধনী সুবিধা পন্থী গোহাঁই চাৰ :  বাজেটত সোণ দিয়া কথাটোৱে বিবাহ অনুষ্ঠানটোকে পণ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰিলে ।  ( বি: দ্ৰ: নিজৰ ছোৱালীজনীৰ সৰু বিয়াখনত চিঠি ছপাই ১২০০ মানুহ মতা কথাটো চাৰৰ এতিয়া মনত নাই)
নিম্ন মধ্যবিত্ত গোহাঁই চাৰ : চৰকাৰৰ সোণ দিয়াৰ সিদ্ধান্ত ভাল হৈছে । নিম্ন মধ্যবিত্ত হিচাপে মই সুখী । স্কুলত থাকোতে তাই চাইকেল পালে , কিতাপ পালে , ফিজ ৰেহাই পালে । এতিয়া বিয়াত হিমন্ত বোপাই সোণ দিব ।
বিৰোধী নেতা গোহাঁই চাৰ : সোণ দিলে কি লাভ হ’ব ; চৰকাৰে মন্দিৰৰ  মুৰ্তি চোৰ কেইটাকে ধৰিব নোৱাৰিলে । এতিয়া আকৌ  চোৰৰ উপদ্ৰপ হে বৃদ্ধি কৰিব । পিছত আইন শৃংখলা বেয়া হ’লে কিন্তু চৰকাৰে দায়িত্ব লব লাগিব ।