CAB ৰ সমৰ্থনত ৪৫.২% অসমবাসী

3484

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ CAB এ ৰাজ্যখন প্ৰায় দুটামাহ উত্তাল কৰি ৰাখিলে। বাতৰি কাকত খুলিলেই বিলখনৰ আগত জাতিধ্বংসী উপমাটো প্ৰায়ে লেখা থাকে। এফালে আছু, কংগ্ৰেছ, অগপকে ধৰি ৭০ টা দল সংগঠন আনফালে অকল বিজেপি। বিজেপিৰ হৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় অকলে বিলখনৰ সপক্ষে যুঁজ দিয়া দেখা গ’ল। বিৰোধী পক্ষৰ যুক্তি মতে বিলখন পাছ হ’লে অসমত খিলঞ্জীয়াৰ অস্তিত্ব নাইকিয়া হ’ব। হিমন্ত বিশ্ব শৰ্মাৰ মতে বিলখন পাছ নহ’লে ১৭ টা সমষ্টি বাংলাদেশী মুছলমানৰ হাতলৈ যাব। আগৰ ৩৫টা আৰু এইবাৰৰ ১৭টা মিলি ৫২টা হ’ব। শেষত যেনিবা বিলখন ৰাজ্যসভাত থমকি ৰ’ল। কিন্তু বন্ধ, প্ৰতিবাদ আদিয়ে ৰাইজক ভাল জলাকলা খুৱালে।
বিলখনক লৈ দল বিলাকৰ মাজত যুঁজ বাগৰ চলি থকা সময়ত আমি ওচৰ চাপিছিলো অসমৰ ৰাইজৰ। অসমৰ কিমান মানুহেনো বিলখন সমৰ্থন বা বিৰোধিতা কৰে সেই বিষয়ে জানিবলৈ। বাতৰি কাকত বিলাকত যিধৰণে লেখা লেখি কৰি আছে আমাৰ ধাৰণা আছিল যে অসমৰ ৫% ৰ পৰা ১০% মানুহে মাত্র বিলখনৰ সমৰ্থনত আছে। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে ১ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ চলা আমাৰ অপিনিয়ন প’লত ভাগ লোৱা লোকৰ সংখ্যা এতিয়ালৈকে ৰাজনীতি অসমৰ ইতিহাসত সৰ্বাধিক আছিল। আমাৰ অ’পিনিয়ন প’লৰ চুড়ান্ত ফলাফল এনে ধৰণৰঃ
নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা লোকৰ সংখ্যা = ৪৫.২%
নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধিতা কৰা লোকৰ সংখ্যা = ৫৪.৮%
যদিও CAB  বিৰোধীতা কৰা লোকৰ সংখ্যা সমৰ্থন কৰা লোকতকৈ বেছি তথাপিও অসমৰ জনগাঠনিৰ প্ৰতি লক্ষ্য ৰাখি এইকথা কব পাৰি যে এই ফলাফলে CAB ৰ সমৰ্থক সকলক নিৰাশ নকৰে। অসমত এই সময়ত বাংলাদেশীয় মুলৰ মুছলমানৰ সংখ্যা অতি কমেও ৩০% আছে। এইসকল লোকৰ মতৰ প্ৰভাব সকলোতে পৰিব। আমাৰ অ’পিনিয়ন প’লো ইয়াৰ ব্যতিক্ৰম নহয়। স্বাভাবিকতে এই ৩০% লোকে CAB ক বিৰোধিতা কৰি ভোটদান কৰিব। ঠিক তেনেদৰে অসমত বঙালী হিন্দুৰ সংখ্যা প্ৰায় ১০% মান হ’ব। এওলোকৰ বেছিভাগে CAB ৰ সমৰ্থন কৰিব। গতিকে বাকী থকা ৬০% যাৰ ভিতৰত শৰ্মা, কলিতা, বড়ো, পেগু, ৰাভা, গগৈ ,খিলঞ্জীয়া অসমীয়া মুছলমান আদি ।   এতিয়া যদি আমি CAB ক সমৰ্থন কৰা ৪৫.২% লোকৰ পৰা বঙালী হিন্দু খিনক বাদ দিয়া হয় তেন্তে CAB সমৰ্থন কৰা লোকৰ সংখ্যা ৩৫.২% লৈ হ্ৰাস পাব। একেদৰে এই বিলখন বিৰোধ কৰা ৫৪.৮% লোকসকলৰ পৰা ৩০% বাংলাদেশী মুলৰ মুছলমানৰ ভোট বাদ দিলে , বিৰোধ কৰা লোকৰ সংখ্যা ২৪.৮%  লৈ হ্ৰাস পাব।
গতিকে বাংলাদেশী মূলৰ হিন্দু, মুছলমান দুয়োটাৰে ভোটখিনি একাষৰীয়া কৰি বাকি খিনি মানুহ যেনে অসমীয়া, জনজাতীয় আদিৰ ভোটখিনিৰ ভিতৰত CAB সমৰ্থন কৰা লোকৰ সংখ্যা ৩৫.২% আৰু বিৰোধ কৰা লোকৰ সংখ্যা ২৪.৮%।

যদিও খিলঞ্জীয়া মানুহখিনিৰ ভিতৰত CAB  সমৰ্থন কৰা লোকৰ সংখ্যা বেছি তথাপিও কিন্তু বিৰোধ কৰা ২৪.৮% লোকো কম নহয়। অসমৰ মুঠ জনসংখ্যাৰ হিচাপত চাব গ’লে প্ৰায় ৮০ লাখ মুলসুতিৰ অসমীয়াই CAB ৰ বিৰোধিতা কৰে। সেয়েহে চৰকাৰে এই বিষয়টোত অতি সংবেদন হৈ সকলোৰে লগত আলোচনা কৰি আগবাঢ়িব লাগে। আমি নিবিচাৰো অসম পুনৰ অশান্ত হৈ পৰক।সংসদত সংখ্যাৰ সংখ্যাগৰিষ্ঠতাৰ ওপৰত ভিত্তি কৰি বিধেয়ক খন পাছ কৰাতকৈ সকলোকে (সংগঠন নহয় জনতা) লগত লৈ আলোচনাৰ মাধ্যমেৰে  সমাধান হ’লে সকলোৱে চৰকাৰৰ মতৰ লগত নিজকে সংপৃক্ত কৰিব পাৰিব বুলি ভাব হয় ।

ৰাজনীতি অসমৰ যোৱা মাহৰ  অ’পিনিয়ন প’লৰ দ্বিতীয় ভাগত আমি প্ৰশ্ন কৰিছিলো যে CAB ক লৈ কৰা কোনজন নেতাৰ কথাত আপুনি পতিয়ন গৈছে? হিমন্ত বিশ্ব শৰ্মা, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য নে অখিল গগৈ? ফলাফল জনাৰ বাবে www.rajnitiaxom.com ত লগ ইন কৰক।