LUTYENS’ গুৱাহাটী উত্তৰ পুৱৰ অশান্তিৰ মুল আচামী 

1972

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


৯ ফেব্ৰুৱাৰী ২০১৯ , দিল্লী । ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ‘ আৰ্থ ফেচটিভেল ‘ ত অৰ্ণৱ গোস্বামীয়ে দেশৰ বিকাশ , সাংবাদিকতা আৰু নতুন প্ৰজন্মৰ নতুন চিন্তাৰ বিষয়ে উদাত্ত ভাষণ দিছিল ।  তেওঁ ভাষণত কৈছিল যে সাংবাদিকতাত সফল হৈও তেওঁ কিয় বিৰক্ত হৈছিল । ‘ লুটিএনচ দিল্লী ‘ ( LUTYENS’ Delhi) ৰ কৰ্মকাণ্ড দেখি তেওঁ নিৰাশ হৈছিল আৰু দিল্লী চহৰ ত্যাগ কৰি মুম্বাইত তেওঁ নতুনকৈ নতুন চেনেল ‘ ৰিপাব্লিক ‘ আৰম্ভ কৰিছিল ।
কি এই লুটিএনচ দিল্লী ? দিল্লীৰ ৰাজ দৰবাৰত সৰ্বশক্তিশালী প্ৰভাব থকা এটা বৌদ্ধিক গোট । ৰাজনৈতিক দৰবাৰত ইয়াৰ লগত জড়িত ব্যক্তিৰ অসীম প্ৰভাৱ । স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ বৌদ্ধিক জগতখনত বাঁওপন্থী  চিন্তাধাৰাৰ ( সুবিধা পন্থী !) বুলি দাবী কৰা  কিছু ব্যক্তি আৰু অনুষ্ঠানক  পৰিকল্পিত ভাবে ৰাষ্ট্ৰৰ লগত জড়িত একাংশ শক্তিয়ে  সহায় কৰি আহিছে ।  এই গোটে স্বাধীন ভাৰতৰ উদ্দেশ্যটোক পিঠি দি নিজৰ উদ্দেশ্য সফল কৰিবলৈ উঠি পৰি লাগে । ২০১৪ চনৰ আগলৈ এই বিশেষ মানুহখিনিৰ প্ৰভাব দেশৰ ৰাজনীতি , অৰ্থনীতিত পৰিছিল  । আনকি বাজপায়ীৰ দিনটো এই গোটৰ প্ৰভাব আছিল । প্ৰধান মন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰীৰ বিদেশ ভ্ৰমণত প্ৰতিবাৰেই এই গোটৰ পৰা অতি কমেও ২০ জন ব্যক্তিয়ে মন্ত্ৰীক সংগ দিছিল । ঠিক বলিউদৰ পেজ থ্ৰী পাৰ্টীৰ দৰে এওঁলোকৰ লাইফষ্টাইল । কিন্তু নৰেন্দ্ৰ মোদী অহাৰ লগে লগে এটা ৰাতিত সকলো  উলট পালট হৈ গ’ল । এইখিনি সাংবাদিক , বুদ্ধিজীবীৰ আমোদ – প্ৰমোদ , ক্ষমতা শেষ হৈ গ’ল । লগে লগে আৰম্ভ হৈ গ’ল মোদীক লৈ অস্পৃশ্যতাৰ কুটিল খেল । মোডীৰ আমোলত  পেজ থ্ৰী পাৰ্টীত থাকি নিজকে বাওঁপন্থী চিন্তাধাৰাৰ বুলি দাবী কৰা এই গোটৰ মানুহখিনিৰ  প্ৰভাব দিল্লীৰ মচনদত  নোহোৱা হ’ল । নিজকে বাওঁ পন্থী আদৰ্শৰ বুলি দাবী কৰিলেও এইসকল ব্যক্তিয়ে কংগ্ৰেছৰ বহু নেতাৰ অনুগ্ৰহত প্লেইনত ভ্ৰমণ কৰে লাক্সাৰী ক্লাচত , সেই কাৰণেই বাওঁপন্থী আদৰ্শৰ বুলি কোৱাটো মস্কিল ।  মুঠৰ ওপৰত প্ৰতিশোধৰ জুইত  Lutyens intellectuals বুলি খ্যাত গোটটোৱে মোডীৰ বিৰুদ্ধে অহৰহ যুদ্ধ চলাই আহিছে বৌদ্ধিক সন্ত্ৰাসেৰে ।
২০১৯ , ১ জানুৱাৰী এ এন আই  (ANI) ক দিয়া ইন্টাৰভিউত তেওঁ স্পষ্ট ভাবে কৈছে , ” মোৰ কামৰ বিচাৰ দেশৰ জনতাই কৰিব । মই সমাজৰ আভিজাত্য শ্ৰেণীৰ মানুহ নহয় , যাক লৈ মই গৌৰৱ কৰো  ।  লুটিএনচ খিনিক মই সংগ দিব নোৱাৰিলো বা মই তেওঁলোকৰ সংগী হ’ব নোৱাৰিলো , কাৰণ মোৰ পটভুমিৰ পাৰ্থক্য আছে । মোৰ কাৰণে দেশৰ জনতা সৰ্বে সৰ্বা ।  “
He said: “I leave it to people to decide whether satisfied or not with my work. I belong to non-elite sections of society and I am proud of that. I have not won over the Lutyens’ sections. And I do not even want to be a part of this section because my background is different. For me, everything is about the people of India.”
ঠিক একেই কথা অসমৰ একাংশ  সাংবাদিক, বুদ্ধিজীৱী, শিক্ষাবীদ আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য ৷ অসমতো বহুতে দাবী কৰে  যে  এটা সময়ত ৰাস্তাৰ ঠিকাৰ পৰা  পৰা এ পি এচ চিৰ দৰে চাকৰিলৈকে অসমৰ সাংবাদিক, বুদ্ধিজীৱী,  ছাত্ৰ সংগঠনৰ নেতাৰ  নিজা নিজা কোটা  আছিল  ৷ যিটো কথা প্ৰমাণিত হ’ল ৰাকেশ পাল বাহিনীৰ জেল গমণত । লুটিএনচ গুৱাহাটীৰ কোনো বাদ পৰা নাই । যদিও দুৰ্নীতিৰ শিপাডাল এবাৰতে উঘালি পেলোৱা অসম্ভৱ, তথাপি   চৰকাৰৰ তৰফৰ পৰা দুৰ্নীতিৰ ক্ষেত্ৰখনত নাকী লগোৱাৰ ব্যৱস্থা কৰা হ’ল । ১০০ জনৰ ওপৰৰ চৰকাৰী বিষয়াক জেলৰ ভিতৰলৈ পঠোৱা হ’ল দুৰ্নীতিৰ অভিযোগত  ৷ এপিএছ চিত মন্ত্ৰীৰ পুতেক , সাংবাদিক , বিল্ডাৰ্চৰ বোৱাৰী সকলো একেলগে জেলত সোমাল ।  স্বাধীনতাৰ পাছত অসমতেই নহয় সমগ্ৰ ভাৰততেই হয়তো এনেকুৱা বিৰল ঘটনা ঘটা নাছিল ৷ আমাৰ চিনাকী  কেইজনমান সাংবাদিকৰ লগত কেইমাহ মান আগত  কথা পাতিছিলো,   চৰকাৰ খনৰ বিষয়ে । সাংবাদিক দাদা জনে ক’লে , ” এই চৰকাৰ খনে কাম কৰি আছে , কাম নকৰা বুলি নকওঁ । কিন্তু আজিৰ মন্ত্ৰী বিধায়ক খিনিয়ে কাৰ্চি নেজানে । আগৰ চৰকাৰৰ দিনত নেতাসকলে পূজা , বিহু , নতুন বছৰ , ইফটাৰ আদিত আমাক মনত কৰি কৰি গিফ্ট দিছিল । উৰুকাৰ দিনা মাছ পৰ্য্যন্ত দিছিল । এতিয়া সকলো শুণ্য । আগতে প্ৰেছ মিট কিছুমানত টাইটানৰ ঘড়ী পৰ্য্যন্ত পাইছিলো । “
টাইটানৰ ঘড়ীৰ ঠাইত কাগজ – কলমে স্থান ল’লে আৰু আৰম্ভ হ’ল গৃহযুদ্ধ  । তিলকে তাল কৰি প্ৰচাৰ কৰা হ’ল । অৰ্নব গোস্বামীয়ে যিদৰে লুটিএনচ দিল্লীৰ কথা কৈছে , একেদৰে আজিৰ সময়ত চৰ্চালৈ আহিছে লুটিএনচ গুৱাহাটী বৌদ্ধিক গোট । এটা সময় আছিল গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত মুৰ্গীৰ চুপ শুহি মন্ত্ৰীৰ লগত  পাহাৰৰ মানুহৰ আচঁনিৰ বিষয়ে আলোচনা  , নিজৰ বিদেশী মূলৰ বোৱাৰীৰ লগত বিদেশত চেলফী উঠি গাওঁৰ ল’ৰাক জংঘলত যাবলৈ অনুপ্ৰাণিত কৰা ,  বছৰত দুখন কিতাপ নিজৰ নামত  প্ৰকাশ কৰি মন্ত্ৰীৰ দ্বাৰা উন্মোচন  আৰু দুখন কিতাপ মন্ত্ৰীৰ নামত লিখি মন্ত্ৰীক সাহিত্যিক বনোৱা , গুৱাহাটীত অনুষ্ঠিত  ইনটাৰনেচনেল ক্ৰিকেট খেল চাবলৈ  ভিআইপি আসন দখল কৰা  , শচীনৰ লগত ফটো উঠা  ।  আকবৰ অবিহনে জানো বিৰবল সম্ভৱ আছিল নে তানসেন ?  সেই কাৰণে লুটিএনচ্ গুৱাহাটীয়েওএতিয়া সুবিধা নাপায় সুৰ বিলাক বেসুৰা কৰিছে আৰু তাল বিলাক বেতাল কৰিছে । কিন্তু আজিৰ অসম বা ভাৰত সলনি হৈছে । যোৱা দহ বছৰত বহুত সলনি হ’ল ।  জে এন এউ ৰ টুকৰে টুকৰে গোটক মুকলিকৈ দেশদ্ৰোহী বুলি ক’বলৈ আজিৰ প্ৰজন্মই কুন্ঠাবোধ নকৰে ,  পুলৱামাৰ ঘটনাৰ কাৰণে স্পষ্ট ভাবে পাকিস্তানক দোষা ৰোপ কৰিব পৰা হ’ল ,  প্ৰধান মন্ত্ৰীৰ পৰা আৰম্ভ কৰি ফুট পাথৰ দোকানী জনলৈ সকলোৱে একমুখে পাকিস্তান হুছিয়াৰ  দিব পৰা হ’ল  , আৰৱান নক্সাল বৌদ্ধিক সমাজক আজিৰ ছাত্ৰই মুকুলি মনে প্ৰশ্ন কৰিব পৰা হ’ল ।
লুটিএনচ গুৱাহাটীৰ ফ্ৰেমটো  আজিৰ নতুন প্ৰজন্মই সলনি কৰিব । কাৰণ গুৱাহাটী মানেই অসম নহয় আৰু অসম মানেই গুৱাহাটী  নহয় । গুৱাহাটীৰ লগত শত্ৰুতা নাই  । কিন্তু গুৱাহাটীক ভিত্তি কৰি যদি মেঘালয় , মিজোৰাম ওলাই গৈছিল সেই লুটিএনচ গুৱাহাটীৰ মানসিকতা সলনি হ’ব লাগিব ; পুনৰ এজন উপেন ব্ৰহ্মৰ জন্ম হ’ব নেলাগিব এই গুৱাহাটীত  ! কাৰ্বি পাহাৰ মানুহৰ মন বুজিবলৈ চেষ্টা নকৰা  , কিন্তু কাৰ্বি পাহাৰৰ টকা পইচা নিয়ন্ত্ৰণ কৰি মধ্যভোগী হোৱা লুটিএনচ গুৱাহাটী সলনি হ’ব লাগিব । জানিব লাগিব কোকৰাঝাৰৰ মানুহৰ মনৰ বেদনা , জনজাতি – অজনজাতিৰ মনান্তৰ ,   কলগছীয়াৰ  বিধায়কৰ লগত ইফতাৰ কৰিব পাৰে লুটিএনচ  বৌদ্ধিক সমাজে , কিন্তু কলগছীয়াৰ পৰা অহা মিস্ত্ৰীজনক বাংলাদেশী বুলি তাচ্ছিল্য কৰিলে জানো নতুন প্ৰজন্মই ক্ষমা কৰিব ? চৰকাৰ আহিব আৰু চৰকাৰ যাব , কিন্তু লুটিএনচ গুৱাহাটীৰ চৰিত্ৰ সলনিৰ দায়িত্ব ল’ব নতুন প্ৰজন্মই । কাৰণ উত্তৰ পুবৰ সকলো সমস্যাৰ  মুল আচামী  এই লুটিএনচ গুৱাহাটী ….