বেক ফুটত হিমন্ত বিশ্ব শৰ্মা..

2756

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


নাগৰিকত্ব বিধেয়ক খনৰ  সমৰ্থনত ঢৌ সৃষ্টি কৰিবলৈ গৈ ৰাজ্যৰ তথা উত্তৰপুবৰ আটাইতকৈ জনপ্ৰিয় নেতা জন সামগ্ৰিক ভাবে বিফল হ’ল । ৰাজ্য চৰকাৰৰ মন্ত্ৰী সকলৰ ভিতৰত একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই বিধেয়ক খনৰ সপক্ষে মুকলি ভাবে ওলাই আহিছিল । বাকী মন্ত্ৰী বিধায়ক সকলৰ অধিকাংশৰ মন্তব্য বিলাক আছিল অস্পষ্ট ‘ অশ্বত্থামা হত কিন্তু এটি গজ ‘ সদৃশ । প্ৰাক্তণ ছাত্ৰ নেতা আৰু বৰ্তমানৰ মন্ত্ৰী – বিধায়ক সকলেও নিজে মৌণ থাকি নিৰাপদ দুৰত্বৰ পৰা হিমন্ত বিশ্বক চাই থাকিল । শেষত যেনিবা অন্য উপায় নেদেখি মুখ্যমন্ত্ৰীয়েও বিধেয়কৰ সমৰ্থনত উদাত্ত ভাষণ দিলে । হয়তো তেতিয়ালৈ পানী মুৰৰ ওপৰ পাইছিল ।   জেপিচি অহাৰ পৰা আৰম্ভ কৰি ৰাজ্যসভাৰ শেষ দিনটোলৈ বিধেয়কৰ বিৰুদ্ধে যিবিলাক দল -সংগঠন আৰু ব্যক্তিয়ে প্ৰতিবাদ কৰি গৈছিল সেইসকল অবশেষত সফল হ’ল । তেন্তে বিফলতা কোনে পালে __ বিজেপিয়ে নে হিমন্ত বিশ্ব শৰ্মাই ? বিজেপিৰ সফলতাত যদি হিমন্ত বিশ্ব শৰ্মাৰ হাত থাকে তেন্তে বিফলতাটো তেওঁ দায়িত্ব ল’ব লাগিব । বিজেপিয়ে  দাবী কৰিছিল   বিধেয়কৰ বিৰুদ্ধে একাংশ দলৰ প্ৰতিবাদ হৈ থকা স্বত্তেও  কাৰ্বি আংলং , ডিমা হাচাওত ৰাইজে বিজেপিক আকোঁৱালি লৈছে । যাৰ দ্বাৰা বুজাব বিচাৰিছিল ‘ সাধাৰণ ৰাইজ বিজেপিৰ লগত আছে , মাত্ৰ সংগঠন কিছুমানহে নাই । কিন্তু বাস্তৱ ক্ষেত্ৰত অসমৰ প্ৰতিটো অঞ্চলত সমস্যা আৰু ইচ্ছ্যু সম্পুৰ্ণ ভিন্ন । আজিৰ  বিধেয়ক বা আগৰ অসম আন্দোলনৰ প্ৰভাব অসমৰ ৫০ % অঞ্চলতেই সীমিত আছিল । সেইমৰ্মে ডিমা হাচাও নিৰ্বাচনৰ ফলাফলক বিধেয়কৰ লগত মিলাই কৰা বক্তব্যৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় । বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে পঞ্চায়ত নিৰ্বাচন আছিল বিধেয়ক খনৰ কাৰণে চিন্তাৰ বিষয় আৰু সেইবাবেই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰতিনিধিয়ে বিধেয়কৰ বিষয়টো কৌশলগত ভাবে এৰাই চলাব লগা হ’ল । সেইমৰ্মে অতি কম সময়ৰ ভিতৰত বিধেয়কৰ সপক্ষে জনমত সৃষ্টি কৰাৰ দায়িত্ব লৈ সফল হব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই । যদিও বিলখনৰ বিপক্ষে প্ৰতিবাদ তীব্ৰ হৈছিল , তথাপি হিমন্ত বিশ্ব শৰ্মাই একক ভাবে বিধেয়কৰ সপক্ষে এটা বতাহ সৃষ্টিৰ আৰম্ভনি কৰিবলৈ সক্ষম হ’ল । কিন্তু সময় হাতত কম থকা আৰু কিছু বুদ্ধিজীৱীৰ বিশ্বাসঘাটক চৰিত্ৰৰ ফলত হিমন্ত বিশ্ব শৰ্মা বেকফুটত আহিবলৈ বাধ্য হ’ল । তথাপি তেখেতে এটা ডাঙৰ সফলতা পালে ,  ___’ বাঘে ছাগে একেলগে এটা পাৰত পানী খোৱা লাইভ ফুটেজ বুৰঞ্জীত লিপিবদ্ধ হৈ ৰ’ল । ‘