এখেত সকলৰ ৰাজনৈতিক ভবিষ্যত

2128

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০১৯ লোকসভা নিৰ্বাচনে বহু নেতাৰ ভাগ্য মুকলি কৰিব। প্ৰথমবাৰৰ বাবে ভাৰতীয় গণতন্ত্ৰৰ মন্দিৰ স্বৰুপ সংসদত বহিবৰ সুযোগ পালে তৃণমুলৰ পৰা আহি নেতা হোৱা দিলীপ শইকীয়া বা আব্দুল খালেকৰ দৰে ব্যক্তি। আনফালে বহু কেইজন হাই প্ৰফাইল নেতাই দেখিলে পৰাজয়ৰ মুখ। এই বিষয়ে আমাৰ এক প্ৰতিবেদনঃ
 কি হ’ব তেওঁলোকৰ ৰাজনৈতিক ভবিষ্যত?
 ১) পৱন সিং ঘাটোৱাৰঃ একেৰাহে তৃতীয়বাৰৰ বাবে ঘাটোৱাৰ নিৰ্বাচনত পৰাজিত হ’ল। এসময়ত অসমৰ মুখ্যমন্ত্রী পদৰ বাবে বিবেচিত হোৱা ঘাটোৱাৰ আজি অকলশৰীয়া। ২০১৪ ত পৰাজয় , ২০১৬ ত বিধানসভাৰ পৰা পুনৰ পৰাজয়, ২০১৯তো পৰাজয় । ২০১৯ লোকসভাত পৰাজয়ৰ পিছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রীজনে ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ বাহিৰে অন্য উপায় নাথাকিব। বহুত সুযোগ পোৱাৰ পিছতো নিজৰ জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে বিশেষ একো কৰিব নোৱাৰিলে তেখেতে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে বিজেপিয়ে। চাহ জনগোষ্ঠীৰ একচেটিয়া সমৰ্থনৰ ফলত কংগ্ৰেছৰ আজি বাগানত ভেটি খহি গৈছে।
ববিতা শৰ্মাঃ কংগ্ৰেছৰ ভাল দিনত টিকট বিচাৰি হাবাথুৰি খোৱা ববিতা শৰ্মাই কংগ্ৰেছৰ বেয়া দিনত দুবাৰ টিকট পালে। যোগ্যতাৰ মাপকাঠীৰে নিজৰ প্ৰতিদ্বন্দ্বীতকৈ কোনো গুনে কম নাছিল তেখেত। তথাপিও ২০১৬ চনত গোটেই অসমৰ ভিতৰত সকলোতকৈ বেছি ভোটত পৰাজিত হোৱা প্ৰাৰ্থীৰ ভিতৰত তেখেতৰ স্হান আছিল দুই নম্বৰত। ২০১৯ত পৰাজয়ৰ ভোটৰ মাৰ্জিনৰ ক্ষেত্রত থাকে তিনি নম্বৰত। দুবাৰ পৰাজয় বৰণ কৰিলে তেখেতৰ পক্ষে তৃতীয় বাৰৰ বাবে টিকট পোৱা পুনৰ সম্ভব নহ’ব পাৰে। ইয়াতে অন্ত পৰিব নেকি ববিতা শৰ্মাৰ নিৰ্বাচনী ৰাজনীতি। এয়া সময়ে ক’ব।
এম.জি.ভি.কে ভানুঃ অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ ভিতৰত সকলোতকৈ যোগ্য আছিল অন্দ্ৰপ্ৰদেশত জন্মগ্ৰহণ কৰা ভানু। আই.এ.এছৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হোৱা ভানুৰ অসমত হোৱা বহু উন্নয়নমূলক কামত অৰিহনা আছে। ৰাজনীতিৰ পথাৰখনত ভৰি দিয়েই তেজপুৰৰ দৰে সন্মানীয় সমষ্টিৰ পৰা টিকট পাবলৈ সক্ষম হৈছিল তেওঁ। অবশেষত ভানুৰ বিজয়ত প্ৰধান হেঙাৰ হৈ দেখা দিলে তেওঁৰ একালৰ আপোন মানুহ হিমন্ত বিশ্ব শৰ্মা। নিজৰ বিশ্বাসভাজন অনুগামী পল্লৱলোচনক জিকাবলৈ পোন প্ৰথমবাৰৰ বাবে তেজপুৰতে নৃত্য আৰম্ভ কৰিছিল শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই নিজৰ উদ্দেশ্যত সফল হ’ল । এতিয়া লক্ষণীয় হ’ব পৰাজিত হ’লে ভানুৱে কি পদক্ষেপ লয়। অসমতে থাকিব নে অন্দ্ৰলৈ ঘূৰি যাব? ৰাজনীতি কৰিব নে নকৰে এইবিলাক প্ৰশ্নৰ উত্তৰ অনাগত দিনতহে পাম।
বীৰেন সিং ইংতিঃ ৭৪ বছৰীয়া বীৰেন সিং ইংতিয়ে এইবাৰ লোকসভাৰ টিকট নাপাব বুলি বহুতে অনুমান কৰিছিল। কিন্তু আন কোনো যোগ্য নেতাৰ অভাবত তেওঁকে পুনৰ টিকট দিয়া হ’ল। কাৰ্বি পাহাৰত ক্ৰমাত শক্তিশালী হোৱা বিজেপিৰ প্ৰাৰ্থী হৰেন সিংৰ হাতত শোচনীয় পৰাজয় হ’ল এই বৰ্ষীয়ান নেতাজনৰ। অহা লোকসভা নিৰ্বাচনৰ সময়ত তেওঁৰ বয়স হ’ব ৭৯ বছৰ। সেয়েহে কব পাৰি যে ২০১৯ আছিল বীৰেন সিং ইংতিৰ শেষ নিৰ্বাচন।
বাকী পৰাজিত হোৱা প্ৰাৰ্থীৰ ভিতৰত  ৰুপক শৰ্মা, সুশান্ত বুঢ়াগোহাঁই, সুস্মিতা দেৱ, ৰাধেশ্যাম বিশ্বাস আৰু ভুৱনেশ্বৰ কলিতাই আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাবনা আছে। সেই নিৰ্বাচনৰ ফলাফলে নিৰ্ণয় কৰিব এইকেইজন ৰাজনেতাৰ ভবিষ্যত।