অকলশৰীয়া হিৰেণ গোহাঁই

2129
  • নৰেন বৰ্মন

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ড° হিৰেণ গোহাঁইয়ে  CAB (Citizenship Amendment Bill ) বিৰোধী একাংশ জাতীয় সংগঠনৰ ভুমিকাত অসন্তুষ্টি প্রকাশ কৰিছে । কেবৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰা সংগঠনে নির্বাচনৰ সময়ত কিয় মৌনতা অৱলম্বন কৰিলে বুলি তেওঁ প্রশ্ন কৰে । হীৰেন গোহাঁইৰ মতে কেবক মুকলিকৈ সমর্থন কৰা দলৰ বিৰুদ্ধে লোকসভাৰ নিৰ্বাচনত জাতীয় সংগঠন সমূহে অৱস্থান গ্রহণ কৰিব লাগিছিল। কেইটামান সংগঠনৰ বাহিৰে অধিকাংশ সংগঠন মৌণ হৈ থাকিল। তেওঁৰ মতে কেব সমর্থন কৰা দলক ভোট নিদিবলৈ জাতীয় দল-সংগঠন সমূহে আহ্বান জনোৱা উচিত আছিল । জাতীয়তাবাদী নেতাৰ প্রতি সন্দেহৰ আঙুলি টোৱাই বুদ্ধিজীৱী গৰাকীয়ে কয় যে বহুতৰ বিৰুদ্ধে ধনৰ লেনদেন কৰাৰ অভিযোগ উঠেছে। কোটি টকাত জাতীয় সংগঠন মেনেজ হােৱা বুলিও গোহাঁইয়ে সন্দেহ প্রকাশ কৰে। এনেবোৰ সংগঠনক ৰাইজে চিনি থােৱা উচিত বুলি মন্তব্য কৰে। বিজেপিৰ নাম নল’লেও কেব সমর্থক ৰাজনৈতিক দল বিজেপিৰ বিৰুদ্ধে কেব বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া ৰাজ্যৰ প্রতিটো সংগঠন একত্ৰিত হৈ নির্বাচনত ৰাজনৈতিক দৃষ্টিভংগী প্রকাশ কৰাটো উচিত আছিল বুলি ড° গোহাঁইয়ে কৰা মন্তব্য কৰে ।

কিন্তু এইধৰণৰ মন্তব্যক গুৰুত্ব সহকাৰে ল’ব নে সাধাৰণ ৰাইজে ? যোৱা পঞ্চায়ত বা লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰা  ৰাইজে গুৰুত্ব দিয়া বুলি ক’ব নোৱাৰি । এইখিনিতে উল্লেখযোগ্য কথা এটা হ’ল যে বিজেপিৰ CAB ৰ বিৰুদ্ধে গৈ কংগ্ৰেছৰ শৰণাৰ্থী আইন(LOA) খনক জানো সমৰ্থন কৰিব জাতীয় সংগঠনবোৰে ? কেব বিৰোধী অসংখ্য নামী আৰু দামী নেতাই নিৰ্বাচনৰ আগমূহুৰ্তত বিজেপিত যোগ দিলে । বিজেপিত যোগ দিয়া নিদিয়া বিশেষ ডাঙৰ কথা নহয় ৰাইজৰ কাৰণে , যিহেতু অধিকাংশ ৰাইজে এইধৰণৰ নেতাক এনেও বিশ্বাসত নলয় । এসময়ত তেওঁৰ লগত দিল্লীলৈ যোৱা একাংশ নেতা , সাহিত্যিক , বুদ্ধিজীবীয়ে সুবিধাজনক স্থিতি ল’লে । কেন্দ্ৰত মোদী চৰকাৰ পুনৰ আহিল আৰু ২০২১ৰ পিছতো যে অসমত পৰিবৰ্তন নহয় সেয়া তেওঁলোকে বুজি পাইছে । নিজৰ পুত্ৰ , পত্নীৰ চাকৰি , ঠিকাঠুকুলিত মন্ত্ৰীৰ আশীষ ধন্য হোৱাৰ বাবে তেওঁলোকে মৌণতা অৱলম্বন কৰিছে ।  প্ৰতি দহ মাইলত গোষ্ঠীগত তাৰতম্যৰ ফলত কোনো এটা ছাত্ৰ সংগঠনেই অসমৰ সমুহ ৰাইজৰ সমৰ্থন পাই থকা বুলি দাবী কৰিব নোৱাৰে ।  একাংশ নিউজ চেনেলেও ৰাইজৰ আবেগ দেখি বিজেপি বিৰোধী স্থিতি লাহে লাহে ত্যাগ কৰিছে । গোটেই ঘটনাৰাজী লক্ষ্য কৰিলে এটা ক’ব পাৰি __ হিৰেণ গোহাঁই এতিয়া অকলশৰীয়া ।