‘কা’__ অসমে নেতৃত্ব দিলে ভাৰতক

5563

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


এইসময়ত ভাৰতৰ আটাইতকৈ প্ৰভাবশালী অৰাজনৈতিক  ব্যক্তি হিচাপে যদি নাম ল’ব লগা হয় তেন্তে ল’ব লাগিব সমুজ্জ্বল ভট্টাচাৰ্য্যৰ নাম । বিজেপি  বিৰোধী  ৰাজনৈতিক দল , অৰাজনৈতিক দল বা সন্ত্ৰাসবাদী সংগঠনবোৰে ধাৰা ৩৭০ খণ্ডন আৰু তিনি তালাক বিলোপকৰণক সমৰ্থন জনোৱা নাছিল । তথাপি মুকলি বিদ্ৰোহ কৰি ৰাজপথলৈ ওলায় অহা নাছিল । কাৰণ বিষয়বিলাক দেশৰ স্বাৰ্থৰ লগত জড়িত আছিল । ইয়াৰ সমান্তৰাল ভাবে উচ্চতম ন্যায়ালয়ত ৰাম মন্দিৰৰ সপক্ষে ৰায় অহা ঘটনাটো একাংশই সহজ ভাবে ল’ব পৰা নাছিল । তথাপি উচ্চতম ন্যায়ালয়ৰ ৰায়ক অমান্য কৰিবলৈ সাহস নাছিল । ইয়াৰ পিছতেই সংসদত পাছ হ’ল নাগৰিকত্ব সংশোধনী বিধেয়কখন । তুলনামুলক ভাবে ধাৰা ৩৭০ , তিনি তালাক , ৰাম মন্দিৰ বিষয় তিনিটাতকৈ এই সংশোধনী আইন সামান্যতম স্পৰ্শকাতৰ নাছিল । কিন্তু  উমি উমি জ্বলি থকা  জুইকুৰাক বতাহ দিয়া হ’ল  অসমৰ পৰা । কেব খনৰ বিৰোধ অসম আৰু উত্তৰ পূবৰ আন ৰাজ্যত একাংশ সংগঠনে বহু মাহৰ পৰা  কৰি আহিছিল , কিন্তু সেই সময়ত আন ৰাজ্যত এই বিষয়টোতে প্ৰাধান্য পোৱা নাছিল । বিল খন সংসদত পাছ হোৱাৰ সময়তো  ভাৰতৰ আন আন ৰাজ্য শান্ত আছিল । কিন্তু গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত কেব বিৰোধী আন্দোলনে যেতিয়া জংগী ৰূপ ধাৰণ কৰিলে লগে লগে এই কেব বিৰোধী আন্দোলনক অনুসৰণ কৰিলে দিল্লী, হায়দৰাবাদ , পশ্চিম বংগ  , কেৰেলা , ভুপালৰ এক বৃহৎ সংখ্যক দুষ্কৃতিকাৰীয়ে । কংগ্ৰেছ সভানেত্ৰীয়ে  কেব বিৰোধী স্থিতিৰ বিষয়ে অৱগত কৰাৰ বাবে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে ডিচেম্বৰৰ ১৭ তাৰিখে । সাক্ষাৎৰ প্ৰাকমূহুৰ্তত ছোনীয়া গান্ধীয়ে সংবাদ মাধ্যমক স্পষ্ট ভাবে জনালে যে অসমৰ পৰাই গোটেই আন্দোলনটো বিয়পি পৰিল । ইয়াৰ অৰ্থ এইটো যে মধ্য অসমত আন্দোলন নোহোৱাহেঁতেন গোটেই ভাৰতত কেব বিৰোধী আন্দোলন নহ’লহেঁতেন । অৰ্থাৎ সমুজ্জ্বল ভট্টাচাৰ্য্যৰ নেতৃত্বত চলা আন্দোলনেই গোটেই ভাৰতক জাগ্ৰত কৰিলে । অসমত হোৱা আন্দোলনৰ বাতৰি বিয়পি পৰিল মিডিয়াৰ দ্বাৰা ।  এম্বুলেঞ্চ , অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ভাঙি দিয়া হ’ল ।  ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰিলে আৰু শান্ত হৈ থকা ভাৰতৰ আন ৰাজ্য সমুহো জ্বলিবলৈ আৰম্ভ কৰিলে । দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ব বিদ্যালয়ৰ ছাত্ৰই দিল্লীত সন্ত্ৰাস চলালে । হায়দৰাবাদৰ মুছলমান সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত কলেজৰ ছাত্ৰ ছাত্ৰীয়ে বিৰোধ কৰিলে । ইয়াৰ সমান্তৰালকৈ আৰম্ভ হ’ল পশ্চিম বংগত কেব বিৰোধী আন্দোলন । মুছলমান অধ্যুসিত অঞ্চল মুৰ্চিদাবাদ , নদিয়া আদিত আন্দোলনে হিংসাত্মক ৰূপ লয় । ট্ৰেইন পৰ্যন্ত জ্বলায় দিয়া হ’ল ।  নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে জাগৰণ আৰম্ভ কৰিলে আৰু বহু ক্ষেত্ৰত সফলো হ’ল । চৰকাৰ বিৰোধী এই পৰিবেশৰ সূচনা কৰিলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য ভাগে । এই জাগৰণৰ মুল মানুহজন কিন্তু সমুজ্জ্বল ভট্টাচাৰ্য্য । হয়টো ৰাষ্ট্ৰীয় মিডিয়াত এইজন ছাত্ৰ নেতাৰ নাম অধিক চৰ্চিত  নহ’ব ;  কিন্তু  গুজৰাট , কলিকতা , মহাৰাষ্ট্ৰ আদি ঠাইৰ নেতা হোৱা হেঁতেন এইসময়ৰ ভাৰতত আটাইতকৈ চৰ্চিত নাম হ’লহেঁতেন সমুজ্জ্বল ভট্টাচাৰ্য্য ।