বানপানী __ সমস্যা আৰু সহবাস

2080

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ বানপানী ৰোধক কামবোৰ কিয় বাৰিষাৰ প্ৰাকক্ষণত আৰম্ভ হয়? আনহাতে নিবিদা দিয়া কামো আৰম্ভ হয় ফেব্ৰুৱাৰী মাহৰ মাজ ভাগৰ পৰা।ইফালে ভগ্ন মথাউৰি  নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আগতেই বৰষুণ আৰম্ভ হয় আৰু নদী সমূহৰ পানী বাঢ়িবলৈ আৰম্ভ কৰে।ফলত ভগ্ন মথাউৰি ভাঙি পানী সোমাই বহু অঞ্চল বানপানীৰ কবলত পৰে । আহিন মাহৰ শেষ ভাগৰ পৰা যদি জলসম্পদ বিভাগে উন্নত প্ৰযুক্তিৰে  মথাউৰি পুনঃ নিৰ্মানৰ কামত গুৰুত্ব দিয়ে অসম বহু পৰিমানে বানপানীৰ কবলৰ পৰা ৰক্ষা পৰিব।যদি মথাউৰি মেৰামতি কৰিবলৈ বাৰিষালৈ অপেক্ষা কৰি থাকে, বাৰিষাৰ বৰষুণে কেতিয়াও মথাউৰি মেৰামতি সম্পূৰ্ণ কৰিবলৈ কেতিয়াও নিদিব।

  বানপানী আহে আৰু যায়। চহৰীয়া মানুহৰ বানাক্ৰান্তলৈ মনত পৰে। বানপানীৰ দুখ আৰু কষ্ট কেৱল বুজি পায় বানাক্ৰান্তই। বানপানীৰ মাজত চহৰীয়াই ফটো উঠে , মন্ত্ৰীয়ে ৰিলিফ বিলায় ।  বানপানীয়ে মন্ত্ৰীক হেলিকপ্টাৰ ভ্ৰমণৰ সুবিধা দিয়ে । বানপানী কাক কয়,অসমৰ জনগণক ক’বলগা একো নাই। এটা প্ৰজন্মৰ পিছত এটা প্ৰজন্ম গৈছে, কিন্তু অসমৰ বানপানী সলনি হোৱা নাই। অসমৰ বানপানীৰ সৈতে এটা বহুদিনীয়া দাবী সংযুক্ত হৈ আহিছে, সেইয়া হৈছে ভাৰত ৰাষ্ট্ৰই অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে।যদি অসমৰ খাৰুৱা তেল, চাহ, কয়লা আদি আপুৰুগীয়া সম্পদসমূহ ৰাষ্ট্ৰৰ সম্পদ তেন্তে অসমৰ বানপানী ৰাষ্ট্ৰৰ সমস্যা কিয় নহয়? এই প্ৰশ্নটোত দুৰ্ভোগ ভুগি অহা জনগণৰ যাতনা-কষ্ট-আৱেগ প্ৰতিফলিত হয়। আৰু সেইয়া হোৱাৰে কথা কিয়নো স্বাধীনতাৰ পিছতো কোনো এখন কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী নিয়ন্ত্ৰণৰ সুদূৰপ্ৰসাৰী প্ৰচেষ্টা হাতত নললে। অসমৰ ৰাজ্য চৰকাৰ সমূহে সাহসেৰে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাবলৈ সক্ষম নহ’ল। গতিকে অসমীয়াৰ মনত ক্ষোভ নাথাকি, কি থাকিব?
  সদায় ৰাজনৈতিক দলবোৰে অসমৰ মানুহৰ আৱেগক লৈ হেতালি খেলিছে, শাসনত থাকি একো নকৰাবোৰে বিৰোধীত থাকোঁতে মিছা গগন ফালে। এইবোৰ কাৰণত অসমৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী আৰু গৰাখহনীয়াৰ সমাধানৰ কোনো ৰাস্তাই দেখা নাপালে।  অসমৰ বানপানীক ভাৰত ৰাষ্ট্ৰই কিয় ৰাষ্ট্ৰীয় সমস্যা/ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা নকৰে? গুৰুত্বপূৰ্ণ কথাটো হৈছে ভাৰতৰ কোনো সমস্যাই ৰাষ্ট্ৰীয় সমস্যা ৰূপে তালিকাভুক্ত নহয়। সঁচা কথাটো হৈছে ৰাষ্ট্ৰীয় সমস্যা বুলি কোনো বস্তু কোনো আইন অথবা সংবিধানত উল্লেখ নাই। তেন্তে আমাৰ বহুদিনীয়া দাবীটো অমূলক নেকি? সংসদতো কোনো কোনো সাংসদে ৰাষ্ট্ৰীয় সমস্যা ৰূপে শ্ৰেণীবদ্ধ কৰিবলৈ দাবী উঠাই দেখোন! আচল কথাটো হৈছে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থতহে এইধৰণৰ দাবীক ৰাজনৈতিক দল কিছুমানে অতদিনে ব্যৱহাৰ কৰি আহিছে। প্ৰথম কথাটো হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ(National Calamity) মানে কেইবাখনো ৰাজ‍্যজুৰি এটা দুৰ্যোগ বিয়পি পৰাক নুসূচায়। “ৰাষ্ট্ৰীয় সমস্যা” বুলি কোনো সংজ্ঞা বা কোনো নিৰ্দিষ্ট নিৰ্ণায়ক নীতি নাই। দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ (Disaster Management Act,2005)ত ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি কোনো দুৰ্যোগ লিপিবদ্ধ কৰা হোৱা নাই।
এই আইনখনত কৈছে- ‘Disaster’ means a catastrophe, mishap, calamity or grave occurrence in any area, arising from natural or man made causes,or by accident or negligence which results in substantial loss of life or human suffering or damage to,and destruction of property,or damage to,or degradation of environment and is of such a nature or magnitude as to be beyond the coping capacity of the community of the affected area. অৰ্থাৎ বিপৰ্যয় (Disaster) সম্পৰ্কে কৈছে যদিও তাত ৰাষ্ট্ৰীয় বিপৰ্যয় বা ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃতি দিয়া ব্যৱস্থা নাই। বৰং সেই আইনখনত কিছুমান দুৰ্যোগক ‘Calamity of severe nature’ অৰ্থাৎ ‘উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ’ ৰূপেহে কেতিয়াবা স্বীকৃতি দিয়ে।
কাজিৰঙা অভায়াৰণ্য খনত বানপানীয়ে তাণ্ডৱ চলায় প্ৰতিবছৰে । বহু বন্যপ্ৰাণীৰ মৃত্যু হয় । কিন্তু কাজিৰঙাত যদি বানপানী নহয় তেন্তে তাৰ পিছৰ বছৰত কি হ’ব সেই খৱৰ আমি ৰাখিব লাগিব । বানপানী হোৱা বাবেই কাজিৰঙাৰ মাটি পলসুৱা হৈ আছে আৰু পলস অবিহনে  ঘাঁহ নগজে । বানপানীৰ সমাধান খৰাং নহয় । আমাক লাগিব বানপানীৰ মাজত থাকিও কেনেদৰে সাধাৰণ জীৱন ধাৰণ কৰিব পৰা যায় তাৰ উপায় ।  চৰকাৰ আহিব চৰকাৰ যাব । অভিযন্তা , বিষেষজ্ঞ সকলে নিজৰ চাকৰি নিয়মীয়া কৰণৰ কাৰণে গুগলত পোৱা তথ্যৰে ডিগ্ৰী লোৱাৰ লগতে অসমৰ জলন্ত সমস্যা বানপানীক লৈও গৱেষণা কৰক আৰু ৰাইজে মন্ত্ৰী – বিধায়কৰ পৰা বিহু – ঈদ ত চান্দা লোৱাৰ লগতে বানপানীৰ কাৰণেও পুঁজি সংগ্ৰহ কৰাত গুৰুত্ব দিয়ক । চৰকাৰক সাধাৰণ ৰাইজ , ৰাজনৈতিক দলৰ কৰ্মীয়ে বাধ্য কৰিব পাৰিব লাগিব যাতে বানপানীত ক্ষতিসাধনৰ পৰিমাণ অতি কম হয় ।