- নয়ন বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ
১ চেপ্তেম্বৰ ২০১৯ত কেৰেলাৰ ৰাজ্যপাল ৰূপে নিযুক্তি দিয়া হয় আৰিফ মহম্মদ খানক। এইজন আৰিফ খান এসময়ত আছিল প্ৰধানমন্ত্রী ৰাজীব গান্ধীৰ বিশ্বাসভাজন গৃহ ৰাজ্যমন্ত্রী। সেইসময়তে উচ্চতম ন্যায়ালয়ত শ্বাহবানো গোচৰৰ শুনানি হয়। ত্রিপল তালাকৰ চিকাৰ শ্বাহবানোৰ সপক্ষে ৰায় দিয়ে পাছজন বিচাৰকৰ এক খণ্ডপিঠে। ভাৰতবৰ্ষৰ ইতিহাসত এয়া এক উল্লেখযোগ্য ঘটনা। লগে লগে চৰকাৰলৈ আহে পুৰুষ প্ৰধান মুছলমান সমাজৰ পৰা সকিয়ণি। সেইসময়তে ৰাজীব গান্ধীৰ পৰামৰ্শমতে আৰিফ মোহম্মদ খানে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ সমৰ্থনত ৫৫ মিনিটৰ বক্তব্য ৰাখে। এজন প্ৰগতিশীল যুৱ মুছলমান মন্ত্রীৰ সেই ভাষনে শাসক-বিৰোধী সকলো স্তৰৰ নেতাৰ প্ৰশংসা বুতলিবলৈ সক্ষম হয়। কিন্তু দুৰ্ভাগ্যৰ কথা যে ৰাজীব গান্ধীয়ে দলৰ ভিতৰতে থকা মৌলাবাদী নেতাকিছুমানৰ হেচাত নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হয়। অবশেষত গান্ধী চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে আইন অনাৰ সিদ্ধান্ত লয়। লগে লগে মন্ত্রীসভাৰ পৰা পদত্যাগ কৰে আৰিফ মহম্মদ খানে।
খানক বুজনি দি সেইসময়ৰ বৰিষ্ঠ কংগ্ৰেছ নেতা পি.ভি নৰসিংহ ৰাওঁ এ কৈছিল _তোমালোকৰ ধৰ্মৰ কেইজনমান নেতাই যদি জাতিটোক গৰ্তলৈ নিব খুজিছে , নিব দিয়া ; তুমি ইমান ভাবুক কিয় হৈছা? নিজৰ সিদ্ধান্তত অটল থাকিল আৰিফ মহম্মদ খান আৰু পদত্যাগ পত্র ফিৰাই লবলৈ সন্মত নহল। পিছত ভি.পি সিংৰ নেতৃত্বত গঠন হোৱা জনতা দলৰ চৰকাৰত কেবিনেট মন্ত্রী হৈছিল এইজন বিচক্ষণ নেতা। ভি.পি সিংৰ চৰকাৰ চলিল মাত্র ১৩ মাহ। পিছত বি.এছ.পি দলত যোগদান কৰি সাংসদ হৈছিল খান। ১৯৯৯ চনত বাজপেয়ী চৰকাৰৰ পতনত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল খানে। ২০০৪ চনত এইজন খানে বিজেপিত যোগদান কৰে আৰু বিজেপিৰ টিকটত লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰে। সমষ্টিৰ ৰাইজে ইয়াক স্বীকৃতি নিদিলে; আৰিফ মোহম্মদ খান দুবাৰ একেলেথাৰিয়ে লোকসভাৰ নিৰ্বাচনত পৰাজিত হ’ল আৰু ৰাজনৈতিক কেৰিয়াৰৰ ইমানতে অন্ত পৰিল। খান হঠাৎ সক্ৰিয় হয় ত্রিপল তালাকৰ ৰায়দানৰ পিছত। এই ৰায়দানক সমৰ্থন কৰি মুকলিকৈ বক্তব্য ৰাখে তেওঁ। ১৯৮৫ চনত যুৱনেতাজনে কৰা প্ৰগতিশীল চিন্তা বাস্তব হবলৈ সময় লাগে প্ৰায় ৩৯ বছৰ।