মামাৰ শপতগ্ৰহণৰ পিছত

929

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


শ্বাহৰুখ খানে কৈছিল_ কোনো বস্তুক অন্তৰৰ পৰা বিচাৰিলে হেনো মোদী-শ্বাহে শুনা পায়। মামাৰ কিমানদিনৰ পৰা যে ইচ্ছা। মামীক বিয়াৰ আগতে হেনো Aim in Life  ৰচনাখন মাতি বহুবাৰ শুনাইছিল। সচাকৈ _সকলো সফল পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী মহিলাৰ হাত থাকে। মামীয়ে মামাক কম সাহস দিছেনে? সেই বৰুৱাৰ স্কুটাৰখনত ফুৰিবলৈ যোৱাৰ দিনৰ পৰা। পিছে মামীৰ এটা কথা আমাৰ ভাল নালাগে। বিত্তলৈ ঠিক আছিল পিছে মুখ্য হোৱাৰ পিছত ‘সি’ , ‘তই’ আদি শব্দ ঘৰৰ বাহিৰলৈ উলিয়াই ননাই ভাল।  মামাৰ শপত গ্ৰহণত আমাকো মাতিছিল। মামাই মতাৰ পিছত আকৌ নোযোৱাকৈ থাকিব পাৰোনে?” মই ঈশ্বৰৰ নামত শপত খাই…” মামাৰ মুখৰ পৰা শুনি একেবাৰে বুকুখন শাত পৰি গ’ল। তেনেতে সভাঘৰত কিবা টায়াৰ পোৰাৰ নিচিনা গোন্ধাব ধৰিলে। গোন্ধৰ পম খেদি বুজিলো কিপুন বৰা আৰু বনফুল হুছেইনৰ অঞ্চলৰ পৰা আহিছে। বাইদেৱে শপত লোৱাৰ সময়ত গোন্ধটো আৰু তীব্ৰ হ’ল। পিছত কোনো চকুচৰহাই ক’লে যে বিভাগ বিতৰণৰ পিছত হেনো এনেকুৱা গোন্ধ সুৰ্য্যমোহন পাটোৱাৰী আৰু কঞ্জিত দাসৰ ঘৰৰ পৰাও ওলাইছিল। দাস পেহাৰ ঘৰত বাচন ভঙাৰ শব্দও হৈছিল। গালি খোৱা বিভাগটো দিলে পেহীয়ে সহ্য কেনেকৈ কৰে?  সি যি কি নহওক, এইবাৰ মই ওলালো আমাৰ এম.এল.এ সকলৰ শপত গ্ৰহণ চাবলৈ। সকলো লাইম লাইট সিদিনা কিন্তু নিখিল গগৈয়ে লৈ গ’ল। ভূঞাৰ কাপোৰ, ৰহিমুদ্দিনৰ সংস্কৃতে পাত্তাই নাপালে। আমিও গৈ সুযোগতে একপি চেল্ফি উঠিলো। পিছতহে মামাই কলে নিখিলৰ বেমাৰৰ কথা। এতিয়া চেল্ফিৰ কথা মনত পৰিলে বুকুখত কিবা কপি উঠে। মামাক নিজৰ চেম্বাৰত লগ পাই সুধিয়ে পেলালো কিয় যে তেওঁ স্বাস্হ্য বিভাগটো নেশব মহন্তক দিলে? ” বহু দিনৰ পিচত অসমে এজন চেহেৰা থকা স্বাস্হ্য মন্ত্রী পালে অ’ ” মামাই কোনো দিনে চিধা উত্তৰ নিদিয়ে । নিযুষ আৰু মল্ল মামাৰ পিঠি আৰু কান্ধ মালিচ কৰাত ব্যস্ত। মামাই হেনো চাৰিদিন শুৱাই নাই।  মুন্নাভাই চিনেমাত দেখো কৈছিল ডাক্তৰৰ ইমোচন থাকিব নালাগিব। নোদোকা হ’লে কি হ’ব মানুহজনে চোন কান্দিয়ে থাকে। “ডাক্তৰেহে কান্দিব নাপায় ”  বুলি কৈ মামা গুছি গ’ল। শেষত হৰ্বাদাৰ অটোগ্ৰাফ ল’বলৈ গৈ দেখিলো ৰূমটোত কঞ্জিত দত্তই আঙুলিৰে বেৰৰ পৰা চুন ঘুহি আছে। কৃঞ্চ বুলি কৈ হৰ্বাদাই অ’টগ্ৰাফ বহীটো লৈ চিন্তা কৰি কৰি কিবা লিখিলে। সকলোৰে পৰা বিদায় মাগিলো। দিনটো সুন্দৰভাবে পাৰ হ’ল।   ঘৰলৈ  আহি অটোগ্ৰাফ বহীটো খুলিলোঃ
জানে কহা গয়ে ৱো দিন..
য়াদ আ ৰহা হে…
কোই লউটা দে মুঝে ৱো ধুনীয়া দিন..