মোদী-শ্বাহে নকৰিলে সেই ভুল

1063

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


‘ৰাজনীতি অসম ‘ এ ধাৰাবাহিক ভাবে প্ৰচাৰ কৰি আছিল যে অসমৰ পৰবৰ্তী মুখ্যমন্ত্রী হ’ব ড° হিমন্ত বিশ্ব শৰ্মা।উক্ত দাবীৰ ভেটি আছিল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি  জনতাৰ আবেগ । অবশেষত ২০ বছৰীয়া প্ৰতীক্ষাৰ অন্ত পৰিল আৰু ৰাজ্যৰ ১৫তম মুখ্যমন্ত্রীৰ পদত শপত ল’লে শৰ্মাই। ২০০১ চনত প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ তেখেত প্ৰায় ২০০৮ চন মানৰ পৰা ৰাজ্যৰ ৰাজনীতিত সবাতোকৈ চৰ্চিত নেতা হিচাপে খ্যাতি লাভ কৰি আহিছে। ২০২১ত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত কেন্দ্ৰীয় নেতৃত্বৰ বাবে এজন নতুন মুখ্যমন্ত্রী বাচনি কৰা কাৰ্য্যটো একেবাৰে সহজ নাছিল। ২০১৩-১৪ চনত শৰ্মাৰ প্ৰতিদ্বন্দ্বী আছিল তিনিবাৰৰ মুখ্যমন্ত্রী তথা অসমৰ বৰ্ষীয়ান নেতা তৰুণ গগৈ।  ৰাজ্যৰ অধিকাংশ বিধায়ক আছিল শৰ্মাৰ লগত। কিন্তু ৰাহুল গান্ধীয়ে সময়ৰ আহ্বান নুশুনিলে।পুত্র গৌৰৱ সাংসদ হোৱাৰ সুযোগতে ৰাহুলৰ ঘনিষ্ঠ হোৱাৰ তেওঁ সুযোগ পাইছিল। সেইটোৱো আছিল তৰুণ গগৈৰ বাবে এদভানটেজ। তাৰ পৰিণতি কি হ’ল আমি সকলোৱে জানো। ২০১৬ত শৰ্মাৰ ৰাজনৈতিক কৌশলৰ ফলতে অসমত প্ৰথম বাৰৰ বাবে বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হ’ল। অমিত শ্বাহৰ ঘৰত যোগদান কৰাৰ দিনাই শৰ্মাই স্পষ্ট কৰিছিল যে ২০১৬ত তেওঁ মুখ্যমন্ত্রী হ’ব নিবিচাৰে। বৰং উত্তৰ পূৰ্বাঞ্চলত সংগঠন বিস্তাৰৰ দায়িত্ব তেওঁক দিব লাগে। উত্তৰ পূৰ্বাঞ্চলত এখনৰ পৰা আনখন ৰাজ্য কংগ্ৰেছ মুক্ত হৈ গৈ থাকিল । ২০২১ নিৰ্বাচনৰ সময়তো হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্রী পতাৰ বাবে দাবী উত্থাপন কৰা নাছিল। তেওঁৰ একমাত্র সংকল্প আছিল যদিহে সোণোৱালক পুনৰ মুখ্যমন্ত্রী পাতে তেন্তে সেই মন্ত্রীসভাৰ তেওঁ সদস্য নহয়। বিজেপি হাইকামাণ্ডে মুখ্যমন্ত্রী নিৰ্বাচনৰ সময়ত চাৰিটা মুল বিষয়ৰ ওপৰত সমীক্ষা কৰিছিল :
১) সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কোনজন অসন্ত্তষ্ট হ’লে দলৰ বেছি ক্ষতি হ’ব?
২) মন্ত্রীসভাত হিমন্ত বিশ্ব নাথাকিলে অকলে সৰ্বানন্দ সোণোৱালৰ বাবে ৰাজ্য চলোৱা সম্ভব নে?
৩) বিজেপিক ভোট দিয়া সকলে কাক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে ?
৪)বিৰোধী দল আৰু বিৰোধী  ভোটাৰে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ নেতৃত্ব লোৱাটো কিয় নিবিচাৰে ?
এই  প্ৰশ্নৰ উত্তৰ পোৱাৰ লগে লগে বাচনি সম্পূৰ্ণ হ’য় অসমৰ নতুন মুখ্যমন্ত্রীৰ। লগে লগে এটা বাৰ্তা যায় বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রী সমূহলৈ। মুখ্যমন্ত্রীৰ আসন কাৰো বাবে স্থায়ী নহয় । আন এটা বাৰ্তা যায় জ্যোতিৰাদিত্য সিন্ধিয়া,  শুভেন্দু অধিকাৰী আদি নেতালৈ । নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিলে অন্য দলৰ পৰা আহিলেও মুখ্যমন্ত্রী হোৱাত বাধা নাই।
অসমৰ ক্ষেত্রত বিজেপি হাইকামসণ্ডৰ এই সিদ্ধান্ত সুদূৰপ্ৰসাৰী। যিকোনো বিৰোধীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা বিজেপিক পৰাভূত কৰাটো হ’ব অত্যন্ত কঠিন কাম।