গো হত্যা বন্ধ কৰি চৰকাৰে হিন্দুৰ আবেগক সন্মান জনাওঁক

1527
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


“বিহু” অসমৰ জাতীয় উৎসৱ।ব’হাগ বিহুৰ প্রথম দিনটো অৰ্থাৎ চ’তৰ সংক্রান্তিৰ দিনা অসমীয়া জনজীৱনৰ কৃষিকৰ্মৰ প্রধান সম্বল গৰুৰ নামত উছৰ্গা কৰি “গৰু বিহু” হিচাপে পালন কৰা হয়। সেই দিনা গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা-অৰ্চনা কৰা হয়।
সেইদিনা ৰাতিপু্ৱাই গৰু-ম’হক পটাত পিহি লোৱা মাহ-হালধিৰে নোৱাই, শিঙত তেল সানি,কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ, বিল বা পুখুৰীলৈ নি একেলগে হৰিধ্বনি দি সমূহীয়াভাৱে গা ধুৱায় আৰু লগত “চাট”(ত্ৰিশূলাকৃতিৰ বাঁহৰ মিহি শলা)ত সী নিয়া লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি(কেঁতুৰি) আদি গালৈ দলিয়াই এইদৰে গোৱা হয়-

“লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।।”

অসমত গৰুৰ স্থান একমা্ত্ৰ ধাৰ্মিক দৃষ্টিতেই সীমাবদ্ধ নহয় । অসমীয়া ভাষী হিন্দু-মুছলামন উভয়ৰ কাৰণে বিহু হৈছে জাতীয় উৎসৱ ।

গান্ধীজীৰ গো সুৰক্ষাৰ স্বপ্ন অসমত বাস্তবিক ৰূপ দিবলৈ হিমন্ত বিশ্ব শৰ্মা সফল হ’ব নে নহব সেই কথা আগন্তুক দিনবোৰত স্পষ্ট হব ।  গো সুৰক্ষাক হিন্দুত্ববাদ,ইছলাম আৰু লিবাৰেলবাদৰ মাজৰে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাবলৈ এচাম ৰাজনেতা উৎসাহী হৈ পৰিব । অসম চৰকাৰে যদি গো হত্যা বন্ধ কৰা বিল বিধান সভাত উত্থাপন কৰে তেন্তে  কংগ্ৰেছ দলৰ বিধায়ক বা সমৰ্থক সকলে ইয়াক ভাতৃত্ববোধৰ ওপৰত বিজেপিৰ আঘাত বুলি বিৰোধ কৰিব । অন্যহাতে বদৰুদ্দিন আজমলৰ দলে ইয়াক মুছলমান বিদ্বেষ বুলি বিৰোধ কৰাটো স্বাভাবিক । ইয়াৰ সমান্তৰাল ভাবে বৰ্তমান বিজেপি একাংশ বিধায়কে ভাৰতীয় সভ্যতাৰ লগত গোধনৰ সুৰক্ষা বিষয়টোক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব । একাংশ হিন্দু বুদ্ধিজীৱী আৰু ৰাজনেতা ওলাব যিসকলে চৰকাৰৰ স্থিতিত বিৰোধ কৰিব । আনহাতে একাংশ মুছলমান ব্যক্তি ওলাব যিসকলে সমাজত ভাতৃত্ববোধ আৰু চুবুৰীয়া হিন্দু সমাজৰ আবেগক সন্মান কৰি চৰকাৰক সমৰ্থন দিব । এটা স্পৰ্শকাতৰ আৰু সাংস্কৃতিক ঘটনাৰ লগত মৌলবাদ আৰু ৰাজনীতিৰ ৠণাত্মক প্ৰভাবৰ পৰা সমাজ মুক্ত হৈ থাকিব লাগিব । গো হত্যাৰ বা গো ভক্ষণৰ লগত জড়িত আইন কানুনৰ কথা ওলোৱাৰ সমান্তৰাল ভাবে আৰম্ভ হয় গোধনৰ ওপৰত ৰাজনীতি । ৰাজনীতিৰ পাকচক্ৰত মুল বিষয়টোৰ ওপৰত প্ৰলেপ পৰে আৰু দুয়োটা পক্ষৰ সমৰ্থকৰ ওপৰত কিছুমান নপৰিবলগীয়া প্ৰভাব পৰে । সেয়ে উপমহাদেশৰ প্ৰতিজন বাসিন্দাই গোধনৰ লগত জড়িত ইতিহাসৰ বিষয়ে তথ্য জনা দৰকাৰ ।
ধাৰা ৩৭০ ভংগ হোৱাৰ সময়ছোৱাত পাকিস্তানৰ কোনো এক অঞ্চলত গাই গৰু এজনীক ভাৰতৰ জাতীয় পতাকাৰ ওপৰত থৈ হত্যা কৰা এক কৰুণ দৃশ্য নিউজ চেনেল আৰু চচিয়েল মিডিয়াত ভাইৰেল হৈছিল । পোন প্ৰথমে ফটোখন কাশ্মীৰৰ বুলি এটা চক্ৰই প্ৰচাৰ কৰিছিল যদিও পিছলৈ আচল উৎস জনা গৈছিল । অৰ্থাৎ এটা কথা প্ৰমানিত যে ভাৰতীয় উপমহাদেশৰ ৰাজনীতিত গৰুৰ স্থান লক্ষ্যনীয় । কিন্তু ইচ্ছা বা অনিচ্ছাকৃত যিয়েই নহওক কোনো  এটা পক্ষইও গোধনৰ লগত জড়িত ইতিহাসৰ ঘটনা সমুহ চৰ্চা কৰিবলৈ টান পায় আৰু সাম্প্ৰদায়িক কথাৰে নিজৰ নিজৰ ৰাজনৈতিক অভিষ্পা পুৰণ কৰাৰ চেষ্টা কৰে  । কোৰানত যিদৰে গোভক্ষণৰ কথা উল্লেখ নাই , সেই একদৰে অতীত বা বৰ্তমানত এনেকুৱা হিন্দুৰ অভাব নাই যিসকলে গো মাংস ভক্ষণ কৰা নাই । বৃটিছৰ সময়ত ইংৰাজ বিষয়াক তোষামোদ কৰিবলৈ একাংশ জমিদাৰে ইংৰাজৰ লগত একলগে বহি এই মাংস খোৱা ঘটনাৰ বৰ্ণনা বুৰঞ্জীৰ পাতত আছে । আজিৰ সময়তো নিজকে বাওঁপন্থী বা লিবাৰেল বুলি প্ৰতিষ্ঠা কৰিবলৈ একাংশ হিন্দু ছাত্ৰ নেতাই গো মাংস ভক্ষণ কৰি চচিয়েল মিডিয়াত ফটো আপলোদ দিয়া ঘটনাও সংঘটিত হৈ আছে কেৰেলাৰ দৰে ৰাজ্যত । মিডিয়াৰ সন্মুখত এই কাৰ্য্য সম্পাদন কৰা সকলে ৰাষ্ট্ৰ এখনৰ আবেগক প্ৰত্যাহ্বান জনোৱা কৰ্ম ভোক নিবাৰণ হব নোৱাৰে ।

ইৰাণৰ বিখ্যাৎ ইতিহাসবিদ , অংকশাস্ত্ৰবিদ আবু ৰিহান অল বিৰুনিয়ে ১০১৭ চনত ভাৰতীয় উপমহাদেশৰ ভ্ৰমণত আহিছিল । ভ্ৰমণ কালছোৱাত এইজন বিখ্যাৎ ব্যক্তিয়ে ৰচনা কৰিছিল ‘তাৰিখ – এ- হিন্দ ‘ নামৰ বিখ্যাত গ্ৰন্থ খন । গজনিৰ মহম্মদ মামুদে ভাৰত আক্ৰমণ কৰা সময়ছোৱাতেই ( ১০০০ -১০২৫ চন) অল বুৰানিয়ে ভাৰতত থাকি উক্ত গ্ৰন্থখন লেখিছিল । আৰৱৰ পৰা অহা ইচলামিক আক্ৰমণকাৰীয়ে দুটা উদ্দেশ্য আগত লৈ ভাৰত উপমহাদেশত সোমাইছিল । ধন-সোণ আহৰণ আৰু খলিফাৰ নিৰ্দেশত ইচলাম ধৰ্ম এই মহাদেশত আৰম্ভ কৰা লক্ষ্য আগত ৰাখি পোন প্ৰথমে আহিছিল মহম্মদ বিন কাচিম।গ্ৰন্থ খনত উল্লেখিত মতে কেশপ পুৰীৰ পৰাই বিন কাচিমে ভাৰত আক্ৰমণ আৰম্ভ কৰিছিল । কেশপ পুৰী এতিয়া পাকিস্তানৰ অন্তৰ্গত মুলতান প্ৰদেশ । অল বুৰানিৰ গ্ৰন্থৰ পৰা উদ্ধৃত মতে  মুলতান (পাকিস্তান) ৰ পুৰ্বৰ নাম আছিল কেশপ পুৰী । পিছলৈ ৰজা হিৰন্যকশিপুৰ পু্ত্ৰ প্ৰহ্লাদে ৰাজ্যভাৰ লোৱাৰ পিছত ইয়াৰ নাম প্ৰহ্লাদ পুৰী কৰা হৈছিল । পিছলৈ ইয়াত অৱস্থিত সুৰ্য্য মন্দিৰৰ লগত জড়িত মালি সম্প্ৰদায়ৰ মানুহৰ পৰাই মুলতান নামৰ জন্ম হল বুলি অল বিৰুনিয়ে উল্লেখ কৰিছিল । সিন্ধৰ এইখন হিন্দু চহৰ আক্ৰমণ কৰা মহম্মদ বিন কাচিমে প্ৰথমেই নিজৰ পৰাক্ৰম দেখুৱাই মানসিক ভাবে হিন্দুক বশ কৰিবলৈ চেষ্টা কৰিছিল গো হত্যা কৰি । সিন্ধ প্ৰদেশ ( বৰ্তমান পাকিস্তান আৰু আফগানিস্তানৰ অন্তৰ্গত) ৰ অন্তিম হিন্দু ৰজা দাহিৰক মহম্মদ বিন কাচিমে পৰাস্ত কৰি পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় উপমহাদেশত ইছলাম প্ৰতিষ্ঠা কৰে । ইছলামৰ শ্ৰেষ্ঠতা দেখুৱাবলৈ মন্দিৰ বিলাক ধ্বংস কৰিছিল আৰু বধ কৰা গৰুৰ মাংস মন্দিৰৰ সন্মুখত পেলাই থৈছিল । আৰৱ দেশৰ পৰা ভাৰত আক্ৰমণ কৰিব অহা আহমদ শ্বাহ দুৰানিয়ে দিল্লী , আগ্ৰা, মঠুৰা জয় কি ধন সম্পদ লুট কৰি লৈ ঘুৰি যোৱাৰ সময়ত পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ পবিত্ৰ পুখুৰীটো গোমাংসৰ তেজেৰে ৰঙা কৰি থৈ গৈছিল ।
ইছলামিক আক্ৰমণকাৰী সকলৰ এনেকুৱা কু-কীৰ্তি মোগল শাসনৰ সময়তো শেষ হোৱা নাছিল । জাহাংগিৰে শিখ গুৰু অৰ্জান দেৱক গৰুৰ ছাল পিন্ধাই পঞ্জাৱৰ ৰাজপথত খোজ কঢ়াই লৈ যোৱা ঘটনা ‘জাহাংগিৰ নামা’ত উল্লেখ আছে । শিখ সকলক মোগলে ৰাজনৈতিক অভ্যুত্থান অনুভৱ কৰাবলৈ এনেকুৱা কাম কৰিছিল । ঔৰংগজেৱে গুজৰাটৰ চিন্তামনিত থকা জৈন মন্দিৰৰ ভিতৰত গোবধ কৰি মন্দিৰক মছজিদলৈ ৰূপান্তৰ কৰিছিল। মোগল ৰজা আকবৰ এই ক্ষেত্ৰত কিছু উদাৰ আছিল যদিও বাবৰ , হুমায়ুন , চাহজাহান হঁতে দমন নীতি চলাই গৈছিল । ভাৰত উপ মহাদেশত ইছলামিক আক্ৰমণকাৰীৰ প্ৰথম আক্ৰমণৰ পৰা আৰম্ভ কৰি জিন্নাৰ দাইৰেক্ট একচন ডে’ আৰু ভাৰত বিভাজনৰ প্ৰতিটো হিংসাত্মক ঘটনাৰ লগত গোবধ আৰু মন্দিৰত গোমাংস প্ৰবেশ আছিল অতি সাধাৰণ কথা । খ্ৰীষ্টান সকলে গোৱা দখল কৰাৰ পিছত গোৱাৰ গ্ৰাম্যাঞ্চলত ব্যাপক হাৰত ধৰ্মান্তৰকৰণ হৈছিল । হিন্দুৰ পৰা খ্ৰীষ্টান হোৱা সকলক গো মাংস খাবলৈ দিয়া হৈছিল , কাৰণ গো মাংস খোৱা মানে সঁচা অৰ্থত হিন্দু ত্যাগ কৰাটো বুজা যায় । বৰ্তমান সময়তো বিভিন্ন বাতৰিত প্ৰকাশ হয় যে লাভ জেহাদৰ পিছত ছোৱালী এজনীক নিকাহ কৰাৰ পিছত গো মাংস খাবলৈ দি ধৰ্ম পৰীক্ষা কৰা হয় ।
২৮ আগষ্ট ২০০৯, মালয়েছিয়া । প্ৰায় অৰ্ধশতাধিক মানুহে  গৰুৰ কটা মুৰ এটা লৈ সমদল কৰি গৈছে । মালয়েছিয়া চৰকাৰে এটা মন্দিৰৰ স্থান সলনি কৰাৰ প্ৰতিবাদত আছিল সেই সমদল । ৰাইজৰ অভিযোগ আছিল __ হিন্দু মন্দিৰৰ নতুন স্থান মুছলমান মানুহেৰে পৰিপুৰ্ণ । সমদলত যোৱা মানুহখিনিয়ে মন্দিৰৰ প্ৰস্তাবিত নতুন স্থানত গৰুৰ মুৰটো ৰাখি তাত দলবদ্ধ বাবে থু পেলায় । মহাত্মা গান্ধী , বীৰ সাৱৰকৰ , ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা আৰম্ভ কৰি এতিয়ালৈ বহু নেতাই গোহ্ত্যা ভাৰতত বন্ধ কৰিবলৈ মত পোষণ কৰি আছে । কিন্তু গো হত্যা বন্ধ কৰিবলৈ পোন প্ৰথমে ভুমিকা কৈছিল শিখ শাসক সকলে । মহাৰজা ৰঞ্জিত সিংৰ সময়ত গোবধ আৰু মনুহ হত্যা কৰাৰ শাস্তি সমান আছিল। আৰু সেই ইতিহাসৰ আলমতেই  পঞ্জাৱত প্ৰথম খন গো সুৰক্ষা সমিতি গঠন হৈছিল ১৮৮২ চনত ।

ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু গো সুৰক্ষাৰ এক ওত:প্ৰোত: সম্পৰ্ক আছে । মহাত্মা গান্ধী , গংগাধৰ তিলক , মদন মোহন মালৱিয়া, ৰাজেন্দ্ৰ প্ৰসাদ দৰে বৰণ্য ব্যক্তি সকলে গো সুৰক্ষাৰ কাৰণে মানুহক সজাগ কৰিছিল । প্ৰথম বিশ্ব যু্দ্ধত ইংৰাজৰ হাতত তুৰ্কীৰ খলিফা পৰাস্ত হয় আৰু তুৰ্কীত ইচলাম শাসন লোপ পায় । ইয়াৰ প্ৰতিবাদত সমগ্ৰ বিশ্বৰ মুছলমান একত্ৰিত হোৱাৰ উপক্ৰম হৈছিল আৰু সেই মৰ্মে ভাৰতৰ মুছলামন সকলেও বৃটিছৰ বিৰুদ্ধে খিলাফত আন্দোলন আৰম্ভ কৰে । মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ ফালৰ পৰা এই আন্দোলনৰ নেতৃত্ব লয় ।খলিফাৰ শাসন পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে বৃটিছৰ বিৰু্দ্ধে কৰা সংগ্ৰাম আছিল খিলাফত আন্দোলন। যি খলিফাৰ নিৰ্দেশ মানি বিন কাচিম , গজনি , বাবৰ আদি আক্ৰমণকাৰীয়ে মধ্যযুগত ভাৰত আক্ৰমণ কৰি ইচলাম প্ৰতিষ্ঠা কৰিছিল সেই খলিফাৰ শাসন পুন: প্ৰতিষ্ঠা কৰা আন্দোলনক মহাত্মাই সমৰ্থন দিছিল দুটা বিশষ বিশেষ উদ্দেশ্যত  । ইছলামিক শাসন তুৰ্কীত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত গান্ধীজীয়ে ভাগ লোৱাৰ প্ৰধান কাৰণ দুটা আছিল ___১/ খিলাফত শেষ হোৱাৰ পিছত ভাৰতীয় মুছলামন সকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিব ২/ মুছলামন সকলে হিন্দুৰ আবেগক সন্মান কৰি গোহত্যা বন্ধ কৰিব । খিলাফত আন্দোলনৰ মুছলামন নেতা সকলে গান্ধীৰ নীতিক সমৰ্থন কৰিছিল । খিলাফত নেতা মৌলানা আাব্দুলে কৈছিল যে হিন্দুৱে আমাৰ আন্দোলন যোগ দিয়ে বা নিদিয়ে সেইয়া তেওঁলোকৰ ব্যক্তিগত বিষয় । কিন্তু আমি মুছলমান সকলে হিন্দু সকলৰ আবেগক গুৰুত্ব প্ৰদান কৰি গো মাংস ভক্ষণ ত্যাগ কৰা উচিত ।

গান্ধীজীৰ সিদ্ধান্তক সেই সময়তো কংগ্ৰেছৰ আন নেতা সকলে বিৰোধ কৰিছিল আৰু আজিও বহুতে তেওঁক সিদ্ধান্তৰ বাবে সমালোচনা কৰে ।কিন্তু মহাত্মা গান্ধীৰ সিদ্ধান্ত আছিল সম্পুৰ্ণ মানবতাবাদী ।খিলাফত আন্দোলনত গান্ধীজীৰ নেতৃত্ব লোৱা সিদ্ধান্তই তেওঁৰ উদ্দেশ্য পুৰণত সহায় নকৰিলে । ভাৰতত গো হত্যা চলি থাকিল আৰু খিলাফতৰ পিছত ভাৰতৰ স্বাধীনতা যুদ্ধত মুছলামন নেতা সকলে কংগ্ৰেছক সহযোগ কৰে যদিও মাত্ৰ দুটা দশক পিছতেই ভাৰতক খণ্ডিত কৰি মুছলামনৰ কাৰণে পৃথক ৰাষ্ট্ৰ পাকিস্তান গঠন হয় । সমান্তৰাল ভাবে উল্লেখ্য যে জিন্নাই ১৯৪৬ চনৰ এপ্ৰিল সংখ্যাৰ টাইম মেগাজিনৰ এটা সাক্ষাৎকাৰত কৈছিল ___His Muslim tiger wants to eat the Hindu cow.’

হিন্দুৱে গো মাংস বৈদিক যুগত ভক্ষণ কৰিছিল নে নাই বা বৃটিছ শাসনৰ সময়ত ইংৰাজ চাহাবক সন্তুষ্ট কৰিবলৈ  জমিদাৰে ইংৰাজৰ লগত গো মাংস ভক্ষণ কৰিছিল নে নাই বা সুদুৰ আৰৱৰ মক্কাৰ ওচৰৰ হিজাজ নামৰ পৰ্বতমালাৰ হিৰা  গুহাত আল্লাৰ বাণীৰে লিখিত কোৰানত গোহত্যা সম্পৰ্কে লিখা আছে নে নাই সেই ধাৰণা ভাৰতীয় সভ্যতাৰ স্বাৰ্থত অপ্ৰাসংগিক । কাৰণ ভাৰতীয় পৰম্পৰাৰ ভেটিত গঢ় লোৱা ভাৰতীয় সমাজৰ আবেগ গোহত্যা আৰু গো মাংস ভক্ষণৰ পৰিপন্থী । ২০২১ চনৰ অসন বিধান সভাত ৰাজ্যপালে দিয়া ভাষণ গোধনৰ সুৰক্ষাৰ বিষয়টো উল্লেখ হোৱাৰ প্ৰায় আঠটা দশক আগতেই স্বাধীনতাৰ পিছত গঠিত হোৱা সংবিধান সভাত ভীমৰাও আম্বেদকাৰৰ গো হত্যা নিষিদ্ধ কৰা প্ৰস্তাবক প্ৰতিজন সদস্যই সমৰ্থন কৰিছিল । হিন্দুত্বৰ সংজ্ঞা পোন প্ৰথমে আগবঢ়োৱা স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকৰে গো সুৰক্ষাৰ দিশত কি কৈছিল সেই কথা আজিৰ প্ৰতিজন ৰাজনৈতিক নেতাই জনা দৰকাৰ । কাৰণ হিন্দুত্বক সুৰক্ষা দিয়া আৰু হিন্দুত্বক প্ৰতিনিধিত্ব কৰা ব্যক্তি সকলৰ ভিতৰত সাৱৰকৰৰ নাম প্ৰথমে লব লাগিব । হিন্দু সমাজৰ এক বৃহৎ অংশই গৰুক পুজা কৰে । কিন্তু তেওঁ গৰুক মাতৃ হিচাপে জ্ঞান কৰা নাছিল । তেওঁ এই পৰ্যন্ত কৈছিল যে গৰুক মাতৃ হিচাপে হিন্দু ৰজা সকলে মধ্য যুগত স্বীকৃতি দিয়া বাবেই বিন কাচিম , মামুদে গৰুক ব্যৱহাৰ কৰি ৰজা সকলক বশ কৰিছিল । গো সুৰক্ষাৰ স্বাৰ্থত নিজৰ ৰাজ্য পৰ্যন্ত এৰি দিছিল আক্ৰমণকাৰীক । গৰু ভাৰতীয় সমাজৰ কাৰণে সামাজিক আৰু অৰ্থনৈতিক সম্পদ হোৱা কাৰণেই গৰুক সুৰক্ষা দিয়াটো সাৱৰকৰে প্ৰয়োজন বুলি দাবী কৰিছিল । ইছলামৰ লগতো গৰুৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই । কাৰণ বকৰি ঈদৰ লগত জড়িত হজৰত মহম্মদ আখ্যানৰ লগত গৰুৰ কোনো উল্লেখ নাই । শংকৰ- মাধৱৰ দেশত সুদুৰ বাগদাদৰ আজান ফকীৰক তেওঁৰ ধৰ্ম প্ৰচাৰ কৰাত সুবিধা কৰি দিয়া অসমৰ স্বৰ্গদেউ সকলে ৰাজ আতিথ্য প্ৰদান কৰিছিল । তেনে এক ভাতৃত্ববোধ আৰু সকলো পন্থাৰ আবেগক সন্মান জনোৱা ভুমি অসমত  যদি বিজেপি নেতৃত্বৰ চৰকাৰে গোহত্যাৰ বিৰুদ্ধে বিধান সভাত বিল উত্থাপন কৰে তেন্তে অসমীয়া সমাজে আকোঁৱালি লব , যদিও বিধান সভাত কি পৰিবেশ সৃষ্টি হয় সেয়া লক্ষণীয় হ’ব ।এআইইউদিএফ দলৰ পৰা বিধায়কৰ সিংহভাগেই তীক্ষ্ণ বু্দ্ধি সম্পন্ন । মিঞা কবিতাৰ স্ৰষ্টাৰ পৰা আৰম্ভ কৰি এন আৰ চিত চৰকাৰৰ বিভাগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰা সুবক্তা আৰু আইনৰ ছাত্ৰ দ্বাৰা সু সংগঠিত বিধায়ক মণ্ডলী । আনহাতে চৰকাৰী পক্ষত মুখ্যমন্ত্ৰীক বাদ দি জয়ন্ত মল্ল বৰুৱা , ভুৱন পেগুৰ দৰে খুব কম সংখ্যক বিধায়কৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগিব বিজেপি মিত্ৰজোঁট ।