মোদী মন্ত্রীসভাত অন্তৰ্ভুক্ত হ’ব কোন?

1194

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ মোদী কেবিনেটত অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত। মোদীয়ে ইতিমধ্যে সোণোৱালক সাক্ষাতো দিছে। ৩০ জুনত মোদী মন্ত্রীসভাৰ এখন বৈঠক হ’ব যত বিদায়ী মন্ত্রীসকলক প্ৰধানমন্ত্রীয়ে ধন্যবাদ জনাব। মোদী মন্ত্রিসভাৰ বৰ্তমান সদস্যৰ সংখ্যা ৫৯ জন। সাংবিধানিক নিয়ম অনুসৰি আৰু ২২জন সদস্যক প্ৰধানমন্ত্রীয়ে মন্ত্রীসভাত নিযুক্ত কৰিব পাৰে। প্ৰাপ্ত তথ্য অনুসৰি ভাল প্ৰদৰ্শন কৰিব নোৱাৰা প্ৰায় ৬-৭ জন মন্ত্রীক মন্ত্রীসভাৰ পৰা অপসাৰণ কৰা হ’ব। নতুনকৈ অন্তৰ্ভুক্ত হ’ব ১২ পৰা ১৫ জন নতুন মুখ। সৰ্বানন্দ সোণোৱালৰ লগতে মধ্যপ্ৰদেশৰ প্ৰাক্তন কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰো মোদী কেবিনেটত স্থান নিশ্চিত। সিন্ধিয়াৰ লগতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী শিৱৰাজ চৌহানকো কেন্দ্ৰলৈ আহিবলৈ অনুৰোধ কৰিছে মোদীয়ে। চৌহানৰ অভিজ্ঞতাক কামক খতুৱাব বিচাৰিছে মোদীয়ে। পিছে সকলো নিৰ্ভৰ কৰিব চৌহানৰ ইচ্ছাৰ ওপৰত। উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰা কেইবাজনো নতুন মন্ত্রী লোৱা হ’ব। আপনা দলৰ অনুপ্ৰিয়া পেটেলৰ সম্ভাবনা উজ্জ্বল। লগতে এজন শক্তিশালী ব্ৰাহ্মন চেহেৰাৰ সন্ধানত আছে বিজেপি। বিহাৰৰ প্ৰাক্তণ উপ মুখ্যমন্ত্রী সুশীল মোদীৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ভূপেন্দ্ৰ যাদবে মন্ত্রীসভাত স্থান লাভ কৰাটো নিশ্চিত হৈছে। জনতা দল ( ইউনাইটেদ) ৰ পৰাও দুটা নাম পথাবলৈ নিতিশ কুমাৰক মোদীয়ে অনুৰোধ কৰিছে। মন্ত্রীত্বৰ দৌৰত আগবাঢ়ি আছে ৰাজীব ৰঞ্জন , চি.পি সিং। কিছুদিন আগতে চিৰাগ পাছোৱানৰ লগত কাজিয়া কৰি দলটোক দুফাল কৰা প্ৰয়াত ৰামবিলাস পাছোৱানৰ ভাতৃ পশুপতি পাৰশক মন্ত্রী বনোৱা হ’ব। আন কেইটামান বিজেপিৰ জ্যেষ্ঠ নেতা যাক মন্ত্রীত্ব দিয়াৰ কথা চলি আছে তেওঁলোক হ’ল বৈজয়ন্ত পাণ্ডা, বৰুণ গান্ধী, কৈলাশ বিজয়বৰ্গ, চৈয়দ জাফৰ ইছলাম, নাৰায়ণ ৰাণে, প্ৰীতম মুণ্ডে, দেৱন্দ্ৰ ফাৰ্ণাভিছ, পংকজ চৌধুৰী, অনিল জৈন, দীনেশ ত্ৰিবেদী, মিনাক্ষী লেখী আৰু ৰাজীৱ চন্দ্ৰশেখৰ। দুই এদিনতে পৰিস্কাৰ হ’ব ইয়াৰ ভিতৰত কাৰ কাৰ ভাগ্য উদয় হয়।