লুপ্তপ্ৰায় মোদী বতাহ বনাম দুৰ্বল বিৰোধী

956

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


২০২৪চনত মোদীক ৰূধিবলৈ মহাৰাষ্ট্ৰৰ শক্তিশালী নেতা শৰদ পাৱাৰে কুছ কাৱাজ আৰম্ভ কৰিছে। মাষ্টাৰ ষ্ট্ৰেটেজিষ্ট প্ৰশান্ত কিশোৰৰ মন্ত্রণাৰ পিছত বিৰোধী দলৰ নেতাসকলৰ লগত তেওঁ বৈঠক আৰম্ভ কৰিছে। তৃণমূল , আপ, সমাজবাদী আদি দল পাৱাৰৰ সভালৈ আহিছিল যদিও কংগ্ৰেছে ইয়াত যোগদান নকৰিলে। ৰাহুল গান্ধীৰ পৰিবৰ্তে আন কোনো নেতাক কংগ্ৰেছে মোদীৰ বিকল্প হিচাপে গুৰুত্ব দিব বিচৰা নাই। আনফালে শৰদ পাৱাৰ তথা সভাত উপস্থিত থকা আন দলবোৰেও বুজি পাইছে যে ৰাহুল গান্ধীৰ দ্বাৰা মোদীক পৰাজিত কৰা সম্ভব নহয়। কোনো শক্তিশালী বিকল্প চেহেৰা অবিহনে ২০২৪ত মোদীৰ তৃতীয় বিজয় অবধাৰিত। বংগত মমতা, ওৰিষ্যাত নবীনৰ লগতে দক্ষিণৰ কেৰেলা, তামিলনাডু আৰু অন্ধ্ৰত বিজেপিৰ ফলাফল বেয়া হলেও উত্তৰ, মধ্য, পশ্চিম আৰু উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যত বিজেপিৰ তুলনাত কংগ্ৰেছ বহু পিছ পৰি আছে। আৰু ইয়াৰ ৰাজ্যকেইখনত ভাল প্ৰদৰ্শন কৰিলেই বিজেপিয়ে তৃতীয়বাৰৰ বাবে অকলে ২৭২ৰ সীমা অতিক্ৰম কৰিব পাৰিব। এই কথা প্ৰশান্ত কিশোৰ তথা শৰদ পাৱাৰে ভালদৰে বুজি পায়। সেইবাবে তেওঁলোকে এনে কিছুমান পৰিকল্পনা কৰিছে যাৰ দ্বাৰা মোদীক পৰাজিত কৰা যায়। তাৰ প্ৰথম পদক্ষেপ ৰূপে বিৰোধী দল বিলাকৰ সভা অনুষ্ঠিত হৈছে। আমি পোৱা খৱৰ অনুসৰি প্ৰশান্ত কিশোৰে সকলো দলকে একত্রিত হৈ এজন উমৈহতিয়া প্ৰধানমন্ত্রীৰ নাম ঘোষণা কৰাৰ প্ৰস্তাব আগবঢ়াইছে। প্ৰধানমন্ত্রীৰ নাম ঘোষণা হোৱাৰ পিছতে প্ৰশান্ত কিশোৰে আসন ভাগ বটোৱাৰা আৰু আন আন ৰণ কৌশল যুগুত কৰিব। প্ৰধানমন্ত্রীৰ বাবে প্ৰশান্তৰ নজৰত আছে কেইটামান নাম যাৰ ভিতৰত আছে মমতা বেনাৰ্জী, শৰদ পাৱাৰ আৰু অৰবিন্দ কেজৰিবাল। প্ৰশান্তে স্পষ্ট ভাবে জনাই দিছে যে প্ৰধানমন্ত্রীৰ নাম আগতীয়াকৈ ঘোষণা নকৰিলে নিৰ্বাচনত জয়ী হোৱাৰ উপায় নাই। কংগ্ৰেছ দলকো সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। প্ৰশান্তৰ মতে প্ৰধানমন্ত্রীৰ নাম ঘোষণা কৰাৰ পিছত তেওঁক কমেও এক- ডেৰ বছৰ সময় লাগিব ৰাইজৰ মাজত গ্ৰহণযোগ্যতা আনিবলৈ। তাৰমানে ২০২২ চনৰ মাজভাগলৈ  নাম চুৰান্ত কৰিবই লাগিব। কিন্তু সমস্যাটো হৈছে কংগ্ৰেছৰ লগত। প্ৰধান বিৰোধী দল কংগ্ৰেছে কোনোপধ্যে আন দলৰ পৰা প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থীৰ বাবে মান্তি হোৱা নাই। কংগ্ৰেছে এতিয়াও আশা কৰি আছে যে বিজেপিৰ প্ৰতি এদিন ৰাইজৰ মোহভংগ হ’ব আৰু স্বাভাবিকতে লোকসভাৰ দ্বিতীয় বৃহৎ দল হিচাপে কংগ্ৰেছে সুযোগ পাব। ইয়াকে লৈ কিছু বিপাংত পৰিছে পাৱাৰ। কংগ্ৰেছ অবিহনে বহুতো ৰাজ্যত নতুন জোঁট শক্তিশালী নহ’ব। এতিয়া লক্ষণীয় হ’ব পাৱাৰ আৰু প্ৰশান্ত কিশোৰ কংগ্ৰেছ অবিহনে আগুৱাই যায় নে কিবা নতুন যোজনা বনায়।