অজিত ভুঞাক সমালোচনা কৰি কি পাব বা কি হেৰুৱাব ?

1534
  • ৰাজ কাকতি

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অজিত ভুঞাৰ আজিকালি খং উঠে । সাংবাদিকক গালি পাৰে ।  নতুন প্ৰজন্মৰ সাংবাদিকক সংবাদ মেলৰ মাজতে ৰঙা চকু দেখুওৱা অজিত ভুঞা এতিয়া এজন সাংসদ । কথা কথাই দিল্লীৰ শোষণ , নিৰ্যাতন আদি শব্দৰ দ্বাৰা বাতৰি কাকত গৰম কৰা এইজন প্ৰতিষ্ঠিত সাংবাদিকেই ভাৰতীয় গণতন্ত্ৰক ফেচিষ্ট আখ্যা দিছিল । হিতেশ্বৰ শইকীয়াক কাগজৰ বাঘ বুলি ইতিকিং কৰা অজিত ভুঞা আজিৰ সময়ত কংগ্ৰেছৰ সমৰ্থনত ৰাজ্যসভাৰ সাংসদ হ’ল । ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ দিল্লীত শপত গ্ৰহণ ল’লে নে ক’ত ল’লে সেই খৱৰ হয়টো আশী- নব্বৈ দশকত শ্বহীদ হোৱা ডেকা তেজৰ আত্মাসমুহে লৈছে । এসময়ত জাতীয়তাবাদক বিচ্ছিন্নতাবাদলৈ ৰূপান্তৰ কৰা সাংবাদিকজনে আজি লগ হৈছে বদৰুদ্দিন আজমলৰ লগত । যদিও কংগ্ৰেছ , বামপন্থী , এআইইউদিএফৰ সমৰ্থনত সাংসদ হৈছে , তথাপি তেওঁ নিজাকৈ ৰাজনৈতিক দল এটা গঠন কৰিছে । নিৰ্ভেজাল জাতীয়তাবাদী চিন্তাৰ উত্তোৰণ তেওঁৰ দলৰ প্ৰধান উদ্দেশ্য বুলি ব্যক্ত কৰিছে । নাগৰিকত্ব সংশোধনী আইনে অসমীয়া ভাষাক নিশেষ: কৰিব বুলি তেওঁ বদৰুদ্দিন আজমলক আপোন কৰি লৈছে । অজিত ভুঞাৰ পুৰ্বতে অসম সাহিত্য সভাইও আজমলক বৰপীৰা পাৰি দিছে । কেবখন বিৰোধ কৰি বদৰুদ্দিন আজমল এতিয়া অসম সাহিত্য সভা আৰু বিভিন্ন জাতীয়তাবাদী সংগঠনৰ চকুৰ মনি । ২০২১ চনৰ বিধানসভাত চকুৰ মনিটোক শিৰত স্থান দিবলৈ অজিত ভুঞা  নিযুক্ত হৈছে । অজিত ভুঞাই বদৰুদ্দিন আজমলক ইমৰাণ শ্বাহ , চৈয়দ আব্দুল মালিকৰ লগত তুলনা কৰা বিষয়টোক লৈ বিজেপি আৰু একাংশ দল সংগঠনে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে । এই ক্ষেত্ৰত আছু বা আন জাতীয়তাবাদী দলসমুহেও প্ৰতিবাদ কৰিছে । অজিত ভুঞাক সমালোচনা কৰি কি পাব বা কি হেৰুৱাব ? তেওঁ যিদিনাই তৰুণ গগৈ , বদৰুদ্দিন আজমল , হেমেন দাসক লগত লৈ সাংসদ হ’ল সিদিনাই বুজিব লাগিছিল অসমৰ ৰাইজে যে অনাগত দিনত কি হ’বলৈ গৈ আছে ।২০১৯ ৰ সেই সময়ছোৱাত অজিত ভুঞা আছিল এটা ব্যক্তিগত নিউজ চেনেলৰ মুল ব্যক্তি । এতিয়া সেই একেটা চেনেলৰ মুখ্য ব্যক্তি প্ৰশান্ত ৰাজগুৰুৱে সভা সমিতিত মিঞা জনগোষ্ঠী বুলি এটা জনগোষ্ঠীক চিনাক্ত কৰি অসম ৰক্ষাৰ লগত মিঞাৰ কি অৱদান সেই কথা বাখ্যা কৰে । সেই একেটা চেনেলৰ ভগ্নী চেনেলত প্ৰচাৰ হয় আৰৱীয় সংস্কৃতিক প্ৰচাৰ কৰা ধাৰাবাহিক বেগমজান । অসমীয়া মুছলমান সমাজক বিপথে পৰিচালিত কৰিবলৈ অপ্ৰাণ চেষ্টাত ব্ৰতি এইসকল ।  অজিত ভুঞাৰ প্ৰাসংগিকতা বৰ্তমান এটাই । বংগীয় মুছলমানৰ ভোট কংগ্ৰেছ আৰু আজমলৰ মাজত বিভাজন নোহোৱা পৰিবেশ সৃষ্টি কৰি উজনিত জাতীয়তাবাদী ভোটাৰৰ ভোট নষ্ট কৰাটো হৈছে তেওঁৰ প্ৰধান লক্ষ্য । তীক্ষ্ণ বুদ্ধিৰ বুদ্ধিজীবীজনৰ কাৰণে কিন্তু এই উদ্দেশ্য কিছু পৰিমাণে সফল কৰাটো অতি সহজ কাম বুলি বিবেচিত হৈছে । কাৰণ নিৰ্বাচনৰ সময়ত অজিত ভুঞাৰ নিয়ন্ত্ৰণত থাকিব এটা বিশেষ নিউজ চেনেল ।