সাম্প্ৰদায়িক সম্প্ৰীতিৰ হেঙাৰ লাভ জেহাদ ……

1287
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


নিকিতা তোমৰ নামৰ যুৱতীক প্ৰথমে জোৰ কৰি গাড়ীত তোলাৰ চেষ্টা বিফল হোৱাৰ পিছত গুলীয়াই হত্যা কৰা হয়। ঘটনাটো হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ  বল্লভগড়ত সংঘটিত হয়। কলেজীয়া ছাত্ৰী গৰাকীক চিকিৎসালয়লৈ  নিয়া হৈছিল মৃত্যু ৰোধ কৰিব পৰা নগল। ইয়াৰ পিছতে চিচিটিভি ফুটেজৰ পৰা মূল অভিযুক্ত তৌসিফক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পৰিয়ালৰ দাবী লাভ জেহাদৰ বলি হৈছিল  নিকিতা। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবেই গুলী কৰি হত্যা কৰিছে তৌসিফে । স্থানীয় বাসিন্দাই প্ৰতিবাদত ফৰিদাবাদ মথুৰাৰ পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে।ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী দল  ( SIT)গঠন কৰি  তদন্তৰ নিৰ্দেশ দিছে হাৰিয়ানা চৰকাৰে  । চিচিটিভিৰ ফুটেজত দেখা অনুসৰি, মৃত নিকিতাই  অন্য এগৰাকী যুৱতীৰ লগত ৰাস্তাৰে গৈ আছিল। সেই সময়তে দুজন যুৱক গাড়ীৰ পৰা নামে আৰু এগৰাকীক জোৰ কৰি  গাড়ীত তোলাৰ চেষ্টা চলায়।  যুৱতীগৰাকীয়ে পলাবলৈ বহু চেষ্টা কৰে ।  আনহাতে, অলপ পিছতে যুৱকজনে গুলী কৰি দিয়াৰ দৃশ্য দেখিবলৈ পোৱা যায় ফুটেজ টোত । লগে লগে ঘটনাস্থলীতে বাগৰি পৰে নিকিতা । ঘটনা সংঘটিত কৰি যুৱক দুজন দৌৰি গাড়ীত উঠি পলায় । এই সন্দৰ্ভত আৰক্ষীয়ে জনায় যে, পৰীক্ষা দিবলৈ কলেজলৈ  গৈছিল নিকিতা । তাৰ পৰা উভতি অহাৰ পথতে সংঘটিত হয় ঘটনাটো।
লাভ জেহাদৰ বিৰুদ্ধে গোটেই ভাৰত বৰ্ষত ৰাজনৈতিক দল বিজেপি আৰু হিন্দুত্ববাদী সংগঠনসমুহে মাত মাতি আহিছে । অলপতে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ জেহাদিৰ বিপক্ষে তীব্ৰ বাক্যবান কৰিছে আৰু লগতে অহবাৰ পুনৰ যদি বিজেপি চৰকাৰ অসমত গঠন হয় তেন্তে লাভ জেহাদিক কঠোৰ শাস্তি দিয়া আইন প্ৰনয়ণ কৰিব বুলি হুংকাৰ দিছে । কিন্তু সমান্তৰাল ভাবে কংগ্ৰেছ আৰু বাওঁপন্থী দল সমুহে লাভ জেহাদৰ প্ৰসংগটোক অবাস্তৱ আৰু ৰাজনৈতিক ভাবে উদ্দেশ্য প্ৰণোদিত বুলিহে দাবী কৰে । লাভ জেহাদ কি ? ইংৰাজী শব্দ লাভ মানে প্ৰেম আৰু আৰৱি শব্দ জেহাদৰ অসমীয়া সমাৰ্থক শব্দ হ’ব পাৰে ধৰ্ম যুদ্ধ । ধৰ্ম যুদ্ধৰ লগত প্ৰেমৰ কি সম্পৰ্ক ? হিন্দুত্ববাদী দল সংগঠনে দাবী কৰা মতে দাৰুল ইছলাম ( সংখ্যাগৰিষ্ঠ ইছলাম ৰাষ্ট্ৰ)  প্ৰতিষ্ঠা কৰিবলৈ আন ধৰ্মৰ মানুহক ইছলামলৈ ধৰ্মান্তৰ কৰাটো হৈছে লাভ জেহাদৰ মুখ্য কাম । পৰিচয় গোপন ৰাখি বা ভুৱা পৰিচয়ৰে আন ধৰ্মৰ নাৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি নিকাহ কৰাটো হৈছে দুষ্কাৰ্যৰ মুল উপাদান ।  হিন্দুত্ববাদী সংগঠন সমুহে দাবী কৰা লাভ জেহাদে হিন্দু সমাজকেই ক্ষতি কৰা নাই । এই বিচাৰধাৰাই ক্ষতি কৰিছে মুছলমান সমাজকো । দুয়োটা গোষ্ঠীৰ মাজত অবিশ্বাসৰ বীজ ৰোপন কৰাত লাভ জেহাদে বিশেষ ভুমিকা লোৱা বুলি  দুয়োখন সমাজৰ ধাৰ্মিক ব্যক্তিসকলে ধাৰণা । আইন শৃংখলা , সম্প্ৰীতি – সদভাব , শান্তি – উন্নয়নত  লাভ জেহাদ হেঙাৰ হৈ থিয় দিয়াৰ আগতেই হিন্দু – মুছলমান উভয় পক্ষৰ ধাৰ্মিক ব্যক্তিসকলে চিন্তা কৰাৰ সময় আহি পৰিছে ।