অভিভাষী মুছলমানে পাব খিলঞ্জীয়াৰ ৰক্ষাকবচ

1376
  • ৰজত বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ সাহিত্য সমাজে মিঞা কবিতা আৰু মিঞা ভাষা শীৰ্ষক বিষয়বোৰক অসমীয়া ভাষা সাহিত্যৰ অংগ বুলি স্বীকৃতি দি থকা সময়তে অল ইণ্ডিয়া জমিয়ত উলেমা ই হিন্দে প্ৰকাশ কৰিছিল অসম শীৰ্ষক এটা নিবন্ধ । জমিয়তে প্ৰতিবছৰে প্ৰকাশ কৰা পুস্তিকাখনৰ অসম সম্পৰ্কীয় অনুচ্ছেদত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপন কৰা কথাটো অসমৰ ৰাষ্ট্ৰবাদী জনগণৰ চকুত পৰা নাছিল । সেই একে মানুহখিনিয়ে কিন্তু বদৰুদ্দিন আজমলৰ লগ লাগি কেব আন্দোলন কৰিলে । কেব আন্দোলন সমাপ্ত হোৱাৰ পিছত ‘ কা ‘ ৰ দোহাই দি নতুন নতুন জাতীয়তাবাদী শ্লোগান দিয়া জন্ম হ’ল আৰু একে সময়তে ‘কেব’ ক দোহাই দি কংগ্ৰেছ আৰু আজমলৰ দলে মুক্ত মিত্ৰতা কৰিলে । কংগ্ৰেছ আৰু আজমলৰ মিত্ৰতা নতুন নহয় । বদৰুদ্দিন আজমলে নিজৰ দলৰ এজন সাংসদক বলিদান কৰিও কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছিল ২০১৯ ৰ লোকসভা নিৰ্বাচনত । প্ৰদ্যুত বৰদলৈ আৰু গৌৰৱ গগৈয়ে এতিয়া এআইইউডিএফৰ ভাষাৰে ভাষণ দিয়ে । ৰিপুন বৰাই শ্বেৰমান আলীক সমালোচনা কৰিব নোৱাৰে একমাত্ৰ ভোটৰ আশাত । সাংবাদিক , শিক্ষাবিদে ‘ মিঞা ভাষী ‘ বুলি গোষ্ঠী এটাক অসমীয়া ভাষাৰ একমাত্ৰ প্ৰহৰী পাতিলে । এই একেখিনি সাংবাদিকে আশী আৰু নব্বৈৰ দশকত অসমীয়া ভাষীক সুকীয়া পৰিচয় দি একাংশ তেজাল যুবকক ভাৰতৰ বিৰুদ্ধে থিয় কৰাইছিল । অসমত শ্বেৰমান , অজিত ভুঞা, প্ৰশান্ত ৰাজগুৰু , গৌৰৱ গগৈ , প্ৰদ্যুত বৰদলৈ আদি জনপ্ৰিয় ব্যক্তিসকলে অসমীয়া নতুন তত্ত্ব সৃষ্টি কৰি প্ৰচাৰ চলাই থকাৰ সমান্তৰাল ভাবে  জমিয়তে নিৰ্ধাৰণ কৰি দিয়া খিলঞ্জীয়া সংজ্ঞাক মান্যতা প্ৰদান কৰি অসমত অসমীয়াৰ প্ৰভুত্ত্ব বিস্তাৰ কৰিব গৈ আছে একাংশ দল সংগঠনে । পুনৰ আহিছো জমিয়তৰ সুত্ৰলৈ । জমিয়তৰ সুত্ৰমতে অভিভাষী মুছলমান সমাজ হৈছে প্ৰকৃত আৰু প্ৰথম ভুমিপুত্ৰ অসমৰ । দ্ৰাবিড় মুলৰ এই গোষ্ঠীটোৱে  বাৰ্মিজ আৰু তীব্বতৰ মংগোলীয়সকলৰ আক্ৰমণৰ বলি হৈ বৰ্তমানৰ বাংলাদেশৰ অঞ্চলটোলৈ পলায় গৈছিল । দ্ৰাবিড় মুলৰ জনগোষ্ঠীটোৱে প্ৰাগজ্যোতিষপুৰ ত্যাগ কৰাৰ পিছত আন আন জনগোষ্ঠীসকলে বৰ্তমানৰ অসম ভুখণ্ডলৈ প্ৰব্ৰজন কৰে ।  ইংৰাজ উপনিবেশৰ সময়ত অসমলৈ  ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জাতি – গোষ্ঠীৰ লোকৰ প্ৰব্ৰজন আৰম্ভ হৈছিল । ফলত খাদ্য – শস্যৰ চাহিদা পুৰণ কৰাৰ বাবে বৃটিছে আমদানি কৰে অসম ভুখণ্ডৰ আদি জনগোষ্ঠীটোক । সেইমৰ্মেই অধিক খাদ্য উৎপাদনৰ লক্ষ্য আগতলৈ পুনৰ স্বভুমিলৈ অভিভাষী মুছলমানসকল ঘুৰি আহে ।  অগপৰ আমোলৰ মন্ত্ৰী , প্ৰাক্তন কংগ্ৰেছী আব্দুল মুহিব মজুমদাৰৰ ডাউন দ্যা মেমোৰিলেন গ্ৰন্থখনৰ উদ্ধৃতি দিয় জমিয়তে’  অসম চুক্তি ‘  আখৰে আখৰে পালন হোৱাটো বিচাৰে । এতিয়া অসম চুক্তিক দোঁহাই দি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধ কৰা জমিয়ত নেতা তথা সাংসদ বদৰুদ্দিন আজমলে মুক্ত মিত্ৰতা কৰিছে কংগ্ৰেছৰ লগত । আচলতে নিষ্ঠা সহকাৰে অসমক ভালপোৱা জনতাৰ অধিকাংশৰ হাতত নাই আচল তথ্য । বিপ্লৱ শৰ্মা পৰামৰ্শ কমিটিক বহু দল সংগঠন , সাধাৰণ ৰাইজে পৰামৰ্শ আগবঢ়াইছে । অধিকাংশ দল আৰু ব্যক্তিৰ সামাজিক মাধ্যমত দিয়া বক্তব্যই প্ৰমানিত কৰিলে যে খিলঞ্জিয়াৰ ৰক্ষাকবচ আমাক লাগে আৰু খিলঞ্জীয়াৰ সংযা হ’ব লাগে ১৯৫১ চনৰ ভিত্তিত ।
গৰিয়া , মৰিয়াৰ লগতে খুব কমসংখ্যক ব্যক্তি আৰু কিছু হিন্দু সংগঠনৰ মুখতহে শুনা যায় যে খিলঞ্জীয়া নিৰ্ধাৰণ চন -তাৰিখৰ ভিত্তিত হ’ব নালাগে । কিন্তু খিলঞ্জীয়া নিৰ্ধাৰণৰ নীতি কি হ’ব লাগে সেই কথা স্পষ্ট হ’ল অক্টোবৰ মাহত শ্বেৰমান আলিয়ে কৰা এটা ফেচবুক লাইভত । উক্ত লাইভত তেওঁ কৈছে যে পুৰ্ব বংগীয় মুছলমানেই অবৈধ নাগৰিক নহয় আৰু তেওঁৰ সমষ্টিৰ প্ৰায় ৯০% মানুহৰ ওচৰত ১৯৫১ চনৰ নথি আছে ।