তৰুণ গগৈ কেনে আছে?

1521
  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


প্ৰায় ২০-২৫ বছৰ কাল অসমৰ ৰাজনীতিত দপ দপাই থকা প্ৰাক্তন মুখ্যমন্ত্রী  তৰুণ গগৈ ডাঙৰীয়া এতিয়া অসুস্থ। বহুদিন হাস্পতালত থকাৰ পিছত কিছুদিন আগত তেখেতক discharge কৰা হৈছে। যি সময়ত ২০২১ৰ নিৰ্বাচনী যুঁজ আৰম্ভ হৈছে সেই সময়ত অসমৰ বৰ্ষীয়ান নেতাজন ৰাজনৈতিক দৃশ্যপটত নাই। মিঞা মিউজিয়াম, মোগোল, শৰাইঘাট আদিৰ প্ৰসংগই অসমৰ আকাশ বতাহ গৰম কৰি ৰাখিছে। কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলিছে আক্ৰমণ প্ৰত্যাক্ৰমণ। কংগ্ৰেছৰ হৈ ৰিপুণ বৰা প্ৰমুখ্যে অনেক নেতাই দলৰ সমৰ্থনত বক্তব্য আগবঢ়াইছে। কিন্তু তৰুণ গগৈ ডাঙৰীয়াৰ কথাই আছিল সুকীয়া। নিজৰ হট ডাইলগেৰে সকলোকে মন্ত্রমুগ্ধ কৰি ৰখা গগৈদেৱৰ অভাব আমি অনুভব কৰিছো আজিৰ দিনত। বৰ্তমানে চলি থকা প্ৰসংগবোৰৰ ওপৰত তেখেতে কি মন্তব্য আগবঢ়ালেহেতেন সেয়া জনাৰ উৎসুকতা হয়তো আমাৰ দৰে বহু লোকৰে আছিল।
তৰুণ গগৈ দেৱৰ সৈতে আমাৰ প্ৰথম দেখা হৈছিল ২০১৮ চনত। “ৰাজনীতি অসম”ৰ হৈ সাক্ষাৎকাৰ লোৱাৰ বাবে আমি উপস্থিত হৈছিলো তেখেতৰ কইনাধৰাৰ বাসগৃহত। প্ৰায় ১ ঘন্টা ধৰি চলা সাক্ষাৎকাৰটোত তেখেতে আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিছিল কোনো লুক ধান নকৰাকৈ। আমাৰ বহুতো কঠিন প্ৰশ্নৰ সন্মুখিন হৈও অলপো বিব্ৰত হোৱা নাছিল তেখেত। মাজে মাজে হাস্যৰসেৰে আমাক আমোদো দিছিল। সেয়া আছিল এক পাহৰিব নোৱাৰা অভিজ্ঞতা।
এই চেগতে আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিলো। তেখেতে নিজৰ ১৫ বছৰীয়া মুখ্যমন্ত্রীত্বৰ কালত অসমৰ হৈ বহু কাম কৰিলে। আমি আশাকৰো অতি সোনকালে তেখেত সুস্হ হৈ পুনৰ অসমৰ ৰাজনীতিত নিজৰ আধিপত্য বিস্তাৰ কৰক।