অ’পিনিয়ন প’লঃ ২০২১ত কোনে পাব কিমান আসন?

1565
২০২১ অসম বিধানসভা নিৰ্বাচনলৈ মাজত ৬ মাহ থকা সময়ত মুখ্যত তিনিটা প্ৰধান মহাজোঁটৰ মাজত যুঁজ খন সীমাবদ্ধ থাকিব যেন অনুমান হয়। বিজেপি,অগপ আৰু বিপিএফ( বা ইউ পি পি এল) ক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ মহাজোঁটে। ৰাজ্যত ভুমুকি মাৰিছে বহু কেইটা আঞ্চলিক দলে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এনে বহুকেইটা আঞ্চলিক দলে কোনো এটা মিত্রজোঁটৰ আশ্ৰয় লোৱাৰ সম্ভাবনীয়তা নুই কৰিব নোৱাৰি। আছুৰ পৰা জন্ম হোৱা অসম জাতীয় পৰিষদে ঘোষণা কৰিছে যে তেওঁলোক বিজেপি ,কংগ্ৰেছ দুয়োটা দলৰ পৰা সম দুৰত্বত থাকিব। এনে অবস্হাত অনাগত নিৰ্বাচন বিজেপি, কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ মিত্রজোঁটৰ মাজতে সীমাবদ্ধ থাকিব। আমাৰ প্ৰশ্ন হ’ল ২০২১ নিৰ্বাচনত এই তিনিটা মিত্রজোঁটে কিমান আসন পাব?আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২০ অক্টোবৰ ২০২০।